< ইসাইয়া 20 >
1 ১ সেই বছৰত অচূৰৰ ৰজা চৰ্গোনে যেতিয়া তৰ্ত্তনক পঠালে, তেতিয়া তৰ্ত্তন অচ্দোদ নগৰলৈ আহিল; আৰু অচদোদৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে।
I det Aar Tartan kom til Asdod, dengang Assyrerkongen Sargon sendte ham og han angreb Asdod og indtog det,
2 ২ সেই সময়ত যিহোৱাই আমোচৰ পুত্ৰ যিচয়াৰ দ্বাৰাই কথা ক’লে, “যোৱা তোমাৰ কঁকালৰ পৰা চট কাপোৰ গুচুউৱা, আৰু তোমাৰ ভৰিৰ জোতা সোলোকোৱা।” তাতে তেওঁ সেইদৰেই কৰি উদং গাৰে আৰু শুদা ভৰিৰে খোজ কাঢ়িলে।
paa den Tid talede HERREN ved Esajas, Amoz's Søn, saaledes: »Gaa hen og løs Sørgeklædet af dine Lænder og drag Skoene af dine Fødder!« Og han gjorde saaledes og gik nøgen og barfodet.
3 ৩ যিহোৱাই ক’লে, “মোৰ দাসৰ দৰে যিচয়াই মিচৰ আৰু কুচৰ বিষয়ে এক চিন আৰু অদ্ভুত লক্ষণস্বৰূপে উদং গাৰে আৰু শুদা ভৰিৰে তিনিবছৰলৈকে খোজ কাঢ়িলে,
Saa sagde HERREN: »Som min Tjener Esajas i trende Aar har vandret nøgen og barfodet som Tegn og Varsel mod Ægypten og Ætiopien,
4 ৪ এই দৰে অচূৰৰ ৰজাই বন্দি কৰা মিচৰীয়া লোকসকলক লৈ যাব, আৰু কুচ দেশৰ বহিষ্কৃত লোকসকল যুবক আৰু বুঢ়া, উদং আৰু খালী ভৰি, আৰু অনাবৃত টিকাৰে, মিচৰৰ লাজৰ বাবে লৈ যাব।
saaledes skal Assyrerkongen slæbe fangne Ægyptere og bortførte Ætiopere med sig, unge og gamle, nøgne og barfodede, med blottet Bag til Skændsel for Ægypten.«
5 ৫ কুচদেশ তেওঁলোকৰ আশা আৰু মিচৰ দেশ তেওঁলোকৰ গৌৰৱ সেই কাৰণে তেওঁলোক আতঙ্কিত আৰু লজ্জিত হ’ব।
Da skal de forfærdes og blues over Ætiopien, som de saa hen til, og over Ægypten, som var deres Stolthed.
6 ৬ সেই দিনা সাগৰৰ তীৰৰ দেশ নিবাসীসকলে ক’ব, “বাস্তৱিকতে, অচূৰীয়া ৰজাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সহায়ৰ বাবে য’লৈ আমি পলাই গৈছিলোঁ, আমাৰ সেই আশাৰ এনে দশা; তেনেহ’লে আমি কেনেকৈ ৰক্ষা পাম?”
Og de, som bor paa denne Strand, skal paa hin Dag sige: »Se, saaledes gik det med den, vi saa hen til, til hvem vi tyede om Hjælp for at frelses fra Assyrerkongen; hvor skal da vi kunne undslippe!«