< ইসাইয়া 19 >
1 ১ মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মূৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।
१मिसराविषयी घोषणा. पाहा, परमेश्वर, वेगवान मेघावर स्वार होऊन मिसराकडे येत आहे; मिसराच्या मूर्ती त्याच्यापुढे थरथरतील आणि मिसऱ्यांचे हृदय आतल्या आत वितळेल.
2 ২ “মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।
२देव म्हणतो, मी मिसऱ्यांना मिसराविरूद्ध चिथावेल, ते माणसे आपल्या भावाविरूद्ध, आणि आपल्या शेजाऱ्याविरूद्ध; नगर नगराविरूद्ध आणि राज्य राज्याविरूद्ध लढेल.
3 ৩ মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।
३मिसराचा उत्साह त्याच्यामध्ये कमजोर होईल. मी त्यांचा सल्ला नष्ट करील, जरी ते मूर्तीना, मृत मनुष्याच्या आत्म्याला, व मांत्रिकाजवळ व भूतवैद्यांचा सल्ला शोधतील.
4 ৪ বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে, “মই মিচৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম, আৰু এজন পৰাক্রমী ৰজাই তেওঁলোকক শাসন কৰিব।”
४“मी मिसऱ्यांना एका कठोर धन्याच्या हातात देईन आणि एक सामर्थ्यवान राजा त्यांच्यावर राज्य करील. असे प्रभू सेनाधीश परमेश्वर म्हणतो.
5 ৫ সমুদ্রৰ পানী শুকাই যাব, আৰু নদী শুকাই খালী যাব।
५समुद्राचे पाणी पूर्ण कोरडे पडेल आणि नदी आटेल व रिक्त होईल.”
6 ৬ নদীবোৰ দুৰ্গন্ধযুক্ত হ’ব, আৰু মিচৰৰ নদীৰ পানী কমি শুকাই যাব; নল আৰু খাগড়ি নিৰ্জীব হ’ব।
६नद्यांना दुर्गंध येईल; मिसराचे प्रवाह कमी होतील आणि सुकून जातील. बोरू व लव्हाळे सुकून जातील
7 ৭ নীল নদীৰ ঘাট, আৰু নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ শুকাই ধূলিলৈ পৰিণত হ’ব, আৰু বতাহে উৰুৱাই লৈ যাব।
७नीलजवळचे बोरू, नीलच्या मुखाजवळची आणि नीलजवळ सर्व पेरलेली शेते सुकून जातील, धुळीत बदलतील आणि वाऱ्याने उडून जातील.
8 ৮ মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব, তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুঃখ কৰিব।
८कोळी विलाप आणि शोक करतील व जे सर्व नील नदीत गळ टाकणारे शोक करतील त्यासारखे जे पाण्यावर जाळी पसरतात ते दुःखीत होतील.
9 ৯ শণ সূতা ফনিওৱা কাম কৰাসকল আৰু বগা বস্ত্ৰ বোৱাসকল বিবৰ্ণ হ’ব।
९जे पिंजलेला ताग तयार करतात आणि जे पांढरे कापड विणतात ते निस्तेज होतील.
10 ১০ মিচৰীয়াৰ কাপোৰৰ কাম কৰা লোকসকলক ভগ্ন কৰা হ’ব; আৰু হাজিৰাত কাম কৰাসকলে মনত কষ্ট পাব।
१०मिसरचे वस्त्र कामगार चिरडले जातील; जे सर्व मोलासाठी काम करतात ते नाउमेद होतील.
11 ১১ চোৱনৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৰৌণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব। “মই জ্ঞানীলোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান,” এই বুলি ফৰৌণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক’ব পাৰা?
११सोअनाचे सरदार पूर्णपणे मूर्ख आहेत. फारोचे शहाणे सल्लागार बुद्धिहीन झाले आहेत. तुम्ही फारोला कसे म्हणू शकता, मी ज्ञानाचा मुलगा, प्राचीन काळच्या राजाचा मुलगा आहे?
12 ১২ তেনেহ’লে তোমালোকৰ জ্ঞানীলোক ক’ত? তেওঁলোকে তোমালোকক কওক, আৰু মিচৰৰ বিষয়ে বাহিনীসকলৰ যিহোৱাই কি পৰিকল্পনা কৰিছে, সেই বিষয়ে তেওঁলোকে জানক।
१२मग ते, तुझी सुज्ञ माणसे कोठे आहेत? तर आता त्यांनी तुला सांगावे आणि सेनाधीश परमेश्वराने मिसराबद्दल काय योजले आहे ते त्यांनी समजावे.
13 ১৩ চোৱনৰ ৰাজকুমাৰসকল মূৰ্খ হ’ল, নোফ নগৰৰ ৰাজকুমাৰ সকল প্ৰতাৰিত হ’ল; তেওঁলোকে মিচৰৰ জাতিবোৰৰ চুকৰ শিল স্বৰূপ, তেওঁলোকে মিচৰীয়াসকলক বিপথগামী কৰিলে।
१३सोअनाचे सरदार मूर्ख बनले आहेत, नोफाचे सरदार फसले आहेत; जे तिच्या गोत्राची कोनशिला असे आहेत त्यांनी मिसराला चुकीच्या मार्गाने नेले आहे.
14 ১৪ যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে,
१४परमेश्वराने त्यांच्यामध्ये विकृतीचा आत्मा मिसळला आहे आणि जसा मद्यपी आपल्या ओकारीत लटपटत चालतो तसे त्यांनी सर्व कामात जे तिने केले, मिसराला चुकीच्या मार्गाने नेले आहे.
15 ১৫ মূৰ বা নেগুৰ, খাজুৰ পাত বা খাগৰি তাত কোনো এজনে মিচৰৰ বাবে একো কৰিব নোৱাৰে।
१५तेथे मिसरासाठी डोके किंवा शेपूट, झावळ्याची फांदी किंवा लव्हाळा कोणीही एक काहीच करू शकत नाही.
16 ১৬ সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।
१६त्या दिवशी मिसरी बायकांसारखे होतील. ते थरथर कापतील आणि भयभीत होतील कारण सेनाधीश परमेश्वर आपला हात वर उंचावेल तो त्यांच्यावर उगारील.
17 ১৭ যিহূদা দেশ মিচৰীয়াসকলৰ আগত ত্ৰাসৰ কাৰণ হ’ব। মিচৰৰ বিৰুদ্ধে বাহিনীসকলৰ যিহোৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিব।
१७यहूदाची भूमी मिसराला लटपटविण्याचे कारण होईल. जेव्हा कोणीएक तिची आठवण त्यास करून देईल, ते घाबरतील, परमेश्वराने त्यांच्याविरुद्ध जी योजना आखली आहे त्यामुळे असे होईल.
18 ১৮ সেই দিনা কনানীয়া ভাষা কোৱা আৰু বাহিনীসকলৰ যিহোৱালৈ শপত খোৱা পাঁচখন নগৰ হ’ব। এই পাচঁখনৰ এখন সূৰ্যৰ নগৰ নামেৰে প্রখ্যাত হ’ব।
१८त्या दिवशी मिसर देशामध्ये पाच नगरे कनानाची भाषा बोलतील आणि ती सेनाधीश परमेश्वरापुढे एकनिष्ठतेची शपथ वाहतील. त्यातील एका नगरास सूर्याचे नगर म्हणतील.
19 ১৯ সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।
१९त्या दिवशी मिसर देशाच्या मध्ये परमेश्वरासाठी एक वेदी होईल आणि त्याच्या सीमेवर परमेश्वरासाठी एक दगडी स्तंभ होईल.
20 ২০ সেয়ে মিচৰ দেশত বাহিনীসকলৰ যিহোৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ’ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰী সকলৰ বাবে যিহোৱাৰ আগত কাতৰোক্তি কৰিব; তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্রানকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা পঠাব, আৰু তেওঁ তেওঁলোকক মুক্ত কৰিব।
२०ही मिसर देशात सेनाधीश परमेश्वराचे चिन्ह व साक्ष अशी होतील. कारण ते जुलूमामुळे परमेश्वराकडे जेव्हा आरोळी मारतील तेव्हा तो त्यांच्यासाठी एक तारणारा व संरक्षणकर्ता पाठवील, आणि तो त्यांना सोडवील.
21 ২১ যিহোৱা মিচৰত জনাজাত হ’ব, আৰু সেই দিনা মিচৰীয়াসকলে যিহোৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁৰ আৰাধনা কৰিব, আৰু যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰিব, আৰু সিদ্ধও কৰিব।
२१त्या काळी परमेश्वर मिसऱ्यांस ओळख करून देईल आणि मिसरी परमेश्वरास ओळखतील. ते यज्ञ व अर्पणासह उपासना करतील आणि बली अर्पण करतील. ते परमेश्वरास नवस करतील आणि तो पूर्ण करतील.
22 ২২ যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।
२२परमेश्वर मिसराला पीडील, पीडील व बरे ही करील. ते परमेश्वराकडे परत येतील; तो त्यांची प्रार्थना ऐकेल व त्यांना बरे करील.
23 ২৩ সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে আৰাধনা কৰিব।
२३त्या दिवसात मिसरातून अश्शूराकडे महामार्ग होईल आणि अश्शूरी मिसरात व मिसरी अश्शूरात येईल; आणि मिसरी अश्शूऱ्यांच्या बरोबर उपासना करतील.
24 ২৪ সেই দিনা মিচৰ আৰু অচূৰৰ সৈতে ইস্রায়েল তৃতীয় হৈ পৃথিৱীৰ মাজত আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
२४त्या दिवसात इस्राएल मिसराशी व अश्शूराशी मिळालेला असा तिसरा सोबती होईल; तो पृथ्वीच्यामध्ये आशीर्वाद होईल.
25 ২৫ বাহিনীসকলৰ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিব আৰু ক’ব, “মোৰ মিচৰীয়া লোকসকল, মোৰ হাতে কৰা কাৰ্য অচূৰ, আৰু মোৰ আধিপত্য ইস্ৰায়েল আশীৰ্ব্বাদপ্ৰাপ্ত হওক।”
२५सेनाधीश परमेश्वराने त्यांना आशीर्वाद दिला. मिसर माझे लोक व अश्शूर माझ्या हातचे कृत्य व इस्राएल माझे वतन आशीर्वादीत असो.