< ইসাইয়া 18 >
1 ১ হাঁয় হাঁয়, ইথপিয়া নদীৰ সিপাৰে থকা পখীৰ মৰ্মৰধ্বনি হোৱা দেশ,
La tragedia está llegando a la tierra de las alas giratorias que se encuentra a lo largo de los ríos de Etiopía,
2 ২ ৰাজদূতসকলক নলখাগড়িৰ জাহাজত সমূদ্রৰ বাটেদি পঠোৱা জন, যি দেশৰ লোকসকল বলিষ্ট আৰু ধুনীয়া, যি সকল আদিৰ পৰা এতিয়ালৈকে ভয়ানক, যি সকলৰ দেশ নদীবোৰেৰে বিভক্ত, সেই দেশলৈ বেগী দূতবোৰ যোৱা।
Ellos envían mensajeros río abajo en barcas de papiro. Veloces mensajeros, vayan y lleven un mensaje a un pueblo alto y de piel suave, a un pueblo temido por todos, a una nación muy poderosa de conquistadores, cuya tierra es arrastrada por los ríos.
3 ৩ হে পৃথিৱী নিবাসী, আৰু হে পৃথিৱীত থকা লোকসকল, যেতিয়া পৰ্ব্বতবোৰৰ ওপৰত নিচান তোলা হ’ব, তেতিয়া চাবা, আৰু যেতিয়া শিঙা বাজিব, তেতিয়া শুনিবা।
Todos los pueblos del mundo, todos los que viven en la tierra, verán cuando se levante un estandarte en los montes, oirán cuando suene una trompeta.
4 ৪ যিহোৱাই মোক কোৱা কথা এই, “নিৰ্মল আকাশৰ ৰ’দৰ দৰে, আৰু শস্য চপোৱা কালৰ গৰম নিয়ৰযুক্ত মেঘৰ দৰে, মই মোৰ গৃহৰ পৰা নিজমে নিৰীক্ষণ কৰিম।”
Porque esto es lo que me ha dicho el Señor: Observaré en silencio desde donde vivo, tranquilo como la bruma de calor a la luz del sol, tranquilo como una nube de niebla en el calor de la cosecha.
5 ৫ শষ্য চপোৱাৰ পূৰ্বে যি সময়ত ফুল সৰিল, আৰু ফুল পকা দ্রাক্ষাগুটিত পৰিণত হ’ল, এনে সময়ত তেওঁ কাঁইটবোৰ কটাৰীৰে কাটি পেলাব, আৰু সিঁচৰিত হৈ থকা ডালবোৰ কাটি দূৰ কৰিব।
Porque antes de la vendimia, después de que la flor se haya ido y se convierta en una uva sin madurar, él poda la vid con un cuchillo para quitarle los sarmientos y las ramas.
6 ৬ পৰ্বতৰ চৰাইবোৰৰ বাবে, আৰু পৃথিৱীৰ জন্তুবোৰৰ বাবে সেই সকলো পৰিত্যক্ত হ’ব; চৰাইবোৰে সেইবোৰৰ ওপৰত গ্রীষ্মকাল, আৰু পৃথিৱীৰ জন্তুবোৰে সেইবোৰৰ ওপৰত জাৰকাল তিবাহিত।
Todos ellos quedarán como carroña para las aves de rapiña de las montañas y para los animales salvajes. Las aves se las comerán en verano, y todos los animales salvajes en invierno.
7 ৭ সেই সময়ত দীৰ্ঘকায় আৰু নিমজ গাৰে লোকসকল আগৰে পৰা এতিয়ালৈকে ভয়ঙ্কৰ এক জাতি, নদীবোৰে দেশ বিভক্ত কৰা দুগুণ পৰাক্ৰমী আৰু মৰ্দ্দনকাৰী এটা দেশ উপহাৰস্বৰূপে বাহিনীসকলৰ যিহোৱাৰ ওচৰলৈ, বাহিনীসকলৰ যিহোৱাৰ নাম থকা ঠাই চিয়োন পৰ্ব্বতলৈ অনা হ’ব।
En aquel tiempo se traerá al Señor Todopoderoso un regalo de un pueblo alto y de piel suave, de un pueblo temido por todos, de una nación muy poderosa de conquistadores, cuya tierra es arrastrada por los ríos. Será llevado al Monte Sión, el lugar identificado con el Señor Todopoderoso.