< ইসাইয়া 17 >

1 দম্মেচক বিষয়ক ভাৰবাক্য। চোৱা, দম্মেচক আৰু নগৰ হৈ নাথাকিব; ই ধ্বংসৰ স্তূপ হ’ব।
Се, Дамаск возмется от градов и будет в падение.
2 অৰোয়েৰৰ নগৰবোৰ পৰিত্যক্ত হ’ব; সেইবোৰ মেৰ-ছাগৰ জাকৰ বাবে শোৱা ঠাই হ’ব; আৰু কোনোৱে সিহঁতক ভয় নকৰিব।
Оставлен в век, в ложе стадам и в покой, и не будет отгоняяй.
3 ইফ্ৰয়িমৰ পৰা শক্তিশালী নগৰবোৰ, দম্মেচকৰ পৰা ৰাজ্য, আৰু বাহিনীসকলৰ যিহোৱাই কৈছে, অৰামৰ অৱশিষ্ট ভাগ ইস্ৰায়েলৰ সন্তান সকলৰ গৌৰৱৰ সদৃশ হ’ব।
И ксему не будет укреплен, еже вбегнути тамо Ефрему: и ксему не будет царство в Дамасце, и останок Сирян погибнет: неси бо ты лучший от сынов Израилевых и славы их: сия глаголет Господь Саваоф.
4 সেই দিনা এই দৰে হ’ব যাকোবৰ গৌৰৱ অতি দুৰ্ব্বল হ’ব, আৰু তাৰ হৃষ্টপুষ্ট শৰীৰ ক্ষীণ হ’ব।
Будет в той день помрачение славы Иаковли, и тучная славы его потрясутся.
5 যি দৰে ধান দাওঁতে থিয় হৈ থকা শস্য গোটাই আৰু তেওঁৰ হাতেৰে থোকবোৰ কাটে, বা কোনোৱে ৰফায়ীম উপত্যকাত শস্যৰ থোকবোৰ সংগ্রহ কৰাৰ দৰে হ’ব।
И будет, якоже аще кто собирает жатву стоящую, и семя класов пожинает: и будет, якоже аще кто собирает класы в дебри Тверде.
6 তথাপি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “যেতিয়া জিত গছ জোকৰা হয়, তেতিয়া অতি ওখ ডালত দুটা বা তিনিটা জলফাই ফল থাকে, বা এজোপা ফলৱতী গছৰ অতি ওখ ডালবোৰত চাৰিটা বা পাঁচটা ফল থাকে,” সেই দৰে তাত অৱশিষ্ট থাকিব।
И останется в ней стеблие, или аки зерна маслична две или три на версе высоце, или четыре или пять на ветвии ея останут: сия глаголет Господь Бог Израилев.
7 সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্ত্তালৈ মনযোগ দিব, আৰু তেওঁলোকৰ চকুৱে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনালৈ দৃষ্টি কৰিব।
В той день уповая будет человек на Сотворшаго и, и очи его ко Святому Израилеву воззрят,
8 তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰ কৰা যজ্ঞ-বেদীলৈ চকু নিদিব, নাইবা তেওঁলোকৰ আঙুলিৰে সজা আচেৰা মুৰ্ত্তিবোৰ বা সূৰ্য প্ৰতিমাবোৰলৈ দৃষ্টি নকৰিব।
и не будут уповающе на требища, ниже на дела рук своих, яже сотвориша персты их, и не будут смотрити на Дубравы, ниже на мерзости их.
9 সেই দিনা তেওঁলোকৰ দৃঢ় নগৰবোৰ, পৰ্ব্বতৰ টিঙত থকা এঢলীয়া পৰিত্যক্ত কাঠনিৰ দৰে হ’ব, আৰু ইস্রায়েলী লোকসকলকৰ বাবে সেইবোৰ পৰিত্যাগ কৰা হৈছে, আৰু সেইবোৰ জনশূন্যতালৈ পৰিণত হ’ব।
В той день будут гради твои оставлени, якоже оставиша Аморрее и Евее от лица сынов Израилевых: и будут пусти,
10 ১০ কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
зане оставил еси Бога спаса твоего и Господа помощника твоего не помянул еси: сего ради насадиши сад неверен и семя неверно.
11 ১১ সেই দিনা তোমালোক পুলি ৰুবা, বেৰা দিবা আৰু খেতি কৰিবা। অতি সোনকালে তোমালোকৰ বীজ গজি উঠিব; কিন্তু দুৰ্দশা আৰু প্রচণ্ড দুঃখৰ দিনা শষ্য গোটোৱা বিফল হ’বা।
В оньже бо день аще насадиши, прельстишися: а еже аще заутра посееши, то процветет на жатву, во оньже день наследиши, и аки отец человечь наследие даси сыном твоим.
12 ১২ সমুদ্ৰৰ গৰ্জ্জনৰ দৰে গৰ্জ্জন কৰা অনেক লোক সমূহৰ কোলাহল! আৰু তীব্রবেগেৰে যোৱা প্রৱল পানীৰ শব্দৰ দৰে দেশবাসীৰ বেগেৰে যোৱা শব্দ!
О, люте множеству языков многих! Аки море волнующееся, тако смятетеся, и хребет языков многих яко вода возшумит:
13 ১৩ অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।
аки вода многа языцы мнози, аки (шум) воды многия нуждею носимыя: и отвержет его и далече поженет его, аки прах плевный веющих противу ветра, и яко прах колесный буря возносящая.
14 ১৪ চোৱা, সন্ধ্যাপৰত ত্ৰাস হ’ব; আৰু ৰাতিপুৱা নহওঁতেই তেওঁলোক গুচি যাব। এয়ে আমাক লুট কৰাসকলৰ অংশ, আৰু এয়ে আমাক অপহৰণ কৰাসকলৰ ভাগ।
К вечеру, и будет плачь: прежде заутрия, и не будет: сия часть пленивших ны, и жребий наследивших нас.

< ইসাইয়া 17 >