< ইসাইয়া 17 >
1 ১ দম্মেচক বিষয়ক ভাৰবাক্য। চোৱা, দম্মেচক আৰু নগৰ হৈ নাথাকিব; ই ধ্বংসৰ স্তূপ হ’ব।
onus Damasci ecce Damascus desinet esse civitas et erit sicut acervus lapidum in ruina
2 ২ অৰোয়েৰৰ নগৰবোৰ পৰিত্যক্ত হ’ব; সেইবোৰ মেৰ-ছাগৰ জাকৰ বাবে শোৱা ঠাই হ’ব; আৰু কোনোৱে সিহঁতক ভয় নকৰিব।
derelictae civitates Aroer gregibus erunt et requiescent ibi et non erit qui exterreat
3 ৩ ইফ্ৰয়িমৰ পৰা শক্তিশালী নগৰবোৰ, দম্মেচকৰ পৰা ৰাজ্য, আৰু বাহিনীসকলৰ যিহোৱাই কৈছে, অৰামৰ অৱশিষ্ট ভাগ ইস্ৰায়েলৰ সন্তান সকলৰ গৌৰৱৰ সদৃশ হ’ব।
et cessabit adiutorium ab Ephraim et regnum a Damasco et reliquiae Syriae sicut gloria filiorum Israhel erunt dicit Dominus exercituum
4 ৪ সেই দিনা এই দৰে হ’ব যাকোবৰ গৌৰৱ অতি দুৰ্ব্বল হ’ব, আৰু তাৰ হৃষ্টপুষ্ট শৰীৰ ক্ষীণ হ’ব।
et erit in die illa adtenuabitur gloria Iacob et pingue carnis eius marcescet
5 ৫ যি দৰে ধান দাওঁতে থিয় হৈ থকা শস্য গোটাই আৰু তেওঁৰ হাতেৰে থোকবোৰ কাটে, বা কোনোৱে ৰফায়ীম উপত্যকাত শস্যৰ থোকবোৰ সংগ্রহ কৰাৰ দৰে হ’ব।
et erit sicut congregans in messe quod restiterit et brachium eius spicas leget et erit sicut quaerens spicas in valle Rafaim
6 ৬ তথাপি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “যেতিয়া জিত গছ জোকৰা হয়, তেতিয়া অতি ওখ ডালত দুটা বা তিনিটা জলফাই ফল থাকে, বা এজোপা ফলৱতী গছৰ অতি ওখ ডালবোৰত চাৰিটা বা পাঁচটা ফল থাকে,” সেই দৰে তাত অৱশিষ্ট থাকিব।
et relinquetur in eo sicut racemus et sicut excussio oleae duarum aut trium olivarum in summitate rami sive quattuor aut quinque in cacuminibus eius fructus eius dicit Dominus Deus Israhel
7 ৭ সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্ত্তালৈ মনযোগ দিব, আৰু তেওঁলোকৰ চকুৱে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনালৈ দৃষ্টি কৰিব।
in die illa inclinabitur homo ad factorem suum et oculi eius ad Sanctum Israhel respicient
8 ৮ তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰ কৰা যজ্ঞ-বেদীলৈ চকু নিদিব, নাইবা তেওঁলোকৰ আঙুলিৰে সজা আচেৰা মুৰ্ত্তিবোৰ বা সূৰ্য প্ৰতিমাবোৰলৈ দৃষ্টি নকৰিব।
et non inclinabitur ad altaria quae fecerunt manus eius et quae operati sunt digiti eius non respiciet lucos et delubra
9 ৯ সেই দিনা তেওঁলোকৰ দৃঢ় নগৰবোৰ, পৰ্ব্বতৰ টিঙত থকা এঢলীয়া পৰিত্যক্ত কাঠনিৰ দৰে হ’ব, আৰু ইস্রায়েলী লোকসকলকৰ বাবে সেইবোৰ পৰিত্যাগ কৰা হৈছে, আৰু সেইবোৰ জনশূন্যতালৈ পৰিণত হ’ব।
in die illa erunt civitates fortitudinis eius derelictae sicut aratra et segetes quae derelictae sunt a facie filiorum Israhel et erit deserta
10 ১০ কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
quia oblita es Dei salvatoris tui et Fortis adiutoris tui non es recordata propterea plantabis plantationem fidelem et germen alienum seminabis
11 ১১ সেই দিনা তোমালোক পুলি ৰুবা, বেৰা দিবা আৰু খেতি কৰিবা। অতি সোনকালে তোমালোকৰ বীজ গজি উঠিব; কিন্তু দুৰ্দশা আৰু প্রচণ্ড দুঃখৰ দিনা শষ্য গোটোৱা বিফল হ’বা।
in die plantationis tuae labrusca et mane semen tuum florebit ablata est messis in die hereditatis et dolebit graviter
12 ১২ সমুদ্ৰৰ গৰ্জ্জনৰ দৰে গৰ্জ্জন কৰা অনেক লোক সমূহৰ কোলাহল! আৰু তীব্রবেগেৰে যোৱা প্রৱল পানীৰ শব্দৰ দৰে দেশবাসীৰ বেগেৰে যোৱা শব্দ!
vae multitudo populorum multorum ut multitudo maris sonantis et tumultus turbarum sicut sonitus aquarum multarum
13 ১৩ অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।
sonabunt populi sicut sonitus aquarum inundantium et increpabit eum et fugiet procul et rapietur sicut pulvis montium a facie venti et sicut turbo coram tempestate
14 ১৪ চোৱা, সন্ধ্যাপৰত ত্ৰাস হ’ব; আৰু ৰাতিপুৱা নহওঁতেই তেওঁলোক গুচি যাব। এয়ে আমাক লুট কৰাসকলৰ অংশ, আৰু এয়ে আমাক অপহৰণ কৰাসকলৰ ভাগ।
in tempore vespere et ecce turbatio in matutino et non subsistet haec est pars eorum qui vastaverunt nos et sors diripientium nos