< ইসাইয়া 16 >
1 ১ মৰুপ্রান্তৰ চেলাৰ পৰা চিয়োন-জীয়াৰীৰ পৰ্ব্বতলৈ দেশৰ শাসনকৰ্ত্তাৰ ওচৰলৈ মেৰ-ছাগ পোৱালিবোৰ পঠাই দিয়া।
Envoyez l’agneau [du] dominateur du pays, – du rocher vers le désert – à la montagne de la fille de Sion.
2 ২ ভ্রমি ফুৰা চৰাই আৰু সিঁচৰিত হৈ থকা বাহঁৰ দৰে, মোৱাবৰ মহিলাসকল অৰ্ণোন নদীৰ পাৰত আছে।
Et comme un oiseau fugitif, une nichée chassée, ainsi seront les filles de Moab, aux gués de l’Arnon.
3 ৩ “পৰামৰ্শ দিয়া, ন্যায় বিচাৰ কৰা, দুপৰীয়া ৰাতি হোৱাৰ দৰে ছাঁ প্রদান কৰা; পলাতক লোকসকলক লুকুৱাই ৰাখা, আৰু তেওঁলোকক বিশ্বাসঘাত নকৰিবা।
Donne conseil, fais ce qui est juste; rends ton ombre comme la nuit, en plein midi: cache les exilés, ne découvre pas le fugitif.
4 ৪ মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া; বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা।” কিয়নো অত্যাচৰ, আৰু ধ্বংস বন্ধ কৰা হ’ব; অপমান কৰা সকল দেশৰ পৰা অদৃশ্য হ’ব।
Que mes exilés séjournent avec toi, Moab! Sois-leur une retraite de devant le destructeur. Car l’oppresseur ne sera plus, la dévastation finira; celui qui foule disparaîtra du pays.
5 ৫ বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ’ব, আৰু দায়ূদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব। তেওঁ ন্যায় বিচাৰ বিচৰা দৰে তেওঁ বিচাৰ কৰিব, আৰু ধাৰ্মিকতাৰে কাৰ্য কৰিব।
Et un trône sera établi par la bonté; et il y en aura un qui y siégera dans la vérité, dans la tente de David, jugeant, et recherchant la droiture, et hâtant la justice.
6 ৬ আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ, তেওঁৰ আত্মগৌৰৱ, আৰু তেওঁৰ ক্রোধৰ বিষয়েও শুনিলো; কিন্তু তেওঁৰ আত্মগৌৰৱ মূল্যহীন।
Nous avons entendu l’orgueil de Moab, le très hautain, sa fierté, et son orgueil, et sa rage; ses vanteries ne sont que vanité.
7 ৭ সেয়ে মোৱাবৰ বাবে মোৱাব প্ৰতিজনে বিলাপ কৰিছে; আৰু সম্পূৰ্ণভাৱে ধ্বংস হৈ যোৱা কীৰ-হেৰচতৰ বাবে বিলাপ আৰু শোক কৰিছে।
C’est pourquoi Moab hurlera sur Moab; tout entier il hurlera! Vous gémirez sur les fondations de Kir-Haréseth, tout affligés.
8 ৮ হিচবোনৰ পথাৰবোৰ আৰু চিবমাৰ দ্ৰাক্ষালতা শুকাই গ’ল। দেশৰবোৰৰ শাসনকৰ্ত্তাসকলে উত্তম দ্রাক্ষাগুটি গচকিব, সেইবোৰে যাজেৰ গৈ পাইছিল; আৰু মৰুভুমিত বিয়পি পৰিছিল। ইয়াৰ পোখাবোৰ বিদেশলৈকে বিস্তাৰিত হৈছে; সেইবোৰ সাগৰৰ ওপৰেৰে গৈছে।
Car les campagnes de Hesbon languiront, – la vigne de Sibma. Les maîtres des nations ont abîmé ses ceps exquis: ils s’étendaient jusqu’à Jahzer, ils erraient dans le désert; ses provins s’étendaient et dépassaient la mer.
9 ৯ বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম। হে হিচবোন, আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম; তোমাৰ পথাৰৰ গ্রীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম।
C’est pourquoi je pleurerai des pleurs de Jahzer la vigne de Sibma; je vous arroserai de mes larmes, Hesbon et Elhalé, car un cri est tombé sur votre récolte et sur votre moisson.
10 ১০ আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব; দ্ৰাক্ষাকুণ্ডত গচকি দ্ৰাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব; মই দ্ৰাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ।
Et la joie et l’allégresse ont disparu des champs fertiles, et dans les vignes on ne chante pas, on ne pousse pas des cris de joie; celui qui foulait ne foule plus le vin dans les pressoirs: j’ai fait cesser le cri [du pressoir].
11 ১১ সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে।
C’est pourquoi mes entrailles mènent un bruit sourd au sujet de Moab, comme une harpe, et mon cœur, au sujet de Kir-Hérès.
12 ১২ যেতিয়া মোৱাবে ওখ স্থানত নিজকে পৰিধান কৰিব, আৰু প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ মন্দিৰত সোমাব, তেতিয়া তেওঁৰ প্রাৰ্থনা কৃতকাৰ্য নহ’ব।
Et il arrivera que, quand Moab se présentera, se fatiguera sur le haut lieu, et entrera dans son sanctuaire pour prier, il ne prévaudra pas.
13 ১৩ এয়ে যিহোৱাই মোৱাবৰ বিষয়ে পূৰ্বতে কোৱা বাক্য;
Telle est la parole que l’Éternel a prononcée jadis sur Moab.
14 ১৪ পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।
Et maintenant l’Éternel a parlé, disant: Dans trois ans, comme les années d’un mercenaire, la gloire de Moab sera réduite à rien avec toute sa grande multitude; et le reste sera petit, amoindri, peu de chose.