< ইসাইয়া 15 >
1 ১ মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।
Onus Moab. Quia nocte vastata est Ar Moab, conticuit: quia nocte vastatus est murus, Moab conticuit.
2 ২ তেওঁলোক মন্দিৰৰ ওপৰলৈ গ’ল, আৰু দীবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ’ল; নবো আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে; সকলোৰে মুৰ টকলা কৰা হৈছে, আৰু প্ৰতিজনৰ ডাঢ়ি কটা হৈছে।
Ascendit domus, et Dibon ad excelsa in planctum super Nabo, et super Medaba, Moab ululavit: in cunctis capitibus eius calvitium, et omnis barba radetur.
3 ৩ তেওঁলোকৰ পথত তেওঁলোকে চট কাপোৰ পিন্ধিছে; আৰু কঁকাল বান্ধিছে; আৰু প্রতিজনে চকবোৰত চকু পানী বোৱাই কান্দিছে।
In triviis eius accincti sunt sacco: super tecta eius, et in plateis eius omnis ululatus descendit in fletum.
4 ৪ হিচবোন আৰু ইলিয়ালিয়ে চিঞৰিছে, তেওঁলোকৰ শব্দ যহচৰলৈকে শুনা গৈছে। সেয়ে মোৱাবৰ অস্ত্রধাৰী লোকসকল আৰ্তনাদ কৰিছে; আৰু তেওঁলোকৰ আত্মাই কঁপিছে।
Clamabit Hesebon, et Eleale, usque Iasa audita est vox eorum. super hoc expediti Moab ululabunt, anima eius ululabit sibi.
5 ৫ মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।
Cor meum ad Moab clamabit, vectes eius usque ad Segor vitulam conternantem: per ascensum enim Luith flens ascendet, et in via Oronaim clamorem contritionis levabunt.
6 ৬ কাৰণ নিম্ৰীময়ৰ পানীসমূহ শুকাই গৈছে; ঘাঁহবোৰ শুকাই গৈছে, নতুন ঘাঁহও শুকাই গৈছে, সেউজীয়া একোৱেই নাই।
Aquae enim Nemrim desertae erunt, quia aruit herba, defecit germen, viror omnis interiit.
7 ৭ তেওঁলোকে যথেষ্ট ধন বৃদ্ধি কৰিলে, আৰু গোটালে তেওঁলোকে ঝাও গছৰ জুৰিৰ কাষলৈ লৈ গ’ল।
Secundum magnitudinem operis et visitatio eorum: ad torrentem salicum ducent eos.
8 ৮ সেই ক্রন্দন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালীমৰ পৰা বেৰ-এলীমমলৈকে শুনা গৈছে।
Quoniam circuivit clamor terminum Moab: usque ad Gallim ululatus eius, et usque ad Puteum Elim clamor eius.
9 ৯ কিয়নো দীমোনৰ পানী তেজেৰে পৰিপূৰ্ণ; কিন্তু মই দীমোনলৈ আৰু বেছি দুখ আনিম। মোৱাবৰ পৰা ৰক্ষা পোৱা লোকসকল, আৰু দেশৰ অৱশিষ্ট থকা লোকসকলক এটা সিংহই আক্রমণ কৰিব।
Quia aquae Dibon repletae sunt sanguine: ponam enim super Dibon additamenta: his, qui fugerint de Moab leonem, et reliquiis terrae.