< ইসাইয়া 14 >

1 যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
כי ירחם יהוה את יעקב ובחר עוד בישראל והניחם על אדמתם ונלוה הגר עליהם ונספחו על בית יעקב
2 আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব।
ולקחום עמים והביאום אל מקומם והתנחלום בית ישראל על אדמת יהוה לעבדים ולשפחות והיו שבים לשביהם ורדו בנגשיהם
3 সেই দিনা দুখ, কষ্ট, আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা যিহোৱাই তোমালোকক জিৰণী দিব।
והיה ביום הניח יהוה לך מעצבך ומרגזך--ומן העבדה הקשה אשר עבד בך
4 তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল!
ונשאת המשל הזה על מלך בבל--ואמרת איך שבת נגש שבתה מדהבה
5 যিহোৱাই দুষ্টবোৰৰ লাঠি, আৰু সেই শাসনকর্তা সকলৰ ৰাজদণ্ড ভাঙিব,
שבר יהוה מטה רשעים--שבט משלים
6 যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল, দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল।
מכה עמים בעברה מכת בלתי סרה רדה באף גוים מרדף בלי חשך
7 সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ হৈ আছে; তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে;
נחה שקטה כל הארץ פצחו רנה
8 এনে কি, দেবদাৰু আৰু লিবানোনৰ এৰচ গছবোৰেও আনন্দ কৰিছে, সিহঁতে কৈছে, ‘তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া আহা নাই।’
גם ברושים שמחו לך ארזי לבנון מאז שכבת לא יעלה הכרת עלינו
9 তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিয়োল অধঃস্থানৰ পৰা উৎসুক হৈছে; পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে, দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে। (Sheol h7585)
שאול מתחת רגזה לך--לקראת בואך עורר לך רפאים כל עתודי ארץ--הקים מכסאותם כל מלכי גוים (Sheol h7585)
10 ১০ তেওঁলোক সকলোৱে তোমাৰ সৈতে কথা পাতি ক’ব, ‘তুমিও আমাৰ দৰে দুৰ্ব্বল হৈছা, তুমি আমাৰ দৰেই হৈছা।
כלם יענו ויאמרו אליך גם אתה חלית כמונו אלינו נמשלת
11 ১১ তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল, তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’ (Sheol h7585)
הורד שאול גאונך המית נבליך תחתיך יצע רמה ומכסיך תולעה (Sheol h7585)
12 ১২ তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা!
איך נפלת משמים הילל בן שחר נגדעת לארץ חולש על גוים
13 ১৩ তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
ואתה אמרת בלבבך השמים אעלה--ממעל לכוכבי אל ארים כסאי ואשב בהר מועד בירכתי צפון
14 ১৪ মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’
אעלה על במתי עב אדמה לעליון
15 ১৫ তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল। (Sheol h7585)
אך אל שאול תורד אל ירכתי בור (Sheol h7585)
16 ১৬ তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
ראיך אליך ישגיחו אליך יתבוננו הזה האיש מרגיז הארץ מרעיש ממלכות
17 ১৭ পৃথিৱীখনক মৰুপ্রান্ত স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা, আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়া জন সেই জনেই নে?
שם תבל כמדבר ועריו הרס אסיריו לא פתח ביתה
18 ১৮ দেশবোৰৰ সকলো ৰজা, তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে।
כל מלכי גוים כלם--שכבו בכבוד איש בביתו
19 ১৯ কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে, শিলৰ গাতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্রৰ দৰে তোমাক ঢাকি ধৰিছে।
ואתה השלכת מקברך כנצר נתעב--לבש הרגים מטעני חרב יורדי אל אבני בור כפגר מובס
20 ২০ মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা; কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে; অন্যায়কাৰী সকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব।
לא תחד אתם בקבורה כי ארצך שחת עמך הרגת לא יקרא לעולם זרע מרעים
21 ২১ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তান সকলক বধ কৰিবলৈ প্রস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে।
הכינו לבניו מטבח בעון אבותם בל יקמו וירשו ארץ ומלאו פני תבל ערים
22 ২২ বাহিনীসকলৰ যিহোৱাই কৈছে, “মই তেওঁলোকৰ বিৰুদ্ধে উঠিম” বাবিলৰ নাম, বংশধৰ, আৰু ভাবী বংশ উছন্ন কৰিম” এইয়ে যিহোৱাৰ ঘোষণা।
וקמתי עליהם נאם יהוה צבאות והכרתי לבבל שם ושאר ונין ונכד--נאם יהוה
23 ২৩ মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পুখুৰীৰ পানীলৈ লৈ যাম, আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
ושמתיה למורש קפד ואגמי מים וטאטאתיה במטאטא השמד נאם יהוה צבאות
24 ২৪ বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
נשבע יהוה צבאות לאמר אם לא כאשר דמיתי כן היתה וכאשר יעצתי היא תקום
25 ২৫ মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
לשבר אשור בארצי ועל הרי אבוסנו וסר מעליהם עלו וסבלו מעל שכמו יסור
26 ২৬ সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে।
זאת העצה היעוצה על כל הארץ וזאת היד הנטויה על כל הגוים
27 ২৭ কাৰণ বাহিনীসকলৰ যিহোৱাই এয়ে পৰিকল্পনা কৰিলে; তেওঁক কোনে বাধা দিব পাৰে? তেওঁৰ হাত দাঙিব; আৰু কোনে তাক তললৈ কৰিব পাৰিব?
כי יהוה צבאות יעץ ומי יפר וידו הנטויה ומי ישיבנה
28 ২৮ ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল।
בשנת מות המלך אחז היה המשא הזה
29 ২৯ হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব।
אל תשמחי פלשת כלך כי נשבר שבט מכך כי משרש נחש יצא צפע ופריו שרף מעופף
30 ৩০ দৰিদ্ৰসকলৰ প্রথমে জন্মাই খাব, আৰু অভাবগ্রস্ত সকলে সুৰক্ষাৰ বাবে শুই পৰিব। আকালৰ দ্বাৰাই মই তোমাৰ মূল নষ্ট কৰিম, আৰু তোমাৰ অৱশিষ্ট ভাগক বধ কৰা হ’ব।
ורעו בכורי דלים ואביונים לבטח ירבצו והמתי ברעב שרשך ושאריתך יהרג
31 ৩১ হে পলেষ্টিয়াৰ দুৱাৰ গৰ্জন কৰা, আৰু হে নগৰ ক্রন্দন কৰা, তুমি দ্রৱ হৈ শেষ হৈ যাবা। কাৰণ উত্তৰ দিশৰ পৰা ধুঁৱাৰ দৰে ডাৱৰ আহিব, আৰু তেওঁৰ শ্রেণীত এজনো পথভ্রষ্ট নাথাকিব।
הילילי שער זעקי עיר נמוג פלשת כלך כי מצפון עשן בא ואין בודד במועדיו
32 ৩২ তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব? সেয়ে যিহোৱাই চিয়োনক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্রয়স্থান বিচাৰি দিব।
ומה יענה מלאכי גוי כי יהוה יסד ציון ובה יחסו עניי עמו

< ইসাইয়া 14 >