< ইসাইয়া 14 >
1 ১ যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
耶和华要怜恤雅各,必再拣选以色列,将他们安置在本地。寄居的必与他们联合,紧贴雅各家。
2 ২ আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব।
外邦人必将他们带回本土;以色列家必在耶和华的地上得外邦人为仆婢,也要掳掠先前掳掠他们的,辖制先前欺压他们的。
3 ৩ সেই দিনা দুখ, কষ্ট, আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা যিহোৱাই তোমালোকক জিৰণী দিব।
当耶和华使你脱离愁苦、烦恼,并人勉强你做的苦工,得享安息的日子,
4 ৪ তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল!
你必题这诗歌论巴比伦王说: 欺压人的何竟息灭? 强暴的何竟止息?
5 ৫ যিহোৱাই দুষ্টবোৰৰ লাঠি, আৰু সেই শাসনকর্তা সকলৰ ৰাজদণ্ড ভাঙিব,
耶和华折断了恶人的杖, 辖制人的圭,
6 ৬ যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল, দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল।
就是在忿怒中连连攻击众民的, 在怒气中辖制列国, 行逼迫无人阻止的。
7 ৭ সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ হৈ আছে; তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে;
现在全地得安息,享平静; 人皆发声欢呼。
8 ৮ এনে কি, দেবদাৰু আৰু লিবানোনৰ এৰচ গছবোৰেও আনন্দ কৰিছে, সিহঁতে কৈছে, ‘তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া আহা নাই।’
松树和黎巴嫩的香柏树 都因你欢乐,说: 自从你仆倒, 再无人上来砍伐我们。
9 ৯ তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিয়োল অধঃস্থানৰ পৰা উৎসুক হৈছে; পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে, দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে। (Sheol )
你下到阴间, 阴间就因你震动来迎接你, 又因你惊动在世曾为首领的阴魂, 并使那曾为列国君王的, 都离位站起。 (Sheol )
10 ১০ তেওঁলোক সকলোৱে তোমাৰ সৈতে কথা পাতি ক’ব, ‘তুমিও আমাৰ দৰে দুৰ্ব্বল হৈছা, তুমি আমাৰ দৰেই হৈছা।
他们都要发言对你说: 你也变为软弱像我们一样吗? 你也成了我们的样子吗?
11 ১১ তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল, তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’ (Sheol )
你的威势和你琴瑟的声音都下到阴间。 你下铺的是虫,上盖的是蛆。 (Sheol )
12 ১২ তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা!
明亮之星,早晨之子啊, 你何竟从天坠落? 你这攻败列国的何竟被砍倒在地上?
13 ১৩ তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
你心里曾说: 我要升到天上; 我要高举我的宝座在 神众星以上; 我要坐在聚会的山上,在北方的极处。
14 ১৪ মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’
我要升到高云之上; 我要与至上者同等。
15 ১৫ তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল। (Sheol )
然而,你必坠落阴间, 到坑中极深之处。 (Sheol )
16 ১৬ তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
凡看见你的都要定睛看你, 留意看你,说: 使大地战抖, 使列国震动,
17 ১৭ পৃথিৱীখনক মৰুপ্রান্ত স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা, আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়া জন সেই জনেই নে?
使世界如同荒野, 使城邑倾覆, 不释放被掳的人归家, 是这个人吗?
18 ১৮ দেশবোৰৰ সকলো ৰজা, তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে।
列国的君王 俱各在自己阴宅的荣耀中安睡。
19 ১৯ কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে, শিলৰ গাতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্রৰ দৰে তোমাক ঢাকি ধৰিছে।
惟独你被抛弃, 不得入你的坟墓, 好像可憎的枝子, 以被杀的人为衣, 就是被刀刺透, 坠落坑中石头那里的; 你又像被践踏的尸首一样。
20 ২০ মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা; কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে; অন্যায়কাৰী সকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব।
你不得与君王同葬; 因为你败坏你的国,杀戮你的民。 恶人后裔的名,必永不提说。
21 ২১ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তান সকলক বধ কৰিবলৈ প্রস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে।
先人既有罪孽, 就要预备杀戮他的子孙, 免得他们兴起来,得了遍地, 在世上修满城邑。
22 ২২ বাহিনীসকলৰ যিহোৱাই কৈছে, “মই তেওঁলোকৰ বিৰুদ্ধে উঠিম” বাবিলৰ নাম, বংশধৰ, আৰু ভাবী বংশ উছন্ন কৰিম” এইয়ে যিহোৱাৰ ঘোষণা।
万军之耶和华说: 我必兴起攻击他们, 将巴比伦的名号和所余剩的人, 连子带孙一并剪除。 这是耶和华说的。
23 ২৩ মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পুখুৰীৰ পানীলৈ লৈ যাম, আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
我必使巴比伦为箭猪所得, 又变为水池; 我要用灭亡的扫帚扫净它。 这是万军之耶和华说的。
24 ২৪ বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
万军之耶和华起誓说: 我怎样思想,必照样成就; 我怎样定意,必照样成立,
25 ২৫ মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
就是在我地上打折亚述人, 在我山上将他践踏。 他加的轭必离开以色列人; 他加的重担必离开他们的肩头。
26 ২৬ সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে।
这是向全地所定的旨意; 这是向万国所伸出的手。
27 ২৭ কাৰণ বাহিনীসকলৰ যিহোৱাই এয়ে পৰিকল্পনা কৰিলে; তেওঁক কোনে বাধা দিব পাৰে? তেওঁৰ হাত দাঙিব; আৰু কোনে তাক তললৈ কৰিব পাৰিব?
万军之耶和华既然定意,谁能废弃呢? 他的手已经伸出,谁能转回呢?
28 ২৮ ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল।
亚哈斯王崩的那年,就有以下的默示:
29 ২৯ হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব।
非利士全地啊, 不要因击打你的杖折断就喜乐。 因为从蛇的根必生出毒蛇; 它所生的是火焰的飞龙。
30 ৩০ দৰিদ্ৰসকলৰ প্রথমে জন্মাই খাব, আৰু অভাবগ্রস্ত সকলে সুৰক্ষাৰ বাবে শুই পৰিব। আকালৰ দ্বাৰাই মই তোমাৰ মূল নষ্ট কৰিম, আৰু তোমাৰ অৱশিষ্ট ভাগক বধ কৰা হ’ব।
贫寒人的长子必有所食; 穷乏人必安然躺卧。 我必以饥荒治死你的根; 你所余剩的人必被杀戮。
31 ৩১ হে পলেষ্টিয়াৰ দুৱাৰ গৰ্জন কৰা, আৰু হে নগৰ ক্রন্দন কৰা, তুমি দ্রৱ হৈ শেষ হৈ যাবা। কাৰণ উত্তৰ দিশৰ পৰা ধুঁৱাৰ দৰে ডাৱৰ আহিব, আৰু তেওঁৰ শ্রেণীত এজনো পথভ্রষ্ট নাথাকিব।
门哪,应当哀号! 城啊,应当呼喊! 非利士全地啊,你都消化了! 因为有烟从北方出来, 他行伍中并无乱队的。
32 ৩২ তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব? সেয়ে যিহোৱাই চিয়োনক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্রয়স্থান বিচাৰি দিব।
可怎样回答外邦的使者呢? 必说:耶和华建立了锡安; 他百姓中的困苦人必投奔在其中。