< ইসাইয়া 13 >

1 আমোচৰ পুত্ৰ যিচয়াই পোৱা বাবিলৰ বিষয়ে ঘোষণা।
Amots oğlu Yeşaya'nın Babil'le ilgili bildirisi:
2 তোমালোকে গছ-গছনি নথকা পৰ্ব্বতৰ ওপৰত এখন সংকেত পতাকা স্থাপন কৰা, আৰু তেওঁলোকলৈ উচ্চধ্বনি কৰা, প্রধান লোকৰ দুৱাৰলৈ তেওঁলোক সোমায় যাবলৈ তোমাৰ হাত জোকাৰা।
Çıplak dağın tepesine sancak dikin! Savaşçıları yüksek sesle çağırıp El sallayın ki Soylulara ayrılan kapılardan içeri girsinler.
3 মই মোৰ পবিত্ৰীকৃত লোকসকলক আদেশ দিলোঁ; হয়, মই মোৰ ক্ৰোধ কাৰ্যকাৰী কৰিবলৈ মোৰ পৰাক্রমী লোক এনে কি, গৰ্বেৰে উল্লাস কৰা সকলকো মাতিলোঁ।
RAB seçtiklerine buyruk verdi, O'nun yüceliğiyle övünen yiğitleri Öfkesinin gereğini yapmaya çağırdı.
4 বহু লোকৰ চিঞৰৰ দৰে পৰ্ব্বতবোৰত বহুসংখ্যক লোকৰ শব্দ! বহু দেশ একলগ হৈ চিঞৰাৰ দৰে ৰাজ্যৰ প্রচণ্ড আলোড়ন! বাহিনীসকলৰ যিহোৱাই যুদ্ধৰ বাবে সৈন্যসকলক একত্রিত কৰিছে।
Dağlardaki kalabalığın gürültüsünü dinleyin! Büyük bir halkın sesini andırıyor. Bir araya gelmiş ulusların Ve krallıkların gümbürtüsünü dinleyin! Her Şeye Egemen RAB bir orduyu savaşa hazırlıyor.
5 তেওঁলোকে দূৰ দিগন্ত দেশৰ পৰা, যিহোৱাৰ বিচাৰৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে সমগ্র দেশ ধ্বংস কৰিবলৈ আহিছে।
Öfkesinin araçlarıyla uzak bir ülkeden, Dünyanın öbür ucundan Bütün ülkeyi yerle bir etmek üzere geliyor.
6 যিহোৱাৰ সোধবিচাৰৰ দিন অতি ওচৰ; সৰ্ব্বশক্তিমান জনাৰ পৰা সৰ্ব্বনাশ আহিছে।
Feryat edin! Çünkü RAB'bin günü yakındır. Her Şeye Gücü Yeten'in göndereceği yıkım gibi geliyor o gün.
7 সেই কাৰণে সকলো হাত দুৰ্ব্বল হ’ব, আৰু প্ৰত্যেক হৃদয় দ্ৰৱ হ’ব;
Bu yüzden ellerde derman kalmayacak, Her yürek eriyecek.
8 প্রসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্রাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ’ব, তেওঁলোকৰ মুখ উজ্বলি উঠিব।
Herkesi dehşet saracak, Hepsi acı ve ıstırap içinde boğulacak, Doğuran kadın gibi kıvranacak, Şaşkın şaşkın birbirlerine bakacaklar; Yüzleri kızaracak.
9 চোৱা, দেশ উচ্ছন্ন কৰিবলৈ, আৰু তাৰ পৰা পাপীবোৰক বিনষ্ট কৰিবলৈ, যিহোৱাৰ দিন খং আৰু প্ৰচণ্ড ক্ৰোধেৰে আহিছে।
İşte RAB'bin acımasız günü geliyor. Ülkeyi viraneye çevirip İçindeki günahkârları ortadan kaldıracağı Gazap ve kızgın öfke dolu gün geliyor.
10 ১০ আকাশ মণ্ডলৰ তৰা আৰু নক্ষত্ৰবোৰে নিজৰ দীপ্তি প্ৰকাশ নকৰিব; পূৱাৰ পৰাই সূৰ্য আন্ধাৰেৰে আবৃত হ’ব, আৰু চন্দ্ৰই দীপ্তি নিদিব।
Gökteki yıldızlarla takımyıldızlar ışımayacak, Doğan güneş kararacak, ay ışığını vermez olacak.
11 ১১ মই জগতখনক কুকাৰ্যৰ বাবে আৰু দুষ্টবোৰক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম, মই অহঙ্কাৰীবোৰৰ দৰ্প শেষ কৰিম, আৰু কঠিন হৃদয়ৰ লোকসকলৰ অহংকাৰ নাশ কৰিম।
RAB diyor ki, “Kötülüğünden ötürü dünyayı, Suçlarından ötürü kötüleri cezalandıracağım. Kibirlilerin küstahlığını sona erdirecek, Zalimlerin gururunu kıracağım.
12 ১২ মই মানুহক শুদ্ধ সোণতকৈ, আৰু মনুষ্যক ওফীৰৰ শুদ্ধ সোণতকৈয়ো দুৰ্ল্লভ কৰিম।
İnsanı saf altından, Ofir altınından daha ender kılacağım.
13 ১৩ এই হেতুকে মই আকাশ মণ্ডলক কঁপাম, আৰু বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত আৰু তেওঁৰ প্ৰচণ্ড খঙৰ দিনত পৃথিৱী জোকাৰ খাই স্থানান্তৰিত হ’ব।
Ben, Her Şeye Egemen RAB, Gazaba geldiğim, öfkemin alevlendiği gün Gökleri titreteceğim, yer yerinden oynayacak.
14 ১৪ খেদা খোৱা হৰিণৰ বা ৰখীয়া নথকা মেৰ-ছাগৰ দৰে তেওঁলোক প্ৰতিজনে নিজৰ দেশলৈ পলাই যাব।
“Herkes kovalanan ceylan gibi, Çobansız koyunlar gibi halkına dönecek, Ülkesine kaçacak.
15 ১৫ বিচাৰি পোৱা প্রতিজনকে হত্যা কৰা হ’ব, আৰু বন্দী কৰা প্রতিজনকে তৰোৱালেৰে বধ কৰা হ’ব।
Yakalananın bedeni delik deşik edilecek, Ele geçen kılıçtan geçirilecek.
16 ১৬ তেওঁলোকৰ চকুৰ আগতে তেওঁলোকৰ কেঁচুৱাবোৰক দলিয়াই ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ ঘৰবোৰ লুট কৰা হ’ব, আৰু তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰা হ’ব।
Yavruları gözleri önünde parçalanacak, Evleri yağmalanacak, Kadınlarının ırzına geçilecek.
17 ১৭ চোৱা, ৰূপ গণ্য নকৰা, আৰু সোণতো সন্তুষ্ট নোহোৱা লোকসকলক আক্রমণ কৰিবলৈ মই মাদিয়াসকলক উচটাম।
“Gümüşe değer vermeyen, Altını sevmeyen Medler'i Onlara karşı harekete geçireceğim.
18 ১৮ তেওঁলোকৰ ধনুকাঁড় ডেকাসকলক বিন্ধিব, তেওঁলোকে শিশুবোৰক দয়া নকৰিব, আৰু সন্তান সকলক কৃপাদৃষ্টি নকৰিব।
Oklarıyla gençleri parçalayacak, Bebeklere acımayacak, Çocukları esirgemeyecekler.
19 ১৯ আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহংকাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘমোৰাৰ দৰে হ’ব।
Ben Tanrı, Sodom ve Gomora'yı nasıl yerle bir ettimse, Kildaniler'in yüce gururu, Krallıkların en güzeli olan Babil'i de yerle bir edeceğim.
20 ২০ সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।
Orada bir daha kimse yaşamayacak, Kuşaklar boyu kimse oturmayacak, Bedeviler çadır kurmayacak, Çobanlar sürülerini dinlendirmeyecek.
21 ২১ কিন্তু মৰুভূমিৰ বনৰীয়া জন্তুৱে তাত বাস কৰিব; তেওঁলোকৰ ঘৰবোৰ ফেঁচাৰে পৰিপূৰ্ণ হ’ব, আৰু সেই ঠাইত উট পক্ষীয়ে আৰু বনৰীয়া ছাগলীবোৰে জপিয়াব।
Orası yabanıl hayvanlara barınak olacak, Evler çakallarla dolacak, Baykuşlar yuva yapacak, tekeler oynaşacak orada.
22 ২২ তেওঁলোকৰ দুর্গবোৰত ৰাংকুকুৰ, আৰু মনোহৰ অট্টালিকাবোৰত শিয়ালে চিঞৰিব। তেওঁৰ সময় ওচৰ চাপিছে, আৰু তেওঁৰ দিনবোৰ বিলম্ব নকৰিব।
Kalelerinde sırtlanlar, Görkemli saraylarında çakallar uluyacak. Babil'in sonu yaklaştı, günleri uzatılmayacak.”

< ইসাইয়া 13 >