< ইসাইয়া 13 >
1 ১ আমোচৰ পুত্ৰ যিচয়াই পোৱা বাবিলৰ বিষয়ে ঘোষণা।
アモツの子イザヤが示されたるバビロンにかかる重負の預言
2 ২ তোমালোকে গছ-গছনি নথকা পৰ্ব্বতৰ ওপৰত এখন সংকেত পতাকা স্থাপন কৰা, আৰু তেওঁলোকলৈ উচ্চধ্বনি কৰা, প্রধান লোকৰ দুৱাৰলৈ তেওঁলোক সোমায় যাবলৈ তোমাৰ হাত জোকাৰা।
なんぢらかぶろの山に旂をたて聲をあげ手をふり彼等をまねきて貴族の門にいらしめよ
3 ৩ মই মোৰ পবিত্ৰীকৃত লোকসকলক আদেশ দিলোঁ; হয়, মই মোৰ ক্ৰোধ কাৰ্যকাৰী কৰিবলৈ মোৰ পৰাক্রমী লোক এনে কি, গৰ্বেৰে উল্লাস কৰা সকলকো মাতিলোঁ।
われ旣にきよめ別ちたるものに命じ わが丈夫ほこりかにいさめる者をよびて わが怒をもらさしむ
4 ৪ বহু লোকৰ চিঞৰৰ দৰে পৰ্ব্বতবোৰত বহুসংখ্যক লোকৰ শব্দ! বহু দেশ একলগ হৈ চিঞৰাৰ দৰে ৰাজ্যৰ প্রচণ্ড আলোড়ন! বাহিনীসকলৰ যিহোৱাই যুদ্ধৰ বাবে সৈন্যসকলক একত্রিত কৰিছে।
山におほくの人の聲きこゆ大なる民あるがごとし もろもろの國民のよりつどひて喧めく聲きこゆ これ萬軍のヱホバたたかひの軍兵を召したまふなり
5 ৫ তেওঁলোকে দূৰ দিগন্ত দেশৰ পৰা, যিহোৱাৰ বিচাৰৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে সমগ্র দেশ ধ্বংস কৰিবলৈ আহিছে।
かれらはとほき國より天の極よりきたる これヱホバとその忿恚をもらす器とともに全國をほろぼさんとて來るなり
6 ৬ যিহোৱাৰ সোধবিচাৰৰ দিন অতি ওচৰ; সৰ্ব্বশক্তিমান জনাৰ পৰা সৰ্ব্বনাশ আহিছে।
なんぢら泣號ぶべしヱホバの日ちかづき全能者よりいづる敗亡きたるべければなり
7 ৭ সেই কাৰণে সকলো হাত দুৰ্ব্বল হ’ব, আৰু প্ৰত্যেক হৃদয় দ্ৰৱ হ’ব;
この故にすべての手はたれ凡の人のこころは消ゆかん
8 ৮ প্রসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্রাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ’ব, তেওঁলোকৰ মুখ উজ্বলি উঠিব।
かれら慴きおそれ艱難と憂とにせまられ 子をうまんとする婦のごとく苦しみ互におどろき 相みあひてその面は燄のごとくならん
9 ৯ চোৱা, দেশ উচ্ছন্ন কৰিবলৈ, আৰু তাৰ পৰা পাপীবোৰক বিনষ্ট কৰিবলৈ, যিহোৱাৰ দিন খং আৰু প্ৰচণ্ড ক্ৰোধেৰে আহিছে।
視よヱホバの日苛くして忿恚とはげしき怒とをもて來り この國をあらしその中よりつみびとを絶滅さん
10 ১০ আকাশ মণ্ডলৰ তৰা আৰু নক্ষত্ৰবোৰে নিজৰ দীপ্তি প্ৰকাশ নকৰিব; পূৱাৰ পৰাই সূৰ্য আন্ধাৰেৰে আবৃত হ’ব, আৰু চন্দ্ৰই দীপ্তি নিদিব।
天のもろもろの星とほしの宿は光をはなたず 日はいでてくらく月は その光をかがやかさざるべし
11 ১১ মই জগতখনক কুকাৰ্যৰ বাবে আৰু দুষ্টবোৰক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম, মই অহঙ্কাৰীবোৰৰ দৰ্প শেষ কৰিম, আৰু কঠিন হৃদয়ৰ লোকসকলৰ অহংকাৰ নাশ কৰিম।
われ惡ことのために世をつみし 不義のために惡きものをばつし 驕れるものの誇をとどめ 暴ぶるものの傲慢をひくくせん
12 ১২ মই মানুহক শুদ্ধ সোণতকৈ, আৰু মনুষ্যক ওফীৰৰ শুদ্ধ সোণতকৈয়ো দুৰ্ল্লভ কৰিম।
われ人をして精金よりもすくなくオフルの黄金よりも少なからしめん
13 ১৩ এই হেতুকে মই আকাশ মণ্ডলক কঁপাম, আৰু বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত আৰু তেওঁৰ প্ৰচণ্ড খঙৰ দিনত পৃথিৱী জোকাৰ খাই স্থানান্তৰিত হ’ব।
かくて亦われ萬軍のヱホバの忿恚のとき烈しき怒りの日に天をふるはせ地をうごかしてその處をうしなはしむべし
14 ১৪ খেদা খোৱা হৰিণৰ বা ৰখীয়া নথকা মেৰ-ছাগৰ দৰে তেওঁলোক প্ৰতিজনে নিজৰ দেশলৈ পলাই যাব।
かれらは逐るる鹿のごとく集むるものなき羊のごとくなりて各自おのれの民にかへりおのれの國にのがれゆかん
15 ১৫ বিচাৰি পোৱা প্রতিজনকে হত্যা কৰা হ’ব, আৰু বন্দী কৰা প্রতিজনকে তৰোৱালেৰে বধ কৰা হ’ব।
すべて其處にあるもの見出さるれば 刺れ 拘留らるるものは劍にたふされ
16 ১৬ তেওঁলোকৰ চকুৰ আগতে তেওঁলোকৰ কেঁচুৱাবোৰক দলিয়াই ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ ঘৰবোৰ লুট কৰা হ’ব, আৰু তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰা হ’ব।
彼等の嬰兒はその目前にてなげくだかれ その家財はかすめうばはれ その妻はけがさるべし
17 ১৭ চোৱা, ৰূপ গণ্য নকৰা, আৰু সোণতো সন্তুষ্ট নোহোৱা লোকসকলক আক্রমণ কৰিবলৈ মই মাদিয়াসকলক উচটাম।
視よわれ白銀をもかへりみず黄金をもよろこばざるメデア人をおこして之にむかはしめん
18 ১৮ তেওঁলোকৰ ধনুকাঁড় ডেকাসকলক বিন্ধিব, তেওঁলোকে শিশুবোৰক দয়া নকৰিব, আৰু সন্তান সকলক কৃপাদৃষ্টি নকৰিব।
かれらは弓をもて若きものを射くだき腹の實をあはれむことなく小子をみてをしむことなし
19 ১৯ আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহংকাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘমোৰাৰ দৰে হ’ব।
すべての國の中にてうるはしくカルデヤ人がほこり飾となせるバビロンはむかし神にほろぼされたるソドム、ゴモラのごとくならん
20 ২০ সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।
ここに住むもの永くたえ世々にいたるまで居ものなく アラビヤ人もかしこに幕屋をはらず牧人もまたかしこにはその群をふさすることなく
21 ২১ কিন্তু মৰুভূমিৰ বনৰীয়া জন্তুৱে তাত বাস কৰিব; তেওঁলোকৰ ঘৰবোৰ ফেঁচাৰে পৰিপূৰ্ণ হ’ব, আৰু সেই ঠাইত উট পক্ষীয়ে আৰু বনৰীয়া ছাগলীবোৰে জপিয়াব।
ただ猛獸かしこにふし 吼るものその家にみち 鴕鳥かしこにすみ 牡山羊かしこに躍らん
22 ২২ তেওঁলোকৰ দুর্গবোৰত ৰাংকুকুৰ, আৰু মনোহৰ অট্টালিকাবোৰত শিয়ালে চিঞৰিব। তেওঁৰ সময় ওচৰ চাপিছে, আৰু তেওঁৰ দিনবোৰ বিলম্ব নকৰিব।
豺狼その城のなかになき野犬えいぐわの宮にさけばん その時のいたるは近きにあり その日は延ることなかるべし