< ইসাইয়া 12 >
1 ১ সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
Y en ese día dirás: Te alabaré, oh Señor; porque aunque estabas enojado conmigo, tu ira se ha apartado, y me has consolado.
2 ২ চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
Mira, Dios es mi salvación; Tendré fe en el Señor, sin temor; porque el Señor DIOS, es mi fuerza y mi canto; y él se ha convertido en mi salvación.
3 ৩ পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা।
Con gozo sacarás agua de los manantiales de la salvación.
4 ৪ সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা।
Y en ese día dirás: Alaban al Señor, sea honrado su nombre, cuenten sus obras entre los pueblos, hagan recordar que su nombre es exaltado.
5 ৫ যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক।
Canten alabanzas al Señor; porque ha hecho cosas maravillosas. Dar noticias de esto por toda la tierra.
6 ৬ হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।”
Grita en un clamor de alegría, oh habitantes de Sión, porque grande es el Santo de Israel entre ustedes.