< ইসাইয়া 11 >
1 ১ যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব।
И изыдет жезл из корене Иессеова, и цвет от корене его взыдет:
2 ২ যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা, পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব।
и почиет на нем Дух Божий, дух премудрости и разума, дух совета и крепости, дух ведения и благочестия:
3 ৩ যিহোৱাৰ ভয়ত তেওঁৰ আনন্দ হ’ব, তেওঁৰ চকুৱে দেখাৰ দ্বাৰাই তেওঁ বিচাৰ নকৰিব, নাইবা তেওঁৰ কাণে শুনাৰ দ্বাৰাই তেওঁ সিদ্ধান্ত নল’ব।
исполнит его дух страха Божия: не по славе судити имать, ниже по глаголанию обличит,
4 ৪ তাৰপৰিৱৰ্তে তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীবীক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
но судит правдою смиренному суд и обличит правостию смиренныя земли, и поразит землю словом уст Своих и духом устен убиет нечестиваго:
5 ৫ ধাৰ্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব।
и будет препоясан правдою о чреслех Своих и истиною обвит по ребрам Своим:
6 ৬ কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব।
и пастися будут вкупе волк с агнцем, и рысь почиет со козлищем, и телец и юнец и лев вкупе пастися будут, и отроча мало поведет я:
7 ৭ গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব।
и вол и медведь вкупе пастися будут, и вкупе дети их будут, и лев аки вол ясти будет плевы:
8 ৮ কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব।
и отроча младо на пещеры аспидов и на ложе изчадий аспидских руку возложит:
9 ৯ মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
и не сотворят зла, ни возмогут погубити ни когоже на горе святей Моей: яко наполнися вся земля ведения Господня, аки вода многа покры море.
10 ১০ সেইদিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব।
И будет в день оный корень Иессеов, и востаяй владети языки, на того языцы уповати будут: и будет покой его честь.
11 ১১ পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।
И будет в день оный, приложит Господь показати руку Свою, еже возревновати по останку прочему людий, иже аще останет от Ассириов и от Египта, и Вавилона и от Ефиопии, и от Еламитов и от Востоков солнца, и от Аравии и от островов морских.
12 ১২ তেওঁ দেশবাসীৰ বাবে এখন নিচান স্থাপন কৰিব, আৰু ইস্রায়েলৰ দেশ ত্যাগ কৰাসকল, আৰু পৃথিৱীৰ চাৰিও চকুৰ পৰা খেদি দিয়া যিহূদাৰ লোকসকলক তেওঁ একত্রিত কৰিব।
И воздвигнет знамение в языки, и соберет погибшыя Израилевы, и расточенныя Иудины соберет от четырех крил земли.
13 ১৩ তেওঁ ইফ্ৰয়িমৰ অসূয়া বন্ধ কৰিব, আৰু যিহূদাক অত্যাচাৰ কৰাসকলক উচ্ছন্ন কৰা হ’ব; ইফ্ৰয়িমে যিহুদাক অসূয়া নকৰিব, আৰু যিহূদাই ইফ্ৰয়িমক আৰু অত্যাচাৰ নকৰিব।
И отимется ревность Ефремова, и врази Иудины погибнут: Ефрем не возревнует Иуде, и Иуда не оскорбит Ефрема.
14 ১৪ তথাপিও তেওঁলোকে পশ্চিম ফালে থকা পলেষ্টীয়াসকলৰ পাহাৰবোৰ অৱৰোধ কৰিব; আৰু তেওঁলোক দুয়ো একেলগে পূব দিশৰ লোকসকলক লুট কৰিব। তেওঁলোক ইদোম আৰু মোৱাবক আক্রমণ কৰিব; আৰু অম্মোনৰ লোকসকল তেওঁলোকক মানি চলিব।
И полетят в кораблех иноплеменничих, море купно пленят, и сущих от Восток солнца, и Идумею: и на Моава первее руки возложат, сынове же Аммони первии покорятся.
15 ১৫ যিহোৱাই মিচৰীয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্রাতাচ নদীৰ ওপৰত তপত বতাহ নিজৰ হাতেৰে বলাব, আৰু সাতটা সুঁতিত বিভক্ত কৰিব, সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ’ব পাৰিব।
И опустошит Господь море Египетское и возложит руку Свою на реку духом пресильным: и поразит на седмь дебрий, якоже преходити ю во обувении:
16 ১৬ মিচৰ দেশৰ পৰা ওলাই অহা দিনা যি দৰে ইস্ৰায়েলৰ বাবে এটি পথ হৈছিল, সেইদৰে অৱশিষ্ট থকা লোকসকলৰ বাবে অচূৰৰ পৰা এটি ৰাজপথ হ’ব।
и будет прошествие людем Моим оставшым во Египте, и будет Израилю, якоже в день, егда изыде от земли Египетския.