< ইসাইয়া 10 >
1 ১ অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
Ègbé ni fún àwọn ti ń ṣe òfin àìṣòdodo,
2 ২ তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!
láti dún àwọn aláìní ní ẹ̀tọ́ wọn àti láti fa ọwọ́ ìdájọ́ sẹ́yìn kúrò níwájú àwọn olùpọ́njú ènìyàn mi, wọ́n sọ àwọn ọ̀pọ̀ di ìjẹ fún wọn, wọ́n sì ń ja àwọn aláìní baba lólè.
3 ৩ বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
Kí ni ìwọ yóò ṣe ní ọjọ́ ìṣirò nígbà tí ìparun bá ti ọ̀nà jíjìn wá? Ta ni ìwọ yóò sá tọ̀ fún ìrànlọ́wọ́? Níbo ni ìwọ yóò fi ọrọ̀ rẹ sí?
4 ৪ একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা। এই সকলোৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত তেতিয়াও উদ্যত হৈ আছে।
Ohunkóhun kò ní ṣẹ́kù mọ́ bí kò ṣe láti tẹ̀ ba láàrín àwọn ìgbèkùn tàbí kí o ṣubú sáàrín àwọn tí a pa. Pẹ̀lú gbogbo nǹkan wọ̀nyí, ìbínú rẹ̀ kò kúrò, ọwọ́ rẹ̀ sì tún gbé sókè.
5 ৫ অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
“Ègbé ni fún àwọn ará Asiria, ọ̀gọ ìbínú mi, ní ọwọ́ ẹni tí kùmọ̀ ìbínú mi wà!
6 ৬ মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালোঁ। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Mo rán an sí orílẹ̀-èdè aláìní Ọlọ́run, mo dojú rẹ̀ kọ àwọn ènìyàn tí ó mú mi bínú láti já ẹrù gbà, àti láti kó ìkógun láti tẹ̀ mọ́lẹ̀ bí amọ̀ ní ojú òpópó.
7 ৭ কিন্তু তেওঁ মনস্থ কৰা অথবা তেওঁ ভবাৰ দৰে এইটো নহয়। কিন্তু তেওঁ বহুতো দেশ বিনষ্ট কৰি ত্যাগ কৰিবলৈ চিন্তা কৰে।
Ṣùgbọ́n, èyí kì í ṣe ohun tí ó fẹ́ ṣe, èyí kọ́ ni ohun tí ó ní lọ́kàn; èrò rẹ̀ ni láti parun, láti fi òpin sí ọ̀pọ̀lọpọ̀ orílẹ̀-èdè.
8 ৮ কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
‘Kì í ha ṣe pé ọba ni gbogbo àwọn aláṣẹ mi?’ ni Olúwa wí.
9 ৯ কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?
‘Kì í ha ṣe pé Kalno dàbí i Karkemiṣi? Hamati kò ha dàbí i Arpadi, àti Samaria bí i Damasku?
10 ১০ যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মূৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলোঁ।
Gẹ́gẹ́ bí ọwọ́ mi ti gbá ìjọba àwọn òrìṣà mú, ìjọba tí ère rẹ̀ pọ̀ ju ti Jerusalẹmu àti Samaria lọ.
11 ১১ যিদৰে মই চমৰিয়া আৰু তেওঁৰ মূল্যহীন মূৰ্ত্তিবোৰক কৰিছিলোঁ, সেই একেদৰে যিৰূচালেম আৰু তেওঁৰ প্ৰতিমাবোৰকো মই নকৰিম নে?”
Èmi kì yóò a bá Jerusalẹmu wí àti àwọn ère rẹ̀?’” Gẹ́gẹ́ bí mo ṣe ṣe sí Samaria àti àwọn ère rẹ̀?
12 ১২ যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
Nígbà tí Olúwa ti ṣe iṣẹ́ rẹ̀ sí òkè Sioni àti Jerusalẹmu, yóò sọ wí pé, “Èmi yóò fi ìyà jẹ ọba Asiria nítorí gààrù àyà rẹ̀ àti ìgbéraga ojú rẹ̀.
13 ১৩ কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
Nítorí ó sọ pé: “‘Pẹ̀lú agbára ọwọ́ mi ni mo fi ṣe èyí àti pẹ̀lú ọgbọ́n ọ̀n mi, nítorí mo ní òye. Mo mú ààlà àwọn orílẹ̀-èdè kúrò, mo sì ti kó ìṣúra wọn. Gẹ́gẹ́ bí alágbára kan, mo borí àwọn ọba wọn.
14 ১৪ মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।”
Bí ènìyàn ti í tọwọ́ bọ ìtẹ́ ẹyẹ, bẹ́ẹ̀ ni ọwọ́ mi tẹ ọrọ̀ àwọn orílẹ̀-èdè. Bí ènìyàn ti í kó ẹyin tí a kọ̀sílẹ̀, bẹ́ẹ̀ ni mo kó àwọn orílẹ̀-èdè kò sí èyí tí ó fi apá lu apá, tàbí kí ó ya ẹnu láti dún.’”
15 ১৫ কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
Ǹjẹ́ àáké le gbé ara rẹ̀ sókè kọjá ẹni tí ó ń fì í, tàbí kí ayùn fọ́nnu sí ẹni tí ó ń lò ó? Àfi bí ẹni pé ọ̀pá ó na ẹni tí ó gbé e sókè, tàbí kí kùmọ̀ lu èyí tí kì í ṣe igi.
16 ১৬ এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
Nítorí náà, ni Olúwa, Olúwa àwọn ọmọ-ogun, yóò rán ààrùn ìrẹ̀dànù sórí àwọn akíkanjú jagunjagun, lábẹ́ ògo rẹ̀ ni iná kan yóò ti sọ gẹ́gẹ́ bí iná ajónirun.
17 ১৭ যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
Ìmọ́lẹ̀ Israẹli yóò di iná, Ẹni Mímọ́ rẹ̀ yóò jẹ́ ọ̀wọ́-iná, ní ọjọ́ kan ṣoṣo yóò jó yóò sì run àti ẹ̀gún àti ẹ̀wọ̀n.
18 ১৮ যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
Gbogbo ẹwà igbó o rẹ̀, àti àwọn pápá ọlọ́ràá gbogbo rẹ̀ ni yóò run pátápátá, gẹ́gẹ́ bí ẹni tí ó ṣàìsàn ti í ṣòfò dànù.
19 ১৯ তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
Àwọn igi tí yóò kù nínú igbó o rẹ̀ yóò kéré níye, tí ọ̀dọ́mọdé yóò fi le kọ̀ wọ́n sílẹ̀.
20 ২০ সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
Ní ọjọ́ náà, àwọn tí ó ṣẹ́kù ní Israẹli, àwọn tí ó yè ní ilé e Jakọbu, kò ní gbẹ́kẹ̀lé ẹni náà tí ó lù wọ́n bolẹ̀, ṣùgbọ́n ní òtítọ́ yóò gbẹ́kẹ̀lé Olúwa, Ẹni Mímọ́ Israẹli.
21 ২১ যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
Àwọn ìyókù yóò padà, àwọn ìyókù ti Jakọbu yóò padà sí ọ̀dọ̀ Ọlọ́run Alágbára.
22 ২২ কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
Bí ó tilẹ̀ jẹ́ pé àwọn ènìyàn rẹ, ìwọ Israẹli dàbí yanrìn ní Òkun, ẹni díẹ̀ ni yóò padà. A ti pàṣẹ ìparun, àkúnwọ́sílẹ̀ àti òdodo.
23 ২৩ কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
Olúwa, Olúwa àwọn ọmọ-ogun ni yóò mú un ṣẹ, ìparun tí a ti pàṣẹ rẹ̀ lórí gbogbo ilẹ̀ náà.
24 ২৪ এই হেতুকে বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে মোৰ চিয়োন-নিবাসী লোকসকল, যদিও অচুৰে তোমালোকক দণ্ডৰে প্ৰহাৰ কৰিব, আৰু মিচৰনিবাসী সকলে কৰাৰ দৰে তোমালোকৰ বিৰুদ্ধে লাখুটি দাঙিব, তথাপি অচুৰলৈ ভয় নকৰিবা।
Nítorí náà, báyìí ni Olúwa, Olúwa àwọn ọmọ-ogun wí, “Ẹ̀yin ènìyàn mi tí ó ń gbé Sioni, ẹ má ṣe bẹ̀rù àwọn Asiria, tí ó ń fi ọ̀pá lù yín, tí wọ́n sì ń gbé ọ̀gọ tì yín bí Ejibiti ti ṣe.
25 ২৫ তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
Láìpẹ́, ìbínú mi sí i yín yóò wá sí òpin n ó sì dojú ìrunú mi kọ wọ́n, fún ìparun wọn.”
26 ২৬ ওৰেবৰ শিলত যেতিয়া মিদিয়নক পৰাজিত কৰিব, তেতিয়া বাহিনী সকলৰ যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে চাবুক ব্যৱহাৰ কৰিব। তেওঁ সাগৰৰ ওপৰত তেওঁৰ লাখুটি দাঙিব, আৰু তেওঁ মিচৰত দঙাৰ দৰে তাক দাঙিব।
Olúwa àwọn ọmọ-ogun yóò nà wọ́n ní ẹgba. Gẹ́gẹ́ bí ó ṣe lu Midiani ní òkè Orebu, yóò sì gbé ọ̀pá rẹ̀ lé orí omi gẹ́gẹ́ bí ó ti ṣe ní Ejibiti.
27 ২৭ সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব, আৰু তোমালোকৰ ডিঙি অধিক শকত হোৱাৰ কাৰণে যুৱলি ধ্বংস হ’ব।
Ní ọjọ́ náà, a ó gbé ẹrù wọn kúrò ní èjìká a yín, àti àjàgà a wọn kúrò ní ọrùn un yín a ó fọ́ àjàgà náà, nítorí pé ẹ̀yin ó ti sanra.
28 ২৮ শত্রুবোৰ অয়ৎলৈ আহিল, আৰু মিগ্ৰোণৰ মাজেদি আহিল; তেওঁ মিকমচত তেওঁ বিধান সংৰক্ষিত কৰিলে।
Wọ́n wọ Aiati, wọ́n gba Migroni kọjá, wọ́n kó nǹkan pamọ́ sí Mikmasi.
29 ২৯ তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।
Wọ́n ti rékọjá ọ̀nà, wọ́n wí pé, “Àwa ó tẹ̀dó sí Geba lóru yìí.” Rama mì tìtì Gibeah ti Saulu sálọ.
30 ৩০ হেগল্লীম জীয়াৰী, তুমি জোৰকৈ চিঞৰা! হে লয়িচা, মনোযোগ দিয়া! হে দুর্ভগীয়া অনাথোত!
Gbé ohùn rẹ sókè, ìwọ ọmọbìnrin Galimu! Dẹ etí sílẹ̀, ìwọ Laiṣa! Ìwọ òtòṣì Anatoti!
31 ৩১ মদমেনা পলৰীয়া; গেবিম নিবাসীসকল নিৰাপত্তাৰ কাৰণে দৌৰা।
Madmena ti fẹsẹ̀ fẹ́ ẹ, àwọn ènìyàn Gebimu ti fi ara pamọ́.
32 ৩২ এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
Ní ọjọ́ yìí, wọn yóò dúró ní Nobu wọn yóò kan sáárá, ní òkè ọmọbìnrin Sioni ní òkè Jerusalẹmu.
33 ৩৩ চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব; ওখ গছবোৰ কাটি পেলোৱা হ’ব, আৰু সূউচ্চবোৰক তল কৰা হ’ব।
Wò ó, Olúwa, Olúwa àwọn ọmọ-ogun, yóò kán ẹ̀ka náà sọnù pẹ̀lú agbára. Àwọn igi ọlọ́lá ni a ó gé lulẹ̀ àwọn tí ó ga gogoro ni a ó rẹ̀ sílẹ̀.
34 ৩৪ যিহোৱাই কুঠাৰেৰে ঘন অৰণ্য কাটি পেলাব, আৰু তেওঁৰ মহত্বত লিবানোন পতিত হ’ব।
Òun yóò gé igbó dídí pẹ̀lú àáké, Lebanoni yóò ṣubú níwájú Alágbára náà.