< হোসেয়া 1 >

1 যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
[前編:歐瑟亞結婚的意義]一:烏齊雅、約堂、[阿哈次和希則克亞]為猶大王,約阿士的兒子雅洛貝罕為以色列王時,上主有話傳給貝厄黎的兒子歐瑟亞。
2 হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”
上主開始藉歐瑟亞發言時,上主對歐瑟亞說:「你去娶一個娼婦為妻,讓她生淫亂的子女,因為此地淫亂放蕩,背離了上主。」
3 সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে।
歐瑟亞便去娶了狄布拉因的女兒默爾為妻;她懷孕,給他生了一個兒子。
4 তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম।
上主對歐瑟亞說:「你要給他起名叫依次勒耳,因為過不久,我要向耶胡家追討依次勒耳的血債,要消滅以色列家的王室。
5 সেইদিনা মই যিজ্ৰিয়েলৰ উপত্যকাত ইস্ৰায়েলৰ ধনু ভাঙিম।”
到那一天,我必要在依次勒耳山谷折斷以色列的弓。」
6 পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা ৰাখা; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম।
哥默爾再懷孕,生了一個女兒,上主對歐瑟亞說:「你要給她起名叫羅魯阿瑪 (不受愛憐者,) 因為我不再愛憐以色列家,以致我不再寬宥他們。
7 কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”
但我要愛憐猶大家族,要拯救他們,因為我上主是他們的天主;但是我不以弓、弩、刀劍、戰爭、戰馬和騎士拯救他們。
8 লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰায় এটি পুত্ৰ প্ৰসৱ কৰিলে।
羅魯阿瑪斷奶之後,哥默爾又懷孕,生了一個兒子。
9 তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।”
上主說:「你給他起名叫羅阿米 (非我人民),因為你們已不是我的人民,我已也不是你們的的上主。」
10 ১০ তথাপিও ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।”
以色列子民的數目將如海邊的沙粒,不可斗量,不可勝數;在那裏人曾對他們說:「你們不是我的人民。」在那裏人也要對他們說:「你們是永生天主的人民。」
11 ১১ যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ’ব।
猶大子民和以色列子民將在一起,要為自己選定一個首領;他們要由此地擴展,因為依次勒耳的日子要成為偉大的。

< হোসেয়া 1 >