< হোসেয়া 9 >

1 হে ইস্ৰায়েল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা; তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম কৰিছা, মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকর্মৰ বেচ পাই আনন্দিত হৈছা।
Ne raduj se, Izrailju, veseleæi se kao narodi, što se kurvaš otstupivši od Boga svojega, miluješ platu kurvarsku po svijem gumnima žitnijem.
2 মৰণা মৰা মজিয়া আৰু দ্ৰাক্ষা পেৰা কুণ্ডই লোকসকলক খাবলৈ নিদিব; তেওঁলোকে নতুন দ্রাক্ষাৰস নাপাব।
Gumno i kaca neæe ih hraniti, i mast æe ih prevariti.
3 তেওঁলোকে যিহোৱাৰ দেশত বাস নকৰিব; কিন্তু ইফ্ৰয়িম হ’লে মিচৰলৈ উলটি যাব, আৰু তেওঁলোকে অচূৰীয়াত অশুচি আহাৰ খাব।
Oni neæe nastavati u zemlji Gospodnjoj; nego æe se vratiti Jefrem u Misir, i oni æe jesti neèistotu u Asirskoj.
4 তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে দ্ৰাক্ষাৰসৰ পানীয় নৈবেদ্য ঢালিবলৈ নাপাব; তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব; তেনে বলিদানবোৰ শোকার্ত লোকসকলৰ আহাৰৰ নিচিনা হ’ব; সেইবোৰ যিসকলে খাব, তেওঁলোক সকলো অশুচি হ’ব; কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণেই হব, কিন্তু যিহোৱাৰ গৃহলৈ নাহিব।
Neæe prinositi Gospodu vina, niti æe mu biti ugodne žrtve njihove, nego æe im biti kao hljeb onijeh koji tuže, ko ga god jede oskvrniæe se, jer im je hljeb za žrtve njihove, neæe uæi u dom Gospodnji.
5 তেওঁলোকৰ পৰ্ব্বৰ দিনা আৰু যিহোৱাৰ উৎসৱৰ দিনা তেওঁলোকে কি কৰিব?
Šta æete èiniti na dan svetkovine i na dan praznika Gospodnjega?
6 তেওঁলোকে যদি অচূৰীয়াত বিনাশৰ পৰা ৰক্ষাও পায়, কিন্তু মিচৰে তেওঁলোকক পৰলোকলৈ গোটাব আৰু মেম্ফিচ নগৰে তেওঁলোকক মৈদাম দিব। তেওঁলোকৰ সাঁচতীয়া মূল্যৱান ৰূপৰ বস্তুবোৰৰ লগতে তেওঁলোকৰ তম্বুবোৰ চোৰাত গছ আৰু কাঁইটীয়া গছে ঢাকি পেলাব।
Jer gle, otiæi æe pustošenja radi; Misir æe ih pribrati, Memfis æe ih pogrepsti; zaklade njihove od srebra naslijediæe kopriva, trnje æe im biti u šatorima.
7 ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”
Doðoše dani pohoðenju, doðoše dani plaæanju; poznaæe Izrailj; proroci su ludi, bezumni su u kojima je duh, za mnoštvo bezakonja tvojega i veliku mržnju.
8 মোৰ ঈশ্বৰৰ সৈতে ভাববাদীজন ইফ্ৰয়িমৰ প্ৰহৰী হ’লেও তেওঁৰ সকলো পথতে থাকে ব্যাধৰ ফান্দ; ঈশ্বৰৰ গৃহত তেওঁৰ বিপক্ষে থাকে শত্ৰুতা।
Stražar je Jefremov s Bogom mojim, prorok je zamka ptièarska po svijem putovima njegovijem, mržnja je u domu Boga njegova.
9 গিবিয়াৰ সময়ত যেনেকৈ আছিল, সেইদৰে ইস্রায়েলীয়াসকল ভ্রষ্টতাৰ মাজত ডুব গ’ল। ঈশ্বৰে তেওঁলোকৰ অধর্মৰ কথা সোঁৱৰণ কৰিব; তেওঁলোকৰ পাপ কার্যৰ প্ৰতিকাৰ সাধিব।
Duboko su se pokvarili kao u vrijeme Gavajsko; opomenuæe se bezakonja njihova, i pohodiæe grijehe njihove.
10 ১০ যিহোৱাই কৈছে, “মৰুভূমিত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক বিচাৰি পালোঁ; প্রথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলোঁ; কিন্তু তেওঁলোকে বাল-পিয়োৰৰ ওচৰলৈ গৈ সেই লজ্জাপূর্ণ মূর্তিটোৰ উদ্দেশে নিজকে দিছিল; তাতে তেওঁলোকৰ প্রিয় মূর্তিটোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল।
Naðoh Izrailja kao grožðe u pustinji; vidjeh oce vaše kao prve smokve na drvetu u poèetku njegovu; oni otidoše k Velfegoru, i odvojiše se za sramotom, i postaše gadni kako im bješe milo.
11 ১১ ইফ্ৰয়িমৰ বিষয়ে হ’লে, চৰাইৰ নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উড়ি যাব; তেতিয়া সন্তানৰ জন্ম নহ’ব, কোনো গর্ভৱতী নহ’ব আৰু কোনেও গৰ্ভধাৰণো নকৰিব।
Jefremova æe slava odletjeti kao ptica od roðenja i od utrobe i od zaèetka.
12 ১২ যদিওবা কোনোৱে সন্তান সকলক ডাঙৰ-দীঘল কৰে, সেই সন্তান সকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম; তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যেই সন্তাপ হ’ব।
Ako li i othrani sinove svoje, ja æu ih uèiniti da budu bez djece, da ne ostane nijedan; i teško njima kad otstupim od njih.
13 ১৩ এদিন মই ইফ্রয়িমক এক মনোহৰ ঠাইত ৰোপণ কৰা তূৰ যেন দেখিছিলোঁ; কিন্তু এতিয়া ইফ্ৰয়িমে নিজৰ সন্তান সকলক বাহিৰ কৰি বধকাৰীৰ ওচৰলৈ তেওঁলোকক লৈ যাব।”
Jefrem, kad ga gledah, bješe kao Tir, posaðen na ljupku mjestu; ali æe Jefrem izvesti krvniku sinove svoje.
14 ১৪ হে যিহোৱা, তেওঁলোকক দিয়ক; আপুনি তেওঁলোকক কি দিব? আপুনি তেওঁলোকক গর্ভফল নষ্ট হৈ যোৱা গর্ভ আৰু গাখীৰ নথকা শুকান স্তন দিয়ক।
Podaj im, Gospode; šta æeš im dati? podaj im utrobu pometljivu i dojke usahle.
15 ১৫ যিহোৱাই কৈছে, “গিলগলত তেওঁলোকে নিজৰ সকলো দুষ্টতা আৰম্ভ কৰিছিল; সেই ঠাইতে মই তেওঁলোকক ঘৃণা কৰিবলৈ ধৰিলো। তেওঁলোকৰ পাপকর্মৰ কাৰণে মই মোৰ লোকসকলৰ মাজৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰি দিম; মই তেওঁলোকক পুনৰায় প্ৰেম নকৰিম; তেওঁলোকৰ সকলো নেতাই বিদ্ৰোহী।
Sva je zloæa njihova u Galgalu; zato ondje mrzim na njih; za zloæu djela njihovijeh izagnaæu ih iz doma svojega; neæu ih više ljubiti: svi su knezovi njihovi odmetnici.
16 ১৬ ইফ্ৰয়িমক আহত কৰা হৈছে, তেওঁলোকৰ শিপা শুকাই গৈছে, তেওঁলোকে কোনো ফল উৎপন্ন নকৰিব; তেওঁলোকৰ সন্তান জন্ম হ’লেও, মই তেওঁলোকৰ গৰ্ভৰ প্রিয় সন্তানবোৰক মাৰি পেলাম।”
Udaren bi Jefrem; korijen im posahnu, neæe roditi roda; ako i rode, ubiæu mili porod utrobe njihove.
17 ১৭ মোৰ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিব, কিয়নো তেওঁলোক তেওঁৰ আজ্ঞাৰ বাধ্য নহ’ল; তেওঁলোক বিভিন্ন জাতিবোৰৰ মাজত যাযাবৰী হৈ ঘূৰি ফুৰিব।
Odbaciæe ih Bog moj, jer ga ne slušaju, i skitaæe se po narodima.

< হোসেয়া 9 >