< হোসেয়া 7 >
1 ১ যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।
Lapho bengingelapha uIsrayeli, khona isiphambeko sikaEfrayimi sembulwa, lobubi beSamariya; ngoba benza amanga, lesela liyangena, leviyo labaphangi liyaphanga ngaphandle.
2 ২ কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে; মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে।
Njalo kabangatsho enhliziyweni yabo ukuthi ngiyabukhumbula bonke ububi babo. Khathesi izenzo zabo zibahanqile, ziphambi kobuso bami.
3 ৩ তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে।
Bayayithokozisa inkosi ngobubi babo, leziphathamandla ngamanga abo.
4 ৪ তেওঁলোক সকলোৱেই ব্যভিচাৰী; তেওঁলোক পিঠা প্রস্তুত কৰোঁতাৰ তপত তন্দুৰৰ নিচিনা; পিঠা প্রস্তুত কৰোঁতাজনে আটাগুড়ি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফুলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্রয়োজন নহয়।
Bonke bayafeba; banjengeziko elibaselwa ngumphekizinkwa, oyekela ukukhwezela umlilo kusukela ekuxoveni inhlama kuze kube sekubileni kwayo.
5 ৫ আমাৰ ৰজাৰ উৎসৱৰ দিনা প্রধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল; নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল।
Kulusuku lwenkosi yethu; iziphathamandla ziyigulise ngokutshisa kwewayini; yelulela isandla sayo kanye labaklolodayo.
6 ৬ কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে, তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে; ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে; ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে।
Ngoba zalungisa inhliziyo yazo njengeziko ngokucathamela kwazo; umphekizinkwa wazo ulala ubusuku bonke; ekuseni libhebhe njengomlilo olelangabi.
7 ৭ তেওঁলোক সকলোৱেই এটা তন্দুৰৰ দৰেই তপত; তেওঁলোকৰ শাসনকৰ্ত্তাসকলক তেওঁলোকে গ্ৰাস কৰে; তেওঁলোকৰ সকলো ৰজা পতিত হ’ল; তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে।
Zonke ziyatshisa njengeziko; zidle abehluleli bazo; amakhosi azo wonke awile; kakulamuntu phakathi kwazo ongibizayo.
8 ৮ ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে; ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই।
UEfrayimi yena uzihlanganise lezizwe; uEfrayimi uliqebelengwana elingaphendulwanga.
9 ৯ বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই; তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।
Abezizwe badla amandla akhe, kodwa yena kazi. Yebo, inwele ezimpunga zihlakazekile phezu kwakhe, kodwa yena kazi.
10 ১০ ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।
Lokuzigqaja kukaIsrayeli kuyafakaza ebusweni bakhe, kodwa kababuyeli eNkosini uNkulunkulu wabo, kabayidingi ngakho konke lokhu.
11 ১১ ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন; তেওঁলোকে এবাৰ মিচৰক মাতে, পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়।
Njalo uEfrayimi unjengejuba eliyisiphukuphuku elingelangqondo; bakhalela iGibhithe, baye eAsiriya.
12 ১২ কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম; আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম; তেওঁলোকৰ মণ্ডলীৰ ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰেই মই তেওঁলোকক শাস্তি দিম।
Lapho behamba ngizakwendlala imbule lami phezu kwabo, ngibehlise njengenyoni zamazulu, ngibajezise njengokwezwakala ebandleni labo.
13 ১৩ তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল! তেওঁলোকৰ বিনাশ হ’ব! তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে; মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে।
Maye kubo, ngoba babalekile kimi! Incithakalo kubo, ngoba baphambukile bemelene lami. Lanxa mina bengingabahlenga, kube kanti bona baqamba amanga bemelene lami.
14 ১৪ তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
Kabakhaleli-ke kimi ngenhliziyo yabo, lapho beqhinqa isililo emibhedeni yabo; babuthana ngenxa yamabele lewayini elitsha, bayaphambuka bemelene lami.
15 ১৫ যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ, কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে।
Lanxa mina ngibalaya ngiqinisa izingalo zabo, kanti baceba okubi bemelene lami.
16 ১৬ তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্ব্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই; তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।
Bayaphenduka kodwa kunge koPhezukonke; banjengedandili elikhohlisayo; iziphathamandla zabo ziwa ngenkemba ngenxa yentukuthelo yolimi lwabo. Lokhu kuzakuba yinhlekisa yabo elizweni leGibhithe.