< হোসেয়া 2 >
1 ১ তোমালোকৰ ভাইসকলক তোমালোকে অম্মী আৰু ভনীসকলক ৰুহামা বুলি ক’বা।
Llamen a sus hermanos Ammi, y a sus hermanas Ruhama.
2 ২ তোমালোকৰ মাতৃৰ বিৰুদ্ধে তোমালোকে বিবাদ কৰা, তোমালোকে বিবাদ কৰা; কিয়নো তাই মোৰ ভার্যা নহয়, আৰু মইও তাইৰ স্বামী নহয়। তাই নিজৰ চকুৰ চাৱনীৰ পৰা পতিতা আৰু তাইৰ স্তনৰ পৰা নিজ ব্যভিচাৰ দূৰ কৰক।
Contiendan con su madre, contiendan, porque ella no es mi esposa ni Yo soy su esposo, para que se quite de su cara sus fornicaciones, y sus adulterios de entre sus pechos.
3 ৩ সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম। মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম।
No sea que la despoje, la deje totalmente desnuda, la coloque como el día cuando nació, la deje como el desierto, la reduzca a tierra árida, la mate de sed,
4 ৪ মই তাইৰ ল’ৰা-ছোৱালীবোৰক দয়া নকৰিম; কাৰণ তেওঁলোক বেশ্যাৰ সন্তান।
y no me compadezca de sus hijos porque son hijos bastardos.
5 ৫ তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে। কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।”
Sí, su madre se prostituyó, la que los dio a luz se deshonró, pues se dijo: Iré tras mis amantes, los cuales me dan mi pan y mi agua, mi lana y mi lino, mi aceite y mi vino.
6 ৬ সেই কাৰণে, মই কাঁইটেৰে তাইৰ পথ বন্ধ কৰিম; মই তাইৰ অহিতে এখন দেৱাল সাজিম যাতে তাই নিজৰ পথ বিচাৰি পাব নোৱাৰে।
Por tanto mira, Yo obstruyo tu camino con espinos. Construiré un muro contra ella para que no encuentren sus senderos.
7 ৭ তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”
Perseguirá a sus amantes y no los alcanzará, los buscará y no los hallará, y dirá: Volveré a mi primer esposo, porque entonces estaba mejor que ahora.
8 ৮ কিয়নো তাই জনা নাছিল যে, ময়েই তাইক সেই শস্য, দ্রাক্ষাৰস আৰু তেল দিছিলোঁ; তাইক প্রচুৰ পৰিমাণে ৰূপ আৰু সোণ দিছিলোঁ, যিবোৰ তাই বাল দেৱতাৰ কাৰণে ব্যৱহাৰ কৰিছিল।
Ella no entendía que era Yo el que le daba el grano, el mosto y el aceite, el que le multiplicaba la plata y el oro que usan para baal.
9 ৯ সেইবাবে শস্য দোৱাৰ সময়ত আৰু নতুন দ্রাক্ষাৰস তৈয়াৰ হোৱা বতৰত মই তাইৰ শস্য ঘূৰাই লম। তাইৰ উলঙ্গতা ঢাকিবলৈ ব্যৱহাৰ কৰা মোৰ ঊণ আৰু শণ সূতা মই কাঢ়ি লম।
Por eso le retendré mi grano en la cosecha y mi mosto en su época. Recuperaré mi lana y mi lino con los cuales cubría su desnudez.
10 ১০ মই এতিয়া তাইৰ প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাইৰ লজ্জা খুলি নগ্ন কৰিম; মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব।
Descubriré ante sus amantes su infamia, y no habrá quien la libre de mi mano.
11 ১১ মই তাইৰ সকলো আমোদ-প্রমোদ বন্ধ কৰিম; তাইৰ উৎসৱবোৰ, ন-জোন, বিশ্ৰাম-দিন আৰু তাইৰ সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম।
Haré cesar todo su alborozo: sus fiestas, sus nuevas lunas y sus sábados, y todas sus solemnidades.
12 ১২ মই তাইৰ সকলো দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰ ধ্বংস কৰিম; তাই সেইবোৰৰ বিষয়ে কৈছিল, “এইবোৰ বেচ হিচাপে মোৰ প্ৰেমিকসকলে মোক দিছিল।” মই সেই বাৰীবোৰক অৰণ্যলৈ পৰিণত কৰিম আৰু বনৰীয়া পশুবোৰে তাৰ পৰা আহাৰ খাব।
Arrasaré su vid y su higuera, de las cuales decía: son mi paga, me las dieron mis amantes. Las convertiré en matorrales, y los comerán las bestias del campo.
13 ১৩ তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।
La castigaré por los días dedicados a los baales, a los cuales les quemaba incienso, y adornada con aretes y collares iba detrás de sus amantes, y se olvidaba de mí, dice Yavé.
14 ১৪ এই হেতুকে মই এতিয়া তাইক বিমোহিত কৰিম আৰু তাইক মৰুপ্রান্তৰলৈ আনি তাইৰে সৈতে মৰমেৰে কথা পাতিম।
Por tanto, Yo la atraeré y la llevaré al desierto, y le hablaré a su corazón.
15 ১৫ মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম। যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি গীত গাব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত গীত গাইছিল।
Allí le daré sus viñas y el valle de Acor, como puerta de esperanza. Allí me responderá como en su juventud, como cuando salió de Egipto.
16 ১৬ যিহোৱাই কৈছে, “সেই দিনা তুমি মোক “মোৰ স্বামী” বুলি মাতিবা আৰু “মোৰ বাল” বুলি পুনৰায় নামাতিবা।
Sucederá en aquel día, dice Yavé, que tú me llamarás: Esposo mío, y ya no me llamarás: ʼAdón mío.
17 ১৭ কিয়নো মই তাইৰ মুখৰ পৰা বাল দেৱতাবোৰৰ নাম দূৰ কৰিম; তাই পুনৰ সেইবোৰৰ নাম সোঁৱৰণ নকৰিব।
Pues quitaré de su boca los nombres de los baales, y sus nombres ya no serán invocados.
18 ১৮ মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা প্রাণীবোৰেৰে সৈতে এটি নিয়ম স্থাপন কৰিম; সকলোৱে যাতে নিৰাপদে শুব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল, আৰু যুদ্ধ দূৰ কৰিম।
Haré un pacto a favor de ellos con las bestias salvajes, las aves de los cielos y los reptiles de la tierra. Romperé el arco, la espada y las batallas de la tierra, y haré que reposen seguros.
19 ১৯ মই তোমাক চিৰকালৰ বাবে মোৰ ভার্যা কৰি ল’ম; ধার্মিকতা, ন্যায় বিচাৰ, গভীৰ প্রেম আৰু দয়াৰে মই তোমাক ভার্যা কৰি ল’ম।
Te comprometeré conmigo para siempre. Te desposaré conmigo en justicia y justo juicio, con benignidad y gran misericordia.
20 ২০ মই বিশ্বস্ততাৰে তোমাক ভার্যা কৰি ল’ম আৰু তেতিয়া তুমি যিহোৱাক জানিব পাৰিবা।
Te desposaré conmigo en fidelidad, y tú conocerás a Yavé.
21 ২১ যিহোৱাই কৈছে, “সেই দিনা মই উত্তৰ দিম; মই আকাশ-মণ্ডলক উত্তৰ দিম; আকাশ-মণ্ডলে পৃথিবীক উত্তৰ দিব,
Aquel día responderé, dice Yavé. Yo responderé a los cielos, y ellos responderán a la tierra.
22 ২২ পৃথিবীয়ে শস্য, দ্ৰাক্ষাৰস, আৰু তেলক উত্তৰ দিব, আৰু সেইবোৰে যিজ্ৰিয়েলক উত্তৰ দিব।
Y la tierra responderá al trigo, al vino y al aceite, y ellos responderán a Jezreel.
23 ২৩ মই তাইক মোৰ কাৰণে দেশত ৰোপণ কৰিম। লো-ৰুহামাক মই দয়া কৰিম; লো-অম্মীক মই ক’ম “তুমি মোৰেই প্ৰজা” আৰু তেওঁ ক’ব “আপুনিয়েই মোৰ ঈশ্বৰ।”
Y la sembraré en la tierra para Mí mismo, y me compadeceré de Lo-ruhama, y diré a Lo-ammi: Pueblo mío. Y él responderá: Tú eres mi ʼElohim.