< হোসেয়া 12 >
1 ১ ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
Efraimu ń jẹ afẹ́fẹ́; o ń lépa afẹ́fẹ́ ìwọ̀-oòrùn ní gbogbo ọjọ́. O sì ń gbèrú nínú irọ́ o dá májẹ̀mú pẹ̀lú Asiria o sì fi òróró olifi ránṣẹ́ sí Ejibiti.
2 ২ যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।
Olúwa ní ẹjọ́ kan tí yóò bá Juda rò, yóò fì ìyà jẹ Jakọbu gẹ́gẹ́ bí ọ̀nà rẹ̀ yóò sì sán fún un gẹ́gẹ́ bí i ìṣe rẹ̀.
3 ৩ গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল; বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল।
Láti inú oyún ni ó ti di arákùnrin rẹ̀ mú ni gìgísẹ̀, àti nípa ipá rẹ̀ ó ni agbára pẹ̀lú Ọlọ́run
4 ৪ তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল।
Ó bá angẹli ja ìjàkadì, ó sì borí rẹ̀, o sọkún, ó sì bẹ̀bẹ̀ fún ojúrere rẹ̀. Ó bá Olúwa ní Beteli, Ó sì bá a sọ̀rọ̀ níbẹ̀,
5 ৫ তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।
àní Olúwa Ọlọ́run àwọn ọmọ-ogun; Olúwa ni orúkọ ìrántí rẹ̀.
6 ৬ এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
Ṣùgbọ́n ìwọ gbọdọ̀ padà sọ́dọ̀ Ọlọ́run rẹ̀; di ìfẹ́ àti ìdájọ́ òdodo mú kí ẹ sì dúró de Ọlọ́run yín nígbà gbogbo.
7 ৭ যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।
Oníṣòwò ń lo òsùwọ̀n èké o fẹ́ràn láti rẹ́ ni jẹ.
8 ৮ ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
Efraimu gbéraga, “Èmi ní ìní fún ara mi, mo sì ti di ọlọ́rọ̀, pẹ̀lú gbogbo ọrọ̀ mi yìí, wọn kò le ká àìṣedéédéé tàbí ẹ̀ṣẹ̀ kankan mọ́ mi lọ́wọ́.”
9 ৯ কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
“Èmi ni Olúwa Ọlọ́run rẹ; ẹni tí ó mu ọ jáde wá láti ilẹ̀ Ejibiti; èmi yóò tún mú yín gbé nínú àgọ́ bí i ọjọ́ àjọ̀dún tí a yàn wọ̀n-ọn-nì.
10 ১০ মই ভাববাদীসকলৰ আগত কথা কলোঁ, অনেক দৰ্শন দিলোঁ; তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।
Mo sọ fún àwọn wòlíì, mo fi ọ̀pọ̀lọpọ̀ ìran hàn wọ́n mo sì pa òwe láti ẹnu wòlíì wọn.”
11 ১১ গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ। গিলগলত লোকসকলে বলধ উৎসর্গ কৰে; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।
Gileadi ha burú bí? Àwọn ènìyàn rẹ̀ jẹ́ asán. Ǹjẹ́ wọ́n ń fi akọ màlúù rú ẹbọ ní Gilgali? Gbogbo pẹpẹ wọ́n sì dàbí ebè nínú aporo oko.
12 ১২ যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।
Jakọbu sálọ si orílẹ̀-èdè Aramu; Israẹli sìn kí o tó fẹ́ ìyàwó ó ṣe ìtọ́jú ẹran láti fi san owó ìyàwó.
13 ১৩ যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।
Olúwa lo wòlíì kan láti mú Israẹli jáde wá láti Ejibiti, nípasẹ̀ wòlíì kan ó ṣe ìtọ́jú rẹ̀.
14 ১৪ কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব; তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।
Ṣùgbọ́n Efraimu ti mú un bínú gidigidi; Olúwa rẹ̀ yóò sì fi ẹ̀bi ìtàjẹ̀ sílẹ̀ sí orí rẹ̀ òun yóò sì san án padà fún un nítorí ìwà ẹ̀gàn an rẹ̀.