< হোসেয়া 12 >
1 ১ ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
Ephraim feeds on the wind and follows after the east wind. He continually multiplies lies and violence. They make a covenant with Assyria and carry olive oil to Egypt.
2 ২ যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।
Yahweh also has a lawsuit against Judah and will punish Jacob for what he has done; he will repay him for his deeds.
3 ৩ গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল; বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল।
In the womb Jacob grasped his brother by the heel, and in his manhood he struggled with God.
4 ৪ তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল।
He struggled with the angel and won. He wept and begged for his favor. He met God at Bethel; there God spoke with him.
5 ৫ তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।
This is Yahweh, the God of hosts; “Yahweh” is his name to be called on.
6 ৬ এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
So turn to your God. Keep covenantal faithfulness and justice, and wait continually for your God.
7 ৭ যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।
The merchants have false scales in their hands; they love to defraud.
8 ৮ ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
Ephraim said, “I have certainly become very rich; I have found wealth for myself. In all my work they will not find any iniquity in me, anything that would be sin.”
9 ৯ কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
“I am Yahweh your God from the land of Egypt. I will again make you live in tents, as in the days of the appointed festival.
10 ১০ মই ভাববাদীসকলৰ আগত কথা কলোঁ, অনেক দৰ্শন দিলোঁ; তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।
I spoke to the prophets, and I gave them many visions for you. By the hand of the prophets I gave parables.”
11 ১১ গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ। গিলগলত লোকসকলে বলধ উৎসর্গ কৰে; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।
If there is wickedness in Gilead, surely the people are worthless. In Gilgal they sacrifice bulls; their altars will be like heaps of stone in the furrows of the fields.
12 ১২ যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।
Jacob fled to the land of Aram; Israel worked in order to get a wife; and he kept flocks of sheep to get a wife.
13 ১৩ যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।
Yahweh brought Israel out of Egypt by a prophet, and by a prophet he took care of them.
14 ১৪ কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব; তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।
Ephraim has bitterly angered Yahweh. So his Lord will leave his blood on him and will turn back on him his disgrace.