< হোসেয়া 10 >
1 ১ ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে। তাৰ ফল যিমানে বৃদ্ধি পালে, সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।
Voaloboka misandrahaka Isiraely, mamoa ho azy izy; Araka ny habetsahan’ ny voany no nanaovany alitara betsaka, araka ny hatsaran’ ny taniny no nanaovany tsangam-baton-tsampy tsara tarehy.
2 ২ তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ; সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব। যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব।
Mamitaka ny fony, koa dia hovaliana izy izao noho ny helony; Jehovah no hanimba ny alitarany sy handrava ny tsangam-baton-tsampiny
3 ৩ তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?”
Amin’ izany dia hiteny izy hoe: Tsy mana-mpanjaka isika; Fa tsy natahorantsika Jehovah, koa hahavita inona ho antsika moa izay mpanjaka?
4 ৪ তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়; সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে।
Niteniteny foana izy tamin’ ny nianianany tsy tò sy ny nanaovany fanekena; Ka nitrebona toy ny zava-mangidy eny am-bavasa eny an-tsaha ny rariny.
5 ৫ চমৰিয়াত বসবাস কৰা লোকসকলে বৈৎ-আবনৰ দামুৰি-মূর্তিৰ কাৰণে ভয়তে কঁপিছে; সেয়ে তাৰ লোকসকলে শোক কৰিব, সেইদৰে, সেই মূর্তিপূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব; কাৰণ সেই মূর্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে।
Ny mponina any Samaria matahotra noho ny amin’ ny ombivavy kely ao Betavena; Fa ny olony mitomany azy,
6 ৬ সেইটো অচূৰীয়ালৈ লৈ যোৱা হ’ব, আৰু মহাৰাজৰ উপহাৰস্বৰূপে তাক দিয়া হ’ব। ইফ্ৰয়িমে লাজ পাব, ইস্ৰায়েলে কাঠৰ মূর্তিক অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ’ব।
Iny koa ho entina any Asyria ho fanomezana ho an’ i Jareba mpanjaka; Ho afa-baraka Efraima, eny, hangaihay Isiraely noho ny saina nataony.
7 ৭ পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰিয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ’ব।
Ho rava Samaria, ny mpanjakany dia ho tonga toy ny sombin-javatra eny ambonin’ ny rano.
8 ৮ বৈৎ-আবনৰ পূজাৰ ওখ ঠাইৰ মঠবোৰ অর্থাৎ ইস্ৰায়েলৰ পাপময় ঠাইবোৰ ধ্বংস হ’ব। কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব; তেতিয়া তেওঁলোকে পৰ্ব্বতবোৰক ক’ব, “আমাক ঢাকি পেলোৱা!” সৰু সৰু পাহাৰবোৰক ক’ব, “আমাৰ ওপৰত পৰা!”
Ary ho rava koa ny fitoerana avo ho Avena, izay anotan’ Isiraely; Ho rakotry ny tsilo sy ny ahitra ratsy ny alitarany; Ary izy hanao amin’ ny tendrombohitra hoe: sarony izahay, ary amin’ ny havoana hoe: Mianjerà aminay.
9 ৯ যিহোৱাই কৈছে, “হে ইস্ৰায়েল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা; পাপৰ মাজতেই তোমালোক থাকি গ’লা; গিবিয়াত যুদ্ধই জানো অধর্মচাৰীবোৰক লগ নাপাব?
Hatramin’ ny andro fony tany Gibea no efa nanotanao, ry Isiraely; Nikikitra tany izy; Tsy nahatratra azy tany Gibea ny ady namelezana ny zanaky ny faharatsiana.
10 ১০ যেতিয়াই মোৰ ইচ্ছা হয়, তেতিয়াই মই উচ্ছৃঙ্খল লোকসকলক শাস্তি দিবলৈ আহিম; তেওঁলোকৰ দুটা পাপৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ তেওঁলোকৰ অহিতে বিভিন্ন জাতিবোৰক একত্রিত কৰা হব।
Araka ny sitrako no hamaizako azy; Ary hovorina hamely azy ny firenena, amin’ ny hamatorana azy noho ny helony roa loha.
11 ১১ ইফ্ৰয়িম এক শিক্ষা পোৱা চেঁউৰী গৰু, যি শস্য মৰণা মাৰিবলৈ ভাল পায়। মই তাইৰ সুন্দৰ ডিঙিত যুঁৱলি দিম, মই ইফ্ৰয়িমৰ ওপৰত এক যুঁৱলি দিম; যিহূদাই নাঙল টানিব, যাকোবে নিজৰ কাৰণে মৈ টানিব।”
Ary Efraima dia tahaka ny ombivavy kely efa voafolaka ka faly hively vary; Ary hasiako zioga ny vozony tsara tarehy; Hampandehaniko Efraima; Joda hiasa tany, ary Jakoba handravona.
12 ১২ তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ, প্রেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা; যিহোৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব।
Mamafaza ho anareo araka ny fahamarinana, mijinjà araka ny fitiavana, hevoy ny tombam-borakareo; Fa izao no andro hitadiavana an’ i Jehovah ambara-pihaviny sy handatsahany fahamarinana aminareo.
13 ১৩ কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, ছলনাৰ ফল ভোগ কৰিলা; তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা।
Niasa faharatsiana ianareo, ka fahadisoana no nojinjanareo; Nihinana ny vokatry ny lainga ianareo fa nitoky tamin’ ny alehanareo sy ny habetsahan’ ny lehilahy maherinareo ianareo.
14 ১৪ সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।
Dia hisy tabataba hamelezana ny olonareo, ka horavana ny tanànareo mimanda rehetra, toy ny nandravan’ i Salamana an’ i Bet-arbela tamin’ ny andro niadiana, ka torotoro avokoa ny reniny mbamin’ ny zanany.
15 ১৫ হে বৈৎএল, তোমালোকলৈকো তেনেদৰে ঘটিব। কাৰণ তোমাৰ দুষ্টতা অতি বেছি। ৰাতিপুৱা হ’লে ইস্ৰায়েলৰ ৰজাক সম্পূর্ণকৈ ধ্বংস কৰা হ’ব।
Toy izany no hataon’ i Betela aminareo, noho ny haben’ ny faharatsianareo; Raha maraina ny andro, dia ho levona mihitsy ny mpanjakan’ ny Isiraely.