< হোসেয়া 10 >

1 ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে। তাৰ ফল যিমানে বৃদ্ধি পালে, সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।
גֶּפֶן בּוֹקֵק יִשְׂרָאֵל פְּרִי יְשַׁוֶּה־לּוֹ כְּרֹב לְפִרְיוֹ הִרְבָּה לַֽמִּזְבְּחוֹת כְּטוֹב לְאַרְצוֹ הֵיטִיבוּ מַצֵּבֽוֹת׃
2 তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ; সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব। যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব।
חָלַק לִבָּם עַתָּה יֶאְשָׁמוּ הוּא יַעֲרֹף מִזְבְּחוֹתָם יְשֹׁדֵד מַצֵּבוֹתָֽם׃
3 তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?”
כִּי עַתָּה יֹֽאמְרוּ אֵין מֶלֶךְ לָנוּ כִּי לֹא יָרֵאנוּ אֶת־יְהֹוָה וְהַמֶּלֶךְ מַה־יַּֽעֲשֶׂה־לָּֽנוּ׃
4 তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়; সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে।
דִּבְּרוּ דְבָרִים אָלוֹת שָׁוְא כָּרֹת בְּרִית וּפָרַח כָּרֹאשׁ מִשְׁפָּט עַל תַּלְמֵי שָׂדָֽי׃
5 চমৰিয়াত বসবাস কৰা লোকসকলে বৈৎ-আবনৰ দামুৰি-মূর্তিৰ কাৰণে ভয়তে কঁপিছে; সেয়ে তাৰ লোকসকলে শোক কৰিব, সেইদৰে, সেই মূর্তিপূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব; কাৰণ সেই মূর্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে।
לְעֶגְלוֹת בֵּית אָוֶן יָגוּרוּ שְׁכַן שֹֽׁמְרוֹן כִּי־אָבַל עָלָיו עַמּוֹ וּכְמָרָיו עָלָיו יָגִילוּ עַל־כְּבוֹדוֹ כִּֽי־גָלָה מִמֶּֽנּוּ׃
6 সেইটো অচূৰীয়ালৈ লৈ যোৱা হ’ব, আৰু মহাৰাজৰ উপহাৰস্বৰূপে তাক দিয়া হ’ব। ইফ্ৰয়িমে লাজ পাব, ইস্ৰায়েলে কাঠৰ মূর্তিক অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ’ব।
גַּם־אוֹתוֹ לְאַשּׁוּר יוּבָל מִנְחָה לְמֶלֶךְ יָרֵב בָּשְׁנָה אֶפְרַיִם יִקָּח וְיֵבוֹשׁ יִשְׂרָאֵל מֵעֲצָתֽוֹ׃
7 পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰিয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ’ব।
נִדְמֶה שֹׁמְרוֹן מַלְכָּהּ כְּקֶצֶף עַל־פְּנֵי־מָֽיִם׃
8 বৈৎ-আবনৰ পূজাৰ ওখ ঠাইৰ মঠবোৰ অর্থাৎ ইস্ৰায়েলৰ পাপময় ঠাইবোৰ ধ্বংস হ’ব। কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব; তেতিয়া তেওঁলোকে পৰ্ব্বতবোৰক ক’ব, “আমাক ঢাকি পেলোৱা!” সৰু সৰু পাহাৰবোৰক ক’ব, “আমাৰ ওপৰত পৰা!”
וְנִשְׁמְדוּ בָּמוֹת אָוֶן חַטַּאת יִשְׂרָאֵל קוֹץ וְדַרְדַּר יַעֲלֶה עַל־מִזְבְּחוֹתָם וְאָמְרוּ לֶֽהָרִים כַּסּוּנוּ וְלַגְּבָעוֹת נִפְלוּ עָלֵֽינוּ׃
9 যিহোৱাই কৈছে, “হে ইস্ৰায়েল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা; পাপৰ মাজতেই তোমালোক থাকি গ’লা; গিবিয়াত যুদ্ধই জানো অধর্মচাৰীবোৰক লগ নাপাব?
מִימֵי הַגִּבְעָה חָטָאתָ יִשְׂרָאֵל שָׁם עָמָדוּ לֹֽא־תַשִּׂיגֵם בַּגִּבְעָה מִלְחָמָה עַל־בְּנֵי עַֽלְוָֽה׃
10 ১০ যেতিয়াই মোৰ ইচ্ছা হয়, তেতিয়াই মই উচ্ছৃঙ্খল লোকসকলক শাস্তি দিবলৈ আহিম; তেওঁলোকৰ দুটা পাপৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ তেওঁলোকৰ অহিতে বিভিন্ন জাতিবোৰক একত্রিত কৰা হব।
בְּאַוָּתִי וְאֶסֳּרֵם וְאֻסְּפוּ עֲלֵיהֶם עַמִּים בְּאָסְרָם לִשְׁתֵּי עינתם עוֹנֹתָֽם׃
11 ১১ ইফ্ৰয়িম এক শিক্ষা পোৱা চেঁউৰী গৰু, যি শস্য মৰণা মাৰিবলৈ ভাল পায়। মই তাইৰ সুন্দৰ ডিঙিত যুঁৱলি দিম, মই ইফ্ৰয়িমৰ ওপৰত এক যুঁৱলি দিম; যিহূদাই নাঙল টানিব, যাকোবে নিজৰ কাৰণে মৈ টানিব।”
וְאֶפְרַיִם עֶגְלָה מְלֻמָּדָה אֹהַבְתִּי לָדוּשׁ וַאֲנִי עָבַרְתִּי עַל־טוּב צַוָּארָהּ אַרְכִּיב אֶפְרַיִם יַחֲרוֹשׁ יְהוּדָה יְשַׂדֶּד־לוֹ יַעֲקֹֽב׃
12 ১২ তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ, প্রেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা; যিহোৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব।
זִרְעוּ לָכֶם לִצְדָקָה קִצְרוּ לְפִי־חֶסֶד נִירוּ לָכֶם נִיר וְעֵת לִדְרוֹשׁ אֶת־יְהוָה עַד־יָבוֹא וְיֹרֶה צֶדֶק לָכֶֽם׃
13 ১৩ কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, ছলনাৰ ফল ভোগ কৰিলা; তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা।
חֲרַשְׁתֶּם־רֶשַׁע עַוְלָתָה קְצַרְתֶּם אֲכַלְתֶּם פְּרִי־כָחַשׁ כִּֽי־בָטַחְתָּ בְדַרְכְּךָ בְּרֹב גִּבּוֹרֶֽיךָ׃
14 ১৪ সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।
וְקָאם שָׁאוֹן בְּעַמֶּךָ וְכָל־מִבְצָרֶיךָ יוּשַּׁד כְּשֹׁד שַֽׁלְמַן בֵּית אַֽרְבֵאל בְּיוֹם מִלְחָמָה אֵם עַל־בָּנִים רֻטָּֽשָׁה׃
15 ১৫ হে বৈৎএল, তোমালোকলৈকো তেনেদৰে ঘটিব। কাৰণ তোমাৰ দুষ্টতা অতি বেছি। ৰাতিপুৱা হ’লে ইস্ৰায়েলৰ ৰজাক সম্পূর্ণকৈ ধ্বংস কৰা হ’ব।
כָּכָה עָשָׂה לָכֶם בֵּֽית־אֵל מִפְּנֵי רָעַת רָֽעַתְכֶם בַּשַּׁחַר נִדְמֹה נִדְמָה מֶלֶךְ יִשְׂרָאֵֽל׃

< হোসেয়া 10 >