< হোসেয়া 1 >
1 ১ যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
Ọ̀rọ̀ Olúwa tí ó tọ Hosea ọmọ Beeri wá ní àkókò ìjọba Ussiah, Jotamu, Ahasi àti Hesekiah; àwọn ọba Juda àti ní àkókò ọba Jeroboamu ọmọ Jehoaṣi ní Israẹli.
2 ২ হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”
Nígbà tí Olúwa bẹ̀rẹ̀ sí ní sọ̀rọ̀ láti ẹnu Hosea, Olúwa wí fún un pé, “Lọ, fẹ́ àgbèrè obìnrin kan fún ara rẹ, kí ó sì bí ọmọ àgbèrè fún ọ nípasẹ̀ àwọn ọkùnrin mìíràn, nítorí ilẹ̀ ti ṣẹ ẹ̀ṣẹ̀ àgbèrè púpọ̀ nípa yíyapa kúrò lọ́dọ̀ Olúwa.”
3 ৩ সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে।
Nígbà náà ni ó sì lọ, ó sì fẹ́ Gomeri ọmọbìnrin Diblaimu, ọmọbìnrin náà sì lóyún, ó sì bí ọmọkùnrin kan fún un.
4 ৪ তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম।
Nígbà náà ni Olúwa sọ fún Hosea pé, “Pe orúkọ ọmọ náà ní Jesreeli, nítorí pé láìpẹ́ ni èmi yóò jẹ ìdílé Jehu ní ìyà fún ẹ̀jẹ̀ àwọn ènìyàn tó pa ní ìpakúpa ní Jesreeli, Èmi yóò sì mú ìjọba Israẹli wá sí òpin.
5 ৫ সেইদিনা মই যিজ্ৰিয়েলৰ উপত্যকাত ইস্ৰায়েলৰ ধনু ভাঙিম।”
Ní ọjọ́ náà ni Èmi yóò ṣẹ́ ọrun Israẹli ní àfonífojì Jesreeli.”
6 ৬ পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা ৰাখা; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম।
Gomeri sì tún lóyún, ó sì bí ọmọbìnrin kan. Olúwa sọ fún un pé, “Pe orúkọ rẹ̀ ní Lo-ruhama, nítorí pé, Èmi kò ní ṣàánú fún ilé Israẹli mọ́, Èmi kò sì ní dáríjì wọ́n.
7 ৭ কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”
Síbẹ̀, èmi yóò ṣàánú fún ilé Juda, èmi ó gbà wọ́n—kì í ṣe nípa ọfà, idà tàbí ogun, ẹṣin tàbí kẹ̀kẹ́ ẹlẹ́ṣin bí kò ṣe nípa Olúwa Ọlọ́run wọn.”
8 ৮ লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰায় এটি পুত্ৰ প্ৰসৱ কৰিলে।
Lẹ́yìn ìgbà tí ó gba ọmú lẹ́nu Lo-ruhama, ó sì lóyún ó sì bí ọmọkùnrin mìíràn. Nígbà náà ni
9 ৯ তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।”
Olúwa sì sọ fún un pé, “Pe orúkọ rẹ̀ ní Lo-Ammi, nítorí pé ẹ kì í ṣe ènìyàn mi, èmi náà kì í sì í ṣe Ọlọ́run yín.
10 ১০ তথাপিও ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।”
“Ṣùgbọ́n àwọn ọmọ Israẹli yóò pọ̀ bí i iyanrìn etí Òkun tí a kò le wọ́n, tí a kò sì le è kà, yóò sì ṣe. Ní ibi tí wọ́n ti sọ fún wọn pé. ‘Ẹ̀yin kì í ṣe ènìyàn mi,’ níbẹ̀ ni a ó ti máa pè wọ́n ní ‘Ọmọ Ọlọ́run alààyè.’
11 ১১ যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ’ব।
Àwọn ènìyàn Juda àti àwọn ènìyàn Israẹli yóò parapọ̀, wọn yóò sì yan olórí kan tí yóò jáde láti ilẹ̀ náà, nítorí pé ọjọ́ ńlá ni ọjọ́ Jesreeli yóò jẹ́.