< ইব্ৰী 7 >
1 ১ এই মল্কিচেদক চালেমৰ ৰজা আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। অব্রাহামে যেতিয়া ৰজা সকলক পৰাস্ত কৰি উলটি আহিছিল, তেতিয়া তেওঁৰ লগত অব্ৰাহামৰ সাক্ষাৎ হ’ল আৰু মল্কিচেদকে অব্রাহামক আশীর্বাদ কৰিলে।
This Melchisedech kynge of Salem (which beinge prest of ye most hye god met Abraham as he returned agayne from the slaughter of the kynges and blessed him:
2 ২ অব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল, তাৰ পৰা দহ ভাগৰ এভাগ তেওঁক দিছিল; “মল্কিচেদকৰ” নামৰ অর্থ হৈছে “ধাৰ্মিকতাৰ ৰজা” আৰু তেওঁ “চালেমৰ ৰজা” অৰ্থাৎ “শান্তিৰাজ”।
to whom also Abraham gave tythes of all thynges) fyrst is by interpretacion kynge of rightewesnes: after yt he is kynge of Sale yt is to saye kynge of peace
3 ৩ মল্কিচেদকৰ পিতৃ, মাতৃ বা তেওঁৰ পূর্বপুৰুষৰ কোনো বংশতালিকা নাছিল। তেওঁৰ আৰম্ভণ আৰু শেষ জীৱনৰ কোনো নথি-পত্র নাই। ঈশ্বৰৰ পুত্রৰ দৰে তেওঁ হৈছে চিৰকালৰ পুৰোহিত।
with out father wt out mother with out kynne and hath nether begynnynge of his tyme nether yet ende of his lyfe: but is lykened vnto the sonne of god and cotinueth a preste for ever.
4 ৪ এতিয়া বিবেচনা কৰি চাওক, এই মল্কিচেদক কিমান মহান পুৰুষ আছিল, যি জনক আমাৰ আদিপিতৃ অব্ৰাহামে যুদ্ধত লুট কৰা উত্তম বস্তুৰ দহ ভাগৰ এভাগ দিছিল।
Consyder what a man this was vnto who the patriarke Abraham gave tythes of the spoyles.
5 ৫ লেবীৰ সন্তান সকলৰ মাজৰ যি সকলে পুৰোহিত বাব পালে, তেওঁলোকে নিজৰ ভাই ইস্ৰায়েলী সন্তান সকলৰ পৰা বিধান অনুসাৰে দশমাংশ গ্রহণ কৰাৰ আদেশ পালে, যদিও তেওঁলোক উভয়েই অব্রাহামৰ বংশধৰ।
And verely those children of levy which receave the office of the prestes have a commaundement to take a cordyng to the lawe tythes of the people that is to saye of their brethren yee though they spronge out of the loynes of Abraham.
6 ৬ কিন্তু মল্কিচেদক, যি জন লেবীৰ বংশধৰ নোহোৱাতো তেওঁ অব্ৰাহামৰ পৰা দশম ভাগ লৈছিল আৰু যি জনৰ ওচৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল, সেই অব্রাহামক তেওঁ আশীৰ্বাদো কৰিছিল।
But he whose kynred is not counted amonge them receaved tythes of Abraham and blessed him that had the promyses.
7 ৭ এই বিষয়ত কোনো সন্দেহ নাই যে সৰু লোকেই সকলো সময়ত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰে।
And no man denyeth but that which is lesse receaveth blessinge of yt which is greater.
8 ৮ এফালে দেখা যায়, যি সকলে দশম ভাগ পায়, তেওঁলোক মৃত্যুৰ অধীন মানুহ; কিন্তু আনফালে, যি জনে অব্রাহামৰ পৰা দহ ভাগৰ এভাগ পালে তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে।
And here men that dye receave tythes. But there he receaveth tythes of whom it is witnessed that he liveth.
9 ৯ পুণৰ ইয়াক এনেকৈয়ো ক’ব পাৰি যে, লেবীয়ে দহ ভাগৰ এভাগ পাইছিল আৰু তেওঁ নিজেও অব্ৰাহামৰ যোগেদি দহ ভাগৰ এভাগ দিলে;
And to saye the trueth Levy him silfe also which receaveth tythes payed tythes in Abraham.
10 ১০ কিয়নো মল্কিচেদকৰ সৈতে যেতিয়া অব্রাহামৰ সাক্ষাৎ হৈছিল তেতিয়া লেবী তেওঁৰ পূর্বপুৰুষ আব্রাহামৰ শৰীৰৰ ভিতৰত আছিল।
For he was yet in the loynes of his father Abraham when Melchisech met him.
11 ১১ লেবীয়া পৌৰহিত্যৰ অধীনত লোক সকলে বিধান পালে; এতেকে সেই লেবীয়া পুৰোহিতৰ কার্যৰ দ্বাৰাই যদি পূৰ্ণতা লাভ কৰিব পাৰি, তেনেহলে আন এজন পুৰোহিতৰ প্রয়োজন নহ’লহেঁতেন, যি জন প্রথম লেবীয়া পুৰোহিত হাৰোণৰ ৰীতিৰ নিচিনা নহয়, কিন্তু মল্কিচেদকৰ ৰীতিৰ নিচিনা আছিল।
Yf now therfore perfeccion came by the presthod of the levites (for vnder that presthod the people recaved the lawe) what neded it furthermore that an other prest shuld ryse after the order of Melchisedech and not after the order of Aaron?
12 ১২ যেতিয়া পুৰোহিতৰ সলনি হয়, তেতিয়া বিধানো সলনি হোৱা আৱশ্যক।
Now no dout yf the presthod be translated then of necessitie must the lawe be translated also.
13 ১৩ যি জনৰ বিষয়ে এই সকলো কথা কোৱা হৈছে, তেওঁতো অন্য এক ফৈদৰ; সেই ফৈদৰ পৰা কোনেও কেতিয়াও বেদিৰ কৰ্ম কৰা নাই।
For he of whom these thynges are spoken pertayneth vnto another trybe of which never man served at the aultre.
14 ১৪ কাৰণ ই সুস্পষ্ট যে আমাৰ প্ৰভু যিহূদা ফৈদৰ পৰা আহিছে আৰু এই বংশৰ বিষয়ে পুৰোহিত হোৱাৰ বিষয়ে মোচিয়ে কেতিয়াও একো কোৱা নাই।
For it is evidet that oure lorde spronge of the trybe of Iuda of which trybe spake Moses nothynge concernynge presthod.
15 ১৫ এইবোৰ বিষয় অধিক পৰিস্কাৰ হৈ যায় যেতিয়া মল্কিচেদকৰদৰে আন এজন পুৰোহিতৰ উৎপন্ন হ’ল।
And it is yet a more evydent thinge yf after the similitude of Melchisedech ther aryse a nother prest
16 ১৬ এই নতুন পুৰোহিত জন মানৱীয় ৰীতি-নীতি আৰু বিধান অনুযায়ী পুৰোহিত হোৱা নাই, কিন্তু তেওঁ এক ধ্বংসহীন শক্তিৰ অধিকাৰী হৈ তেনে হ’ল।
which is not made after the lawe of the carnall commaundmet: but after the power of the endlesse lyfe
17 ১৭ কিয়নো শাস্ত্রই তেওঁৰ বিষয়ে এই সাক্ষ্য দিছে, তুমি চিৰকালৰ বাবে মল্কিচেদকৰ ৰীতি অনুসাৰে পুৰোহিত হৈছা। (aiōn )
(For he testifieth: Thou arte a prest forever after the order of Melchysedech) (aiōn )
18 ১৮ পুৰণি বিধান দূৰ কৰা হ’ল, কাৰণ ই দুর্বল আৰু নিষ্ফল হৈ পৰিছিল।
Then the commaundmet that went a fore is disanulled because of hir weaknes and vnproffitablenes.
19 ১৯ কিয়নো মোচিৰ বিধানে একোকে সিদ্ধ কৰিব নোৱাৰিলে। এতিয়া আমাৰ ওচৰত এক উত্তমতাৰ আশা আছে আৰু সেই আশাৰ মাজেদি আমি ঈশ্বৰৰ ওচৰ চাপি যাওঁ।
For the lawe made nothynge parfecte: but was an introduccion of a better hope by which hope we drawe nye vnto god.
20 ২০ এই উত্তমতাৰ আশা ঈশ্বৰে এক শপত নোলোৱাকৈ হোৱা নাছিল; কিন্তু আন সকল পুৰোহিত হোৱাৰ সময়ত হ’লে ঈশ্বৰে কোনো শপত লোৱা নাছিল।
And for this cause it is a better hope that it was not promysed with out an othe.
21 ২১ ঈশ্বৰে যীচুক মহা-পুৰোহিত কৰাৰ সময়ত এক শপত খালে - “প্রভুৱে শপত খালে আৰু তেওঁ এই বিষয়ত নিজৰ মন পৰিৱর্তন নকৰিব: ‘তুমি চিৰকালৰ এজন পুৰোহিত’।” (aiōn )
Those prestes were made wt out an oth: but this prest with an oth by him that saide vnto him The lorde sware and will not repent: Thou arte a prest for ever after the order of Melchisedech. (aiōn )
22 ২২ এই শপতৰ দ্বাৰাই যীচু উত্তমতাৰ এক বিধানৰ জামিনদাৰী হ’ল।
And for that cause was Iesus a stablyssher of a better testament.
23 ২৩ লেবী সকলৰ অনেকেই এজনৰ পাছত আন জন পুৰোহিত হ’ল আৰু মৃত্যু হোৱাৰ কাৰণে কোনো এজনে অনন্তকাল পৰিচর্যা কৰি যাব নোৱাৰিলে।
And amonge them many were made prestes because they were not suffred to endure by the reason of deeth.
24 ২৪ কিন্তু যীচু চিৰকাল জীৱিত আছে বাবে তেওঁৰ পুৰোহিত পদো চিৰস্থায়ী। (aiōn )
But this man because he endureth ever hath an everlastinge presthod. (aiōn )
25 ২৫ সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ উদ্ধাৰ কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
Wherfore he is able also ever to save them that come vnto god by him seynge he ever lyveth to make intercession for vs.
26 ২৬ এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।
Soche an hye prest it became vs to have which is wholy harmlesse vndefyled separat from synners and made hyar then heven.
27 ২৭ আন মহা-পুৰোহিত সকলৰ নিচিনাকৈ প্রতিদিনে প্রথমে নিজৰ আৰু তাৰ পাছত লোক সকলৰ পাপৰ কাৰণে বলি উৎসর্গ কৰাৰ তেওঁৰ কোনো প্রয়োজন নাই, কাৰণ তেওঁ নিজকে বলিৰূপে উৎসর্গ কৰাৰ দ্বাৰাই এই কাম সকলোৰে কাৰণে এবাৰেই সাধন কৰিলে।
Which nedeth not dayly (as yonder hie prestes) to offer vp sacrifice fyrst for his awne synnes and then for the peoples synnes. For that did he at once for all when he offered vp him silfe.
28 ২৮ কিয়নো বিধান অনুসাৰে যি মহা-পুৰোহিত সকলক নিযুক্ত কৰা হয়, তেওঁলোক দূৰ্বল মানুহ; কিন্তু বিধানৰ পাছত ঈশ্বৰৰ শপত বাক্যৰ দ্বাৰা যি জনক মহা-পুৰোহিতৰূপে নিযুক্তি দিয়া হ’ল, তেওঁ চিৰকালৰ অৰ্থে সিদ্ধ, ঈশ্বৰৰ পুত্ৰ। (aiōn )
For the lawe maketh men prestes which have infirmitie: but the worde of the othe that came fence ye lawe maketh the sonne prest which is parfecte for ever more. (aiōn )