< ইব্ৰী 6 >

1 এতেকে, খ্ৰীষ্টৰ বিষয়ে আমি যি প্রাথমিক শিক্ষা পালোঁ, তাক পাছ পেলাই, আহক আমি পৰিপূর্ণতাৰ ফালে আগবাঢ়ি যাওঁ। পুনৰায় যেন আমি মৃত কৰ্মৰ পৰা মন-পৰিৱর্তন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস,
ৱযং মৃতিজনককৰ্ম্মভ্যো মনঃপৰাৱৰ্ত্তনম্ ঈশ্ৱৰে ৱিশ্ৱাসো মজ্জনশিক্ষণং হস্তাৰ্পণং মৃতলোকানাম্ উত্থানম্
2 নানা বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা, মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ। (aiōnios g166)
অনন্তকালস্থাযিৱিচাৰাজ্ঞা চৈতৈঃ পুনৰ্ভিত্তিমূলং ন স্থাপযন্তঃ খ্ৰীষ্টৱিষযকং প্ৰথমোপদেশং পশ্চাৎকৃত্য সিদ্ধিং যাৱদ্ অগ্ৰসৰা ভৱাম| (aiōnios g166)
3 অৱশ্যে, ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম।
ঈশ্ৱৰস্যানুমত্যা চ তদ্ অস্মাভিঃ কাৰিষ্যতে|
4 কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷
য এককৃৎৱো দীপ্তিমযা ভূৎৱা স্ৱৰ্গীযৱৰৰসম্ আস্ৱদিতৱন্তঃ পৱিত্ৰস্যাত্মনোঽংশিনো জাতা
5 কিন্তু যি সকলে ঈশ্বৰৰ মঙ্গলবাক্যৰ আস্বাদ পালে, ভাবী যুগৰ নানা পৰাক্ৰমৰ বিষয়ে জানিলে (aiōn g165)
ঈশ্ৱৰস্য সুৱাক্যং ভাৱিকালস্য শক্তিঞ্চাস্ৱদিতৱন্তশ্চ তে ভ্ৰষ্ট্ৱা যদি (aiōn g165)
6 আৰু তাৰ পাছত ধৰ্ম ভ্ৰষ্ট হ’ল, তেওঁলোকক নতুনকৈ মন-পৰিৱর্তনৰ অর্থে পুণৰায় গঢ় দিয়া অসাধ্য; কাৰণ তেওঁলোকে নিজৰ অর্থে ঈশ্বৰৰ পুত্ৰক পুণৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে।
স্ৱমনোভিৰীশ্ৱৰস্য পুত্ৰং পুনঃ ক্ৰুশে ঘ্নন্তি লজ্জাস্পদং কুৰ্ৱ্ৱতে চ তৰ্হি মনঃপৰাৱৰ্ত্তনায পুনস্তান্ নৱীনীকৰ্ত্তুং কোঽপি ন শক্নোতি|
7 যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰা সকলৰ কাৰণে সেই মাটিয়ে প্রয়োজনীয় শাক-পাচলি আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায়।
যতো যা ভূমিঃ স্ৱোপৰি ভূযঃ পতিতং ৱৃষ্টিং পিৱতী তৎফলাধিকাৰিণাং নিমিত্তম্ ইষ্টানি শাকাদীন্যুৎপাদযতি সা ঈশ্ৱৰাদ্ আশিষং প্ৰাপ্তা|
8 কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হোৱাৰ ভয় থাকে। তাৰ শেষগতি জ্বলন।
কিন্তু যা ভূমি ৰ্গোক্ষুৰকণ্টকৱৃক্ষান্ উৎপাদযতি সা ন গ্ৰাহ্যা শাপাৰ্হা চ শেষে তস্যা দাহো ভৱিষ্যতি|
9 প্ৰিয় বন্ধু সকল, যদিও আমি এইবোৰ কথা কৈছোঁ, তথাপি অাপোনালোকৰ বিষয়ে হ’লে আমাৰ এনে দৃঢ় বিশ্বাস আছে যে, আপোনালোকৰ অৱস্থা ইয়াতকৈয়ো ভাল আৰু আপোনালোকে যি কৰি আছে, সেয়া পৰিত্রাণ লাভৰে পদক্ষেপ।
হে প্ৰিযতমাঃ, যদ্যপি ৱযম্ এতাদৃশং ৱাক্যং ভাষামহে তথাপি যূযং তত উৎকৃষ্টাঃ পৰিত্ৰাণপথস্য পথিকাশ্চাধ্ৱ ইতি ৱিশ্ৱসামঃ|
10 ১০ কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
১০যতো যুষ্মাভিঃ পৱিত্ৰলোকানাং য উপকাৰো ঽকাৰি ক্ৰিযতে চ তেনেশ্ৱৰস্য নাম্নে প্ৰকাশিতং প্ৰেম শ্ৰমঞ্চ ৱিস্মৰ্ত্তুম্ ঈশ্ৱৰোঽন্যাযকাৰী ন ভৱতি|
11 ১১ আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হব যে, আপোনালোকৰ আশা পূর্ণ হব।
১১অপৰং যুষ্মাকম্ একৈকো জনো যৎ প্ৰত্যাশাপূৰণাৰ্থং শেষং যাৱৎ তমেৱ যত্নং প্ৰকাশযেদিত্যহম্ ইচ্ছামি|
12 ১২ আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ বিধান সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
১২অতঃ শিথিলা ন ভৱত কিন্তু যে ৱিশ্ৱাসেন সহিষ্ণুতযা চ প্ৰতিজ্ঞানাং ফলাধিকাৰিণো জাতাস্তেষাম্ অনুগামিনো ভৱত|
13 ১৩ ঈশ্বৰে যেতিয়া অব্ৰাহামলৈ এটি প্ৰতিজ্ঞা কৰিছিল, তেতিয়া ঈশ্বৰতকৈ মহান কোনো নথকাত তেওঁ নিজৰ নামেৰেই শপত খাইছিল।
১৩ঈশ্ৱৰো যদা ইব্ৰাহীমে প্ৰত্যজানাৎ তদা শ্ৰেষ্ঠস্য কস্যাপ্যপৰস্য নাম্না শপথং কৰ্ত্তুং নাশক্নোৎ, অতো হেতোঃ স্ৱনাম্না শপথং কৃৎৱা তেনোক্তং যথা,
14 ১৪ তেওঁ কৈছিল, “মই অৱশ্যেই তোমাক আশীৰ্বাদ কৰিম আৰু অতিশয়ৰূপে তোমাৰ বংশও বৃদ্ধি কৰিম।”
১৪"সত্যম্ অহং ৎৱাম্ আশিষং গদিষ্যামি তৱান্ৱযং ৱৰ্দ্ধযিষ্যামি চ| "
15 ১৫ তাতে অব্রাহামে ধৈর্যেৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে।
১৫অনেন প্ৰকাৰেণ স সহিষ্ণুতাং ৱিধায তস্যাঃ প্ৰত্যাশাযাঃ ফলং লব্ধৱান্|
16 ১৬ মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায়। শপতৰ দ্বাৰা নিজৰ প্রতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয়।
১৬অথ মানৱাঃ শ্ৰেষ্ঠস্য কস্যচিৎ নাম্না শপন্তে, শপথশ্চ প্ৰমাণাৰ্থং তেষাং সৰ্ৱ্ৱৱিৱাদান্তকো ভৱতি|
17 ১৭ সেইদৰে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী সকলক শপতৰ মাধ্যমেদি নিশ্চয়তা দি অধিক স্পষ্টৰূপে দেখুৱাব বিচাৰিলে যে তেওঁৰ সেই উদ্দেশ্য অপৰিবর্তনীয়।
১৭ইত্যস্মিন্ ঈশ্ৱৰঃ প্ৰতিজ্ঞাযাঃ ফলাধিকাৰিণঃ স্ৱীযমন্ত্ৰণাযা অমোঘতাং বাহুল্যতো দৰ্শযিতুমিচ্ছন্ শপথেন স্ৱপ্ৰতিজ্ঞাং স্থিৰীকৃতৱান্|
18 ১৮ ঈশ্বৰে এই কার্য দুটা অপৰিবর্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা-কোৱা অসাধ্য। আমি যি সকলে ঈশ্বৰৰ ওচৰত আশ্রয় বিচাৰি পলাই গলো, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্রচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে কৰিলে।
১৮অতএৱ যস্মিন্ অনৃতকথনম্ ঈশ্ৱৰস্য ন সাধ্যং তাদৃশেনাচলেন ৱিষযদ্ৱযেন সম্মুখস্থৰক্ষাস্থলস্য প্ৰাপ্তযে পলাযিতানাম্ অস্মাকং সুদৃঢা সান্ত্ৱনা জাযতে|
19 ১৯ আমাৰ যি আশা আছে, সেই আশা আমাৰ আত্মাৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
১৯সা প্ৰত্যাশাস্মাকং মনোনৌকাযা অচলো লঙ্গৰো ভূৎৱা ৱিচ্ছেদকৱস্ত্ৰস্যাভ্যন্তৰং প্ৰৱিষ্টা|
20 ২০ যীচু, যি জন মল্কিচেদকৰ ৰীতি অনুযায়ী চিৰকালৰ বাবে মহা-পুৰোহিত হ’ল, তেওঁ আমাৰ কাৰণে অগ্রগামী হৈ সেই ঠাইত প্রৱেশ কৰিলে। (aiōn g165)
২০তত্ৰৈৱাস্মাকম্ অগ্ৰসৰো যীশুঃ প্ৰৱিশ্য মল্কীষেদকঃ শ্ৰেণ্যাং নিত্যস্থাযী যাজকোঽভৱৎ| (aiōn g165)

< ইব্ৰী 6 >