< ইব্ৰী 5 >

1 প্ৰতিজন ইহুদী মহা-পুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে।
PORQUE todo pontífice tomado de entre los hombres, es constituido á favor de los hombres en lo que á Dios toca, para que ofrezca presentes y sacrificios por los pecados:
2 মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহা-পুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হব পাৰে, যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত।
Que se pueda compadecer de los ignorantes y extraviados, pues que él tambien está rodeado de flaqueza.
3 যেনেকৈ আন লোক সকলৰ পাপৰ কাৰণে তেওঁ বলি উ‌‌ৎসৰ্গ কৰে, তেনেকৈ নিজে দুর্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসর্গ কৰা আৱশ্যক।
Y por causa de ella debe, como por sí mismo, así tambien por el pueblo, ofrecer por los pecados.
4 মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে লব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।
Ni nadie toma para sí la honra, sino el que es llamado de Dios, como Aaron.
5 সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা লবলৈ নিজকে মনোনীত নকৰিলে। কিন্তু ঈশ্বৰেই তেওঁক ক’লে, “তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ’লো।”
Así tambien Cristo no se glorificó á sí mismo haciéndose Pontífice, mas el que le dijo: Tú eres mi Hijo, yo te he engendrado hoy.
6 সেইদৰে আন এঠাইত কৈছে: “তুমি চিৰকালৰ কাৰণে মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত।” (aiōn g165)
Como tambien dice en otro [lugar: ] Tú [eres] Sacerdote eternamente, segun el órden de Melchisedech. (aiōn g165)
7 যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ভক্তিভাৱৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।
El cual en los dias de su carne, ofreciendo ruegos y súplicas con gran clamor y lágrimas al que le podia librar de muerte, fué oido por [su] reverencial miedo.
8 যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ শিক্ষা পালে;
Aunque era Hijo, por lo que padeció aprendió la obediencia;
9 এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্রাণৰ পথ হ’ল; (aiōnios g166)
Y consumado, vino á ser causa de eterna salud á todos los que le obedecen; (aiōnios g166)
10 ১০ আৰু মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা মহা-পুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ’ল।
Nombrado de Dios Pontífice segun el órden de Melchisedech.
11 ১১ যীচুৰ বিষয়ে আমাৰ অনেক কথা ক’বলৈ আছে; কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান।
Del cual tenemos mucho que decir, y dificultoso de declarar, por cuanto sois flacos para oir.
12 ১২ ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে।
Porque debiendo ser ya maestros [de otros, ] á causa del tiempo, teneis necesidad de volver á ser enseñados cuáles [sean] los primeros rudimentos de las palabras de Dios; y habeis llegado á ser [tales] que tengais necesidad de leche, y no de manjar sólido.
13 ১৩ কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই।
Que cualquiera que participa de la leche, es inhábil para la palabra de la justicia, porque es niño;
14 ১৪ কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।
Mas la vianda firme es para los perfectos, para los que por la costumbre tienen [ya] los sentidos ejercitados en el discernimiento del bien y del mal.

< ইব্ৰী 5 >