< ইব্ৰী 5 >
1 ১ প্ৰতিজন ইহুদী মহা-পুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে।
ⲁ̅ⲀⲢⲬⲎⲈⲢⲈⲨⲤ ⲄⲀⲢ ⲚⲒⲂⲈⲚ ⲈⲦⲞⲨϬⲒ ⲘⲘⲞϤ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲚⲒⲢⲰⲘⲒ ⲈϢⲀⲨⲦⲀϨⲞϤ ⲈⲢⲀⲦϤ ⲈϪⲈⲚ ⲚⲒⲢⲰⲘⲒ ϦⲀⲦⲈⲚ ⲪⲚⲞⲨϮ ϨⲒⲚⲀ ⲚⲦⲈϤⲈⲚ ⲆⲰⲢⲞⲚ ⲚⲈⲘ ϢⲞⲨϢⲰⲞⲨϢⲒ ⲈϦⲞⲨⲚ ⲈϪⲈⲚ ⲚⲒⲚⲞⲂⲒ.
2 ২ মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহা-পুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হব পাৰে, যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত।
ⲃ̅ⲈⲞⲨⲞⲚ ϢϪⲞⲘ ⲘⲘⲞϤ ⲈϢⲈⲠⲘⲔⲀϨ ϦⲈⲚⲞⲨϢⲒ ⲚⲈⲘ ⲚⲒⲀⲦⲈⲘⲒ ⲞⲨⲞϨ ⲈⲦⲤⲰⲢⲈⲘ ϪⲈ ⲚⲐⲞϤ ϨⲰϤ ϤⲬⲎ ϦⲈⲚⲞⲨϢⲰⲚⲒ.
3 ৩ যেনেকৈ আন লোক সকলৰ পাপৰ কাৰণে তেওঁ বলি উৎসৰ্গ কৰে, তেনেকৈ নিজে দুর্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসর্গ কৰা আৱশ্যক।
ⲅ̅ⲞⲨⲞϨ ⲈⲐⲂⲎⲦϤ ⲤⲈⲘⲠϢⲀ ⲚⲀϤ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈϢⲀϤⲒⲚⲒ ⲈϨⲢⲎⲒ ⲈϪⲈⲚ ⲚⲀ ⲠⲒⲖⲀⲞⲤ ⲠⲀⲒⲢⲎϮ ϨⲰϤ ⲚⲦⲈϤⲒⲚⲒ ⲈϪⲈⲚ ⲚⲈϤⲚⲞⲂⲒ ⲘⲘⲒⲚ ⲘⲘⲞϤ.
4 ৪ মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে লব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।
ⲇ̅ⲞⲨⲞϨ ⲘⲠⲀⲢⲈ ⲞⲨⲀⲒ ϬⲒ ⲚⲀϤ ⲘⲠⲒⲦⲀⲒⲞ ⲘⲘⲀⲨⲀⲦϤ ⲀⲖⲖⲀ ⲀϤⲐⲰϨⲈⲘ ⲘⲘⲞϤ ⲚϪⲈⲪⲚⲞⲨϮ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲚⲀⲀⲢⲰⲚ.
5 ৫ সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা লবলৈ নিজকে মনোনীত নকৰিলে। কিন্তু ঈশ্বৰেই তেওঁক ক’লে, “তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ’লো।”
ⲉ̅ⲠⲀⲒⲢⲎϮ ϨⲰϤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲚⲈⲦⲀϤϮⲰⲞⲨ ⲚⲀϤ ⲘⲘⲀⲨⲀⲦϤ ⲀⲚ ⲈⲐⲢⲈϤϢⲰⲠⲒ ⲈϤⲞⲒ ⲚⲀⲢⲬⲎⲈⲢⲈⲨⲤ ⲀⲖⲖⲀ ⲪⲎ ⲠⲈ ⲈⲦⲀϤⲤⲀϪⲒ ⲚⲈⲘⲀϤ ϪⲈ ⲚⲐⲞⲔ ⲠⲈ ⲠⲀϢⲎⲢⲒ ⲀⲚⲞⲔ ⲀⲒϪⲪⲞⲔ ⲘⲪⲞⲞⲨ.
6 ৬ সেইদৰে আন এঠাইত কৈছে: “তুমি চিৰকালৰ কাৰণে মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত।” (aiōn )
ⲋ̅ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲈϤϪⲰ ⲘⲘⲞⲤ ϦⲈⲚⲔⲈⲘⲀ ϪⲈ ⲚⲐⲞⲔ ⲠⲈ ⲪⲞⲨⲎⲂ ϢⲀ ⲈⲚⲈϨ ⲔⲀⲦⲀ ⲦⲦⲀⲜⲒⲤ ⲘⲘⲈⲖⲬⲒⲤⲈⲆⲈⲔ. (aiōn )
7 ৭ যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ভক্তিভাৱৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।
ⲍ̅ⲪⲀⲒ ⲈⲦⲀϤⲒⲚⲒ ⲈϨⲢⲎⲒ ϦⲈⲚⲚⲒⲈϨⲞⲞⲨ ⲚⲦⲈⲦⲈϤⲤⲀⲢⲜ ⲚϨⲀⲚⲦⲰⲂϨ ⲚⲈⲘ ϨⲀⲚϮϨⲞ ϨⲀ ⲪⲎ ⲈⲦⲈ ⲞⲨⲞⲚ ϢϪⲞⲘ ⲘⲘⲞϤ ⲈⲚⲀϨⲘⲈϤ ⲈⲂⲞⲖ ϦⲈⲚⲪⲘⲞⲨ ⲚⲈⲘ ⲞⲨϦⲢⲰⲞⲨ ⲈϤϪⲞⲢ ⲚⲈⲘ ϨⲀⲚⲈⲢⲘⲰⲞⲨⲒ ⲈⲀϤⲈⲚⲞⲨ ⲈϦⲞⲨⲚ ⲞⲨⲞϨ ⲀϤⲤⲰⲦⲈⲘ ⲈⲢⲞϤ ⲈⲂⲞⲖ ϦⲈⲚⲦϨⲞϮ.
8 ৮ যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ শিক্ষা পালে;
ⲏ̅ⲔⲈⲠⲈⲢ ⲈⲞⲨϢⲎⲢⲒ ⲠⲈ ⲀϤⲈⲘⲒ ⲈϮⲘⲈⲦⲢⲈϤⲤⲰⲦⲈⲘ ⲈⲂⲞⲖ ϦⲈⲚⲚⲒⲘⲔⲀⲨϨ ⲈⲦⲀϤϬⲒⲦⲞⲨ.
9 ৯ এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্রাণৰ পথ হ’ল; (aiōnios )
ⲑ̅ⲞⲨⲞϨ ⲈⲦⲀϤϪⲰⲔ ⲈⲂⲞⲖ ⲀϤϢⲰⲠⲒ ⲚⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲈⲐⲚⲀⲤⲰⲦⲈⲘ ⲚⲤⲰϤ ⲚⲞⲨⲖⲰⲒϪⲒ ⲚⲦⲈⲞⲨⲞⲨϪⲀⲒ ⲚⲈⲚⲈϨ. (aiōnios )
10 ১০ আৰু মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা মহা-পুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ’ল।
ⲓ̅ⲈⲀ ⲪⲚⲞⲨϮ ⲘⲞⲨϮ ⲈⲢⲞϤ ϪⲈ ⲀⲢⲬⲎⲈⲢⲈⲨⲤ ϢⲀ ⲈⲚⲈϨ ⲔⲀⲦⲀ ⲦⲦⲀⲜⲒⲤ ⲘⲘⲈⲖⲬⲒⲤⲈⲆⲈⲔ.
11 ১১ যীচুৰ বিষয়ে আমাৰ অনেক কথা ক’বলৈ আছে; কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান।
ⲓ̅ⲁ̅ⲪⲀⲒ ⲈⲦⲈ ⲈⲐⲂⲎⲦϤ ⲞⲨⲚⲒϢϮ ⲚⲀⲚ ⲠⲈ ⲠⲒⲤⲀϪⲒ ⲞⲨⲞϨ ϤⲘⲞⲔϨ ⲚⲞⲨⲀϨⲘⲈϤ ϪⲈ ⲀⲢⲈⲦⲈⲚϢⲰⲠⲒ ⲈⲢⲈⲦⲈⲚϢⲰⲚⲒ ϦⲈⲚⲚⲈⲦⲈⲚⲤⲰⲦⲈⲘ.
12 ১২ ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে।
ⲓ̅ⲃ̅ⲔⲈ ⲄⲀⲢ ⲚⲀⲤⲘⲠϢⲀ ⲚⲰⲦⲈⲚ ⲠⲈ ⲈⲈⲢⲢⲈϤϮ ⲤⲂⲰ ⲈⲐⲂⲈ ⲠⲒⲬⲢⲞⲚⲞⲤ ⲠⲀⲖⲒⲚ ⲞⲚ ⲦⲈⲦⲈⲚⲈⲢⲬⲢⲒⲀ ⲚⲦⲤⲀⲂⲈ ⲐⲎⲚⲞⲨ ϪⲈ ⲞⲨ ⲚⲈⲚⲒⲤⲦⲞⲒⲬⲒⲞⲚ ⲚⲦⲈⲦⲀⲢⲬⲎ ⲚⲚⲒⲤⲀϪⲒ ⲚⲦⲈⲪⲚⲞⲨϮ ⲞⲨⲞϨ ⲀⲢⲈⲦⲈⲚϢⲰⲠⲒ ⲈⲢⲈⲦⲈⲚⲈⲢⲬⲢⲒⲀ ⲚⲞⲨⲈⲢⲰϮ ⲚⲞⲨϦⲢⲈ ⲈⲤϪⲞⲢ ⲀⲚ.
13 ১৩ কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই।
ⲓ̅ⲅ̅ⲞⲨⲞⲚ ⲄⲀⲢ ⲚⲒⲂⲈⲚ ⲈⲐⲞⲨⲈⲘ ⲈⲢⲰϮ ⲚϤϦⲈⲦϦⲰⲦ ⲀⲚ ϦⲈⲚⲠⲤⲀϪⲒ ⲚⲦⲈϮⲘⲈⲐⲘⲎⲒ ⲞⲨⲀⲖⲞⲨ ⲄⲀⲢ ⲠⲈ.
14 ১৪ কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।
ⲓ̅ⲇ̅ϮϦⲢⲈ ⲆⲈ ⲈⲦϪⲞⲢ ⲐⲀ ⲚⲒⲦⲈⲖⲒⲞⲤ ⲦⲈ ⲚⲎ ⲈⲦⲈ ⲈⲐⲂⲈ ⲦⲞⲨϨⲈⲜⲒⲤ ⲞⲨⲞⲚⲦⲰⲞⲨ ⲚⲞⲨⲈⲤⲐⲎ ⲦⲎⲢⲒⲞⲚ ⲈⲨϦⲈⲦϦⲰⲦ ⲚϦⲎⲦⲞⲨ ⲈⲠϪⲒⲚⲈⲘⲒ ⲈⲠϢⲒⲂϮ ⲘⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ ⲚⲈⲘ ⲠⲒⲠⲈⲦϨⲰⲞⲨ.