< ইব্ৰী 3 >
1 ১ এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত।
Unde fratres sancti, vocationis cælestis participes, considerate Apostolum, et Pontificem confessionis nostræ Iesum:
2 ২ ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোক সকলৰ প্রতি মোচি যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীচু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্রতি বিশ্বসী আছিল।
qui fidelis est ei, qui fecit illum sicut et Moyses in omni domo eius.
3 ৩ কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে, ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে
Amplioris enim gloriæ iste præ Moyse dignus est habitus, quanto ampliorem honorem habet domus, qui fabricavit illam.
4 ৪ কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ।
Omnis namque domus fabricatur ab aliquo: qui autem omnia creavit, Deus est.
5 ৫ মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল
Et Moyses quidem fidelis erat in tota domo eius tamquam famulus, in testimonium eorum, quæ dicenda erant:
6 ৬ কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কর্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ।
Christus vero tamquam filius in domo sua: quæ domus sumus nos, si fiduciam, et gloriam spei usque ad finem, firmam retineamus.
7 ৭ এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে: “আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা,
Quapropter sicut dicit Spiritus Sanctus: Hodie si vocem eius audieritis,
8 ৮ তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা- যেনেকৈ ইস্ৰায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল, মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা।
nolite obdurare corda vestra, sicut in exacerbatione secundum diem tentationis in deserto,
9 ৯ তাত তোমালোকৰ ওপৰ-পুৰুষ সকলে চল্লিশ বছৰ ধৰি মোৰ কার্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্রোহ কৰিছিল,
ubi tentaverunt me patres vestri: probaverunt, et viderunt opera mea quadraginta annis:
10 ১০ গতিকে, মই এই জাতিত বিৰক্ত হ’লো, মই ক’লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক; তেওঁলোকে মোৰ পথ নাজানিলে;
Propter quod infensus fui generationi huic, et dixi: Semper errant corde. Ipsi autem non cognoverunt vias meas,
11 ১১ তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।”’
sicut iuravi in ira mea: Si introibunt in requiem meam.
12 ১২ ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়।
Videte fratres, ne forte sit in aliquo vestrum cor malum incredulitatis, discedendi a Deo vivo:
13 ১৩ যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।
sed adhortamini vosmetipsos per singulos dies, donec Hodie cognominatur, ut non obduretur quis ex vobis fallacia peccati.
14 ১৪ আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী;
Participes enim Christi effecti sumus: si tamen initium substantiæ eius usque ad finem firmum retineamus.
15 ১৫ এই বিষয়ে ইয়াকে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।”
Dum dicitur: Hodie si vocem eius audieritis, nolite obdurare corda vestra, quemadmodum in illa exacerbatione.
16 ১৬ কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল? তেওঁলোক সেই সকল লোকেই নহয় নে, যি সকলক মোচিয়ে মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল?
Quidam enim audientes exacerbaverunt: sed non universi qui profecti sunt ex Ægypto per Moysen.
17 ১৭ ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰতেই বা ক্রুদ্ধ আছিল, সেই লোক সকলৰ ওপৰতে নহয় নে, যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল?
Quibus autem infensus est quadraginta annis? Nonne illis, qui peccaverunt, quorum cadavera prostrata sunt in deserto?
18 ১৮ ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, “এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব?” যি সকল অবাধ্য, তেওঁলোকৰ বিৰুদ্ধে নহয় নে?
Quibus autem iuravit non introire in requiem ipsius, nisi illis, qui increduli fuerunt?
19 ১৯ ইয়াতে আমি দেখো যে, অবিশ্বাসৰ কাৰণেই তেওঁলোক সোমাব নোৱাৰিলে।
Et videmus, quia non potuerunt introire propter incredulitatem.