< ইব্ৰী 2 >
1 ১ এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ।
Де ачея, ку атыт май мулт требуе сэ не цинем де лукруриле пе каре ле-ам аузит, ка сэ ну фим депэртаць де еле.
2 ২ কিয়নো যি বাক্য স্বর্গৰ দূত সকলৰ দ্বাৰাই কোৱা হৈছিল, সেই বাক্য সত্য বুলি প্রমাণিত হ’ল; পাপ-আচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্রত্যেকেই ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে।
Кэч, дакэ Кувынтул вестит прин ынӂерь с-а доведит незгудуит ши дакэ орьче абатере ши орьче неаскултаре шь-а примит о дряптэ рэсплэтире,
3 ৩ তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে।
кум вом скэпа ной дакэ стэм непэсэторь фацэ де о мынтуире аша де маре, каре, дупэ че а фост веститэ ынтый де Домнул, не-а фост адеверитэ де чей че ау аузит-о,
4 ৪ ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে।
ын тимп че Думнезеу ынтэря мэртурия лор ку семне, путерь ши фелурите минунь ши ку даруриле Духулуй Сфынт, ымпэрците дупэ воя Са!
5 ৫ আমি যি ভাবী জগতৰ বিষয়ে কথা কৈছোঁ, সেই বিষয় ঈশ্বৰে স্বর্গৰ দূত সকলৰ অধীনত ৰখা নাই।
Ын адевэр, ну унор ынӂерь а супус Ел лумя виитоаре деспре каре ворбим.
6 ৬ কিন্তু ইয়াৰ পৰিৱর্তে, কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে, “মানুহনো কি, তুমি যে তেওঁক সোঁৱৰণ কৰা? অথবা মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলৈ দৃষ্টি কৰা?
Ба ынкэ, чинева а фэкут ундева урмэтоаря мэртурисире: „Че есте омул ка сэ-Ць адучь аминте де ел сау фиул омулуй ка сэ-л черчетезь?
7 ৭ তুমি স্বর্গৰ দূত সকলতকৈ মানুহক অলপহে সৰু কৰিলা; কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে বিভূষিত কৰিলা;
Л-ай фэкут пентру пуцинэ време май прежос де ынӂерь, л-ай ынкунунат ку славэ ши ку чинсте, л-ай пус песте лукрэриле мынилор Тале,
8 ৮ আৰু সকলো বস্তু তুমি তেওঁৰ ভৰিৰ তলত ৰাখিলা।” কিয়নো ঈশ্বৰে সকলোকে মানুহৰ অধীন কৰিলে। তেওঁৰ কর্ত্তৃত্বৰ বাহিৰত তেওঁ একোৱেই নাৰাখিলে। অৱশ্যে আমি এতিয়ালৈকে সকলো তেওঁৰ অধীনত দেখা নাই।
тоате ле-ай супус суб пичоареле луй.” Ын адевэр, дакэ й-а супус тоате, ну й-а лэсат нимик несупус. Тотушь, акум, ынкэ ну ведем кэ тоате ый сунт супусе.
9 ৯ তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।
Дар пе Ачела каре а фост фэкут пентру „пуцинэ време май прежос декыт ынӂерий”, адикэ пе Исус, Ыл ведем „ынкунунат ку славэ ши ку чинсте” дин причина морций пе каре а суферит-о, пентру ка, прин харул луй Думнезеу, Ел сэ густе моартя пентру тоць.
10 ১০ সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে আৰু তেওঁলোকৰ পৰিত্রাণৰ অর্থে যীচুক কষ্টভোগৰ মাজেদি সিদ্ধ কৰি তোলা কার্য ঈশ্বৰৰ সঠিক কার্য আছিল।
Се кувеня, ын адевэр, ка Ачела пентру каре ши прин каре сунт тоате ши каре воя сэ дукэ пе мулць фий ла славэ сэ десэвыршяскэ, прин суферинце, пе Кэпетения мынтуирий лор.
11 ১১ যি জনে পবিত্ৰ কৰে আৰু যি সকলক পবিত্ৰ কৰা হয়, সেই সকলোৱে একে জন ঈশ্বৰৰ পৰিয়ালৰ লোক। সেই কাৰণে যি জনে পবিত্র কৰে সেই যীচুৱে লোক সকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায়।
Кэч Чел че сфинцеште ши чей че сунт сфинциць сунт динтр-унул. Де ачея, Луй ну-Й есте рушине сэ-й нумяскэ фраць,
12 ১২ যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।”
кынд зиче: „Вой вести Нумеле Тэу фрацилор Мей; Ыць вой кынта лауда ын мижлокул адунэрий.”
13 ১৩ তেওঁ আকৌ কৈছে, “মই তেওঁতহে ভাৰসা কৰিম।” তেওঁ আকৌ ইয়াকো কৈছে, “চোৱা, এয়া মই আৰু মোৰ সন্তান সকল, ঈশ্বৰে যি সকলক মোক দিছে।”
Ши ярэшь: „Ымь вой пуне ынкредеря ын Ел.” Ши ын алт лок: „Ятэ-Мэ, Еу ши копиий пе каре Ми й-а дат Думнезеу!”
14 ১৪ ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
Астфел дар, деоарече копиий сунт пэрташь сынӂелуй ши кэрний, тот аша ши Ел Ынсушь а фост деопотривэ пэрташ ла еле, пентру ка, прин моарте, сэ нимичяскэ пе чел че аре путеря морций, адикэ пе дяволул,
15 ১৫ মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে।
ши сэ избэвяскэ пе тоць ачея каре, прин фрика морций, ерау супушь робией тоатэ вяца лор.
16 ১৬ বাস্তৱিক এই কথা নিশ্চিত যে, যীচুৱে স্বর্গৰ দূত সকলক সহায় কৰা নাই, কিন্তু তাৰ পৰিৱর্তে অব্ৰাহামৰ বংশধৰ সকলকহে সহায় কৰিছে।
Кэч, негрешит, ну ын ажуторул ынӂерилор вине Ел, чи ын ажуторул семинцей луй Авраам.
17 ১৭ সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ত মহা-পুৰোহিত হব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।
Прин урмаре, а требуит сэ Се асемене фрацилор Сэй ын тоате лукруриле, ка сэ поатэ фи, ын чея че привеште легэтуриле ку Думнезеу, ун маре преот милос ши вредник де ынкредере, ка сэ факэ испэшире пентру пэкателе нородулуй.
18 ১৮ কিয়নো যীচুৱে নিজে পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল, সেই বাবে যি সকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে।
Ши прин фаптул кэ Ел Ынсушь а фост испитит ын чея че а суферит, поате сэ винэ ын ажуторул челор че сунт испитиць.