< ইব্ৰী 12 >
1 ১ এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
Therfor we that han so greet a cloude of witnessis put to, do we awei al charge, and synne stondinge aboute vs, and bi pacience renne we to the batel purposid to vs,
2 ২ আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
biholdinge in to the makere of feith, and the perfit endere, Jhesu; which whanne ioye was purposid to hym, he suffride the cros, and dispiside confusioun, and sittith on the riythalf of the seet of God.
3 ৩ এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।
And bithenke ye on hym that suffride siche `ayen seiynge of synful men ayens hym silf, that ye be not maad wery, failinge in youre soulis.
4 ৪ আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই;
For ye ayenstoden not yit `til to blood, fiytyng ayens synne.
5 ৫ আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি আপোনালোকৰ লগত কথা-বাৰ্ত্তা কৰিছে, বোলে- “হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা”;
And ye han foryet the coumfort that spekith to you as to sones, and seith, My sone, nyle thou dispise the teching of the Lord, nether be thou maad weri, the while thou art chastisid of hym.
6 ৬ কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰহন কৰা প্ৰতিজন পুত্ৰক কোবায়; এই কথা আপোনালোকে পাহৰিলে।
For the Lord chastisith hym that he loueth; he betith euery sone that he resseyueth.
7 ৭ আপোনালোকে যি সহন কৰি আছে, সেয়ে আপোনালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰ সকলৰ প্ৰতি যেনেকৈ, তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে?
Abide ye stille in chastising; God proferith hym to you as to sones. For what sone is it, whom the fadir chastisith not?
8 ৮ কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ’ল, আপোনালোকে যদি তাৰ ভাগী নহয়, তেনেহলে আপোনালোক জাৰজহে পুত্ৰ নহয়।
That if ye `ben out of chastising, whos parteneris ben ye alle maad, thanne ye ben auowtreris, and not sones.
9 ৯ ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে?
And aftirward we hadden fadris of oure fleisch, techeris, and we with reuerence dredden hem. Whethir not myche more we schulen obeische to the fadir of spiritis, and we schulen lyue?
10 ১০ তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে।
And thei in tyme of fewe dayes tauyten vs bi her wille; but this fadir techith to that thing that is profitable, in resseyuynge the halewing of hym.
11 ১১ সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।
And ech chastisyng in present tyme semeth to be not of ioye, but of sorewe; but aftirward it schal yelde fruyt of riytwisnesse moost pesible to men exercisid bi it.
12 ১২ এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;
For whiche thing reise ye slowe hondis,
13 ১৩ আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক।
and knees vnboundun, and make ye riytful steppis to youre feet; that no man haltinge erre, but more be heelid.
14 ১৪ সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;
Sue ye pees with alle men, and holynesse, with out which no man schal se God.
15 ১৫ পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
Biholde ye, that no man faile to the grace of God, that no roote of bittirnesse buriownynge vpward lette, and manye ben defoulid bi it;
16 ১৬ বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা।
that no man be letchour, ether vnhooli, as Esau, which for o mete seelde hise firste thingis.
17 ১৭ কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে।
For wite ye, that afterward he coueitinge to enherite blessing, was repreued. For he foond not place of penaunce, thouy he souyte it with teeris.
18 ১৮ কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই;
But ye han not come to the fier able to be touchid, and able to come to, and to the whirlewynd, and myst, and tempest, and soun of trumpe, and vois of wordis;
19 ১৯ সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে, তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়;
which thei that herden, excusiden hem, that the word schulde not be maad to hem.
20 ২০ কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে, তেনেহলে তাক শিল দলিয়াই মৰা হ’ব, এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে,
For thei beren not that that was seid, And if a beeste touchide the hil, it was stonyd.
21 ২১ আৰু সেই দৰ্শন এনে ভয়ঙ্কৰ যে, মোচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছোঁ;
And so dredeful it was that was seyn, that Moises seide, Y am a ferd, and ful of trembling.
22 ২২ কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷
But ye han come nyy to the hil Sion, and to the cite of God lyuynge, the heuenli Jerusalem, and to the multitude of many thousynde aungels,
23 ২৩ স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,
and to the chirche of the firste men, whiche ben writun in heuenes, and to God, domesman of alle, and to the spirit of iust perfit men,
24 ২৪ নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।
and to Jhesu, mediatour of the newe testament, and to the sprenging of blood, `betere spekinge than Abel.
25 ২৫ সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
Se ye, that ye forsake not the spekere; for if thei that forsaken him that spak on the erthe, aschapide not, myche more we that turnen awei fro him that spekith to vs fro heuenes.
26 ২৬ তেতিয়া তেওঁৰ ধ্বনিয়ে পৃথিৱী লৰাইছিল; কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে, বোলে, আৰু এবাৰ মই কেৱল পৃথিৱী লৰাম, এনে নহয় আকাশকো লৰাম।
Whos vois than mouyde the erthe, but now he ayen bihetith, and seith, Yit onys and Y schal moue not oneli erthe, but also heuene.
27 ২৭ ইয়াতে, ‘আৰু এবাৰ’, এই শব্দই, অলৰ বস্তুবোৰ থাকিবৰ কাৰণে, নিৰ্ম্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে।
And that he seith, Yit onys, he declarith the translacioun of mouable thingis, as of maad thingis, that tho thingis dwelle, that ben vnmouable.
28 ২৮ এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক;
Therfor we resseyuynge the kingdom vnmouable, haue we grace, bi which serue we plesynge to God with drede and reuerence.
29 ২৯ কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।
For oure God is fier that wastith.