< ইব্ৰী 11 >
1 ১ বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।
ⲁ̅ⲪⲚⲀϨϮ ⲆⲈ ⲞⲨⲦⲀϪⲢⲞ ⲠⲈ ⲚⲦⲈⲚⲎ ⲈⲦⲞⲨⲈⲢϨⲈⲖⲠⲒⲤ ⲈⲢⲰⲞⲨ ⲞⲨⲢⲈϤⲤⲞϨⲒ ⲠⲈ ⲚⲦⲈϨⲀⲚϨⲂⲎⲞⲨⲒ ⲚⲤⲈⲚⲀⲨ ⲈⲢⲰⲞⲨ ⲀⲚ.
2 ২ কিয়নো তাতেই বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষ সকলে সাক্ষ্য পালে।
ⲃ̅ϦⲈⲚ ⲪⲀⲒ ⲄⲀⲢ ⲀⲨⲈⲢⲘⲈⲐⲢⲈ ϦⲀ ⲚⲒⲠⲢⲈⲤⲂⲨⲦⲈⲢⲞⲤ.
3 ৩ বিশ্বাসৰ দ্বাৰাই আমি বুজিলো যে, সৃষ্টি খন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ’ল; তাতে দৃশ্যবস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ’ল, এনে নহয়। (aiōn )
ⲅ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲦⲈⲚⲔⲀϮ ϪⲈ ⲀⲨⲤⲞⲂϮ ⲚϪⲈⲚⲒⲈⲚⲈϨ ϦⲈⲚⲠⲤⲀϪⲒ ⲘⲪⲚⲞⲨϮ ϪⲈ ⲈⲂⲞⲖ ϦⲈⲚⲚⲎ ⲈⲦⲈⲚⲤⲈⲞⲨⲞⲚϨ ⲈⲂⲞⲖ ⲀⲚ ⲀϤϢⲰⲠⲒ ⲚϪⲈⲪⲎ ⲈⲦⲞⲨⲚⲀⲨ ⲈⲢⲞϤ. (aiōn )
4 ৪ বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে।
ⲇ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲀⲂⲈⲖ ⲀϤⲈⲚ ϨⲞⲨⲞ ϢⲞⲨϢⲰⲞⲨϢⲒ ⲘⲪⲚⲞⲨϮ ⲈϨⲞⲦⲈ ⲔⲀⲒⲚ ⲪⲀⲒ ⲈⲦⲀⲨⲈⲢⲘⲈⲐⲢⲈ ϦⲀⲢⲞϤ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦϤ ϪⲈ ⲞⲨⲐⲘⲎⲒ ⲠⲈ ⲈϤⲈⲢⲘⲈⲐⲢⲈ ⲚϪⲈⲪⲚⲞⲨϮ ⲈϨⲢⲎⲒ ⲈϪⲈⲚ ⲚⲈϤⲦⲀⲒⲞ ⲞⲨⲞϨ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦϤ ⲈⲦⲀϤⲘⲞⲨ ϤⲤⲀϪⲒ ⲞⲚ.
5 ৫ বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ কাৰণে, তেওঁক লোকান্তৰলৈ নিয়া হ’ল; তাতে তেওঁক পোৱা নগ’ল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।
ⲉ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲈⲚⲰⲬ ⲀⲨⲞⲨⲞⲐⲂⲈϤ ⲈⲂⲞⲖ ⲈϢⲦⲈⲘⲚⲀⲨ ⲈⲪⲘⲞⲨ ⲞⲨⲞϨ ⲚⲀⲨϪⲒⲘⲒ ⲘⲘⲞϤ ⲀⲚ ⲠⲈ ϪⲈ ⲀⲪⲚⲞⲨϮ ⲞⲨⲞⲐⲂⲈϤ ⲈⲂⲞⲖ ϦⲀϪⲰϤ ⲄⲀⲢ ⲘⲠⲒⲞⲨⲰⲦⲈⲂ ⲈⲂⲞⲖ ⲀⲨⲈⲢⲘⲈⲐⲢⲈ ϦⲀⲢⲞϤ ϪⲈ ⲀϤⲢⲀⲚⲀϤ ⲘⲪⲚⲞⲨϮ.
6 ৬ কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
ⲋ̅ⲀⲦϬⲚⲈ ⲚⲀϨϮ ⲆⲈ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲈⲢⲀⲚⲀϤ ⲤϢⲈ ⲄⲀⲢ ⲚⲦⲈϤⲚⲀϨϮ ⲚϪⲈⲪⲎ ⲈⲐⲚⲎ ⲞⲨ ϨⲀ ⲪⲚⲞⲨϮ ϪⲈ ϤϢⲞⲠ ⲞⲨⲞϨ ϤⲚⲀϢⲰⲠⲒ ⲚⲢⲈϤϮⲂⲈⲬⲈ ⲚⲚⲎ ⲈⲦⲔⲰϮ ⲚⲤⲰϤ.
7 ৭ বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।
ⲍ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲚⲰⲈ ⲈⲦⲀⲨⲦⲀⲘⲞϤ ⲈⲐⲂⲈ ⲚⲎ ⲈⲦⲈ ⲘⲠⲀⲦⲞⲨⲚⲀⲨ ⲈⲢⲰⲞⲨ ⲀϤⲈⲢϨⲞϮ ⲀϤⲘⲞⲚⲔ ⲚⲞⲨⲔⲨⲂⲰⲦⲞⲤ ⲈⲨⲚⲞϨⲈⲘ ⲚⲦⲈⲠⲈϤⲎⲒ ⲐⲎ ⲈⲦⲀϤⲈⲢⲔⲀⲦⲀⲔⲢⲒⲚⲒⲚ ⲘⲠⲒⲔⲞⲤⲘⲞⲤ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦⲤ ⲞⲨⲞϨ ⲀϤϢⲰⲠⲒ ⲚⲔⲖⲎⲢⲞⲚⲞⲘⲞⲤ ⲚⲦⲈϮⲘⲈⲐⲘⲎⲒ ⲚⲦⲈⲪⲚⲀϨϮ.
8 ৮ ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
ⲏ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲪⲎ ⲈⲦⲞⲨⲘⲞⲨϮ ⲈⲢⲞϤ ϪⲈ ⲀⲂⲢⲀⲀⲘ ⲀϤⲤⲰⲦⲈⲘ ⲈⲒ ⲈⲂⲞⲖ ⲈⲠⲒⲘⲀ ⲈⲚⲀϤⲚⲀϬ ⲒⲦϤ ⲚⲔⲖⲎⲢⲞⲚⲞⲘⲒⲀ ⲞⲨⲞϨ ⲀϤⲒ ⲈⲂⲞⲖ ⲚϤⲈⲘⲒ ⲀⲚ ϪⲈ ⲀϤⲘⲞϢⲒ ⲈⲐⲰⲚ.
9 ৯ এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল;
ⲑ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲀϤⲈⲢⲢⲈⲘⲚϪⲰⲒⲖⲒ ϦⲈⲚⲠⲔⲀϨⲒ ⲚⲦⲈϮⲈⲠⲀⲄⲄⲈⲖⲒⲀ ϨⲰⲤ ⲘⲪⲰϤ ⲀⲚ ⲠⲈ ⲈⲀϤϢⲰⲠⲒ ϦⲈⲚϨⲀⲚⲤⲔⲎⲚⲎ ⲚⲈⲘ ⲒⲤⲀⲀⲔ ⲚⲈⲘ ⲒⲀⲔⲰⲂ ⲚⲒϢⲪⲎⲢ ⲚⲔⲖⲎⲢⲞⲚⲞⲘⲞⲤ ⲚⲦⲈⲠⲀⲒⲰϢ ⲢⲰ.
10 ১০ কিয়নো যি নগৰৰ প্ৰতিস্থাপক আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, সেই ভিত্তিমূল থকা নগৰ বাবে তেওঁ অপেক্ষা কৰি আছিল।
ⲓ̅ⲚⲀϤϪⲞⲨϢⲦ ⲄⲀⲢ ⲈⲂⲞⲖ ϦⲀⲦϨⲎ ⲚϮⲂⲀⲔⲒ ⲐⲎ ⲈⲦⲈ ⲞⲨⲞⲚⲦⲀⲤ ⲚⲚⲒⲤⲈⲚϮ ⲘⲘⲀⲨ ⲐⲎ ⲈⲦⲈ ⲠⲈⲤⲦⲈⲬⲚⲒⲦⲎⲤ ⲚⲈⲘ ⲠⲈⲤⲢⲈϤⲐⲀⲘⲒⲞ ⲠⲈ ⲪⲚⲞⲨϮ.
11 ১১ বিশ্বাসৰ যোগেদি অব্ৰাহাম আৰু চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনক বিশ্বাসী বুলি জ্ঞান কৰিছিল।
ⲓ̅ⲁ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲚⲐⲞⲤ ϨⲰⲤ ⲤⲀⲢⲢⲀ ϮⲀϬⲢⲎⲚ ⲀⲤϬⲒ ⲚⲞⲨϪⲞⲘ ⲈⲠⲦⲀⲞⲨⲞ ⲈⲂⲞⲖ ⲚⲦⲈⲞⲨϪⲢⲞϪ ⲞⲨⲞϨ ⲚⲈⲠⲤⲎⲞⲨ ⲀⲚ ⲠⲈ ⲚⲦⲈⲦⲈⲤⲘⲀⲒⲎ ⲈⲠⲒⲆⲎ ⲀϤϢⲰⲠⲒ ⲈϤⲈⲚϨⲞⲦ ⲚⲦⲞⲦⲤ ⲚϪⲈⲪⲎ ⲈⲦⲀϤⲰϢ.
12 ১২ এই হেতুকে এজনৰ পৰা, সেই মৃত্যু তুল্য জনৰ পৰাই, লেখত আকাশৰ তৰাবোৰৰ সমান, আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ’ল।
ⲓ̅ⲃ̅ⲈⲐⲂⲈⲪⲀⲒ ⲀⲨⲘⲀⲤⲞⲨ ⲈⲂⲞⲖ ϦⲈⲚⲞⲨⲀⲒ ⲔⲈ ⲦⲀⲨⲦⲀ ⲈⲀϤⲰϪϤ ⲚϪⲈⲠⲒⲤⲰⲘⲀ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲚⲚⲒⲤⲒⲞⲨ ⲚⲦⲈⲦⲪⲈ ϦⲈⲚⲠⲞⲨⲀϢⲀⲒ ⲚⲈⲘ ⲘⲪⲢⲎϮ ⲘⲠⲒϢⲰ ⲈⲦϦⲀⲦⲈⲚ ⲚⲈⲚⲤⲪⲞⲦⲞⲨ ⲘⲪⲒⲞⲘ ⲈⲦⲈ ⲘⲠⲀⲨϬⲒⲎⲠⲒ ⲘⲘⲞϤ.
13 ১৩ সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
ⲓ̅ⲅ̅ⲔⲀⲦⲀ ⲞⲨⲚⲀϨϮ ⲚⲀⲒ ⲦⲎⲢⲞⲨ ⲀⲨⲘⲞⲨ ⲘⲠⲞⲨϬⲒ ⲚⲚⲒⲈⲠⲀⲄⲄⲈⲖⲒⲀ ⲀⲖⲖⲀ ⲀⲨⲚⲀⲨ ⲈⲢⲰⲞⲨ ϨⲒⲪⲞⲨⲈⲒ ⲞⲨⲞϨ ⲀⲨⲈⲢⲀⲤⲠⲀⲌⲈⲤⲐⲈ ⲘⲘⲰⲞⲨ ⲞⲨⲞϨ ⲀⲨⲞⲨⲞⲚϨ ⲈⲂⲞⲖ ϪⲈ ϨⲀⲚϢⲈⲘⲘⲰⲞⲨ ⲚⲈⲞⲨⲞϨ ⲚⲢⲈⲘⲚϪⲰⲒⲖⲒ ϨⲒϪⲈⲚ ⲠⲒⲔⲀϨⲒ.
14 ১৪ কিয়নো যি সকলে এনেকুৱা কথা কয়, তেওঁলোকে যে নিজ দেশ বিচাৰিছে, ইয়াকে প্ৰকাশ কৰে।
ⲓ̅ⲇ̅ⲚⲎ ⲄⲀⲢ ⲈⲦϪⲰ ⲚⲚⲀⲒ ⲘⲠⲀⲒⲢⲎϮ ⲤⲈⲞⲨⲞⲚϨ ⲈⲂⲞⲖ ϪⲈ ⲀⲨⲔⲰϮ ⲚⲤⲀⲞⲨⲂⲀⲔⲒ ⲚⲦⲈⲞⲨⲘⲀ ⲚϢⲰⲠⲒ.
15 ১৫ তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হ’লে, অৱশ্যে উলটি যাবলৈ সু-সময় পালেহেঁতেন।
ⲓ̅ⲉ̅ⲞⲨⲞϨ ⲒⲤϪⲈ ⲘⲈⲚ ⲚⲀⲨⲒⲢⲒ ⲘⲪⲘⲈⲨⲒ ⲚⲐⲎ ⲈⲦⲀⲨⲒ ⲈⲂⲞⲖ ⲚϦⲎⲦⲤ ⲒⲈ ⲚⲈⲞⲨⲞⲚⲦⲞⲨ ⲤⲎⲞⲨ ⲠⲈ ⲈⲦⲀⲤⲐⲞ ⲈⲢⲞⲤ.
16 ১৬ কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে; এই হেতুকে ঈশ্বৰে, তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ’বলৈ লাজ নাপায়; কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে।
ⲓ̅ⲋ̅ϮⲚⲞⲨ ⲆⲈ ⲤⲈⲈⲢⲈⲠⲒⲐⲨⲘⲒⲚ ⲈⲐⲎ ⲈⲦⲤⲞⲦⲠ ⲚϨⲞⲨⲞ ⲈⲦⲈ ⲐⲀ ⲦⲪⲈ ⲦⲈ ⲈⲐⲂⲈⲪⲀⲒ ⲚϤϢⲒⲠⲒ ⲘⲘⲰⲞⲨ ⲀⲚ ⲚϪⲈⲪⲚⲞⲨϮ ⲈⲐⲢⲞⲨⲘⲞⲨϮ ⲈⲢⲞϤ ⲚⲚⲞⲨϮ ⲚⲰⲞⲨ ⲀϤⲤⲞⲂϮ ⲄⲀⲢ ⲚⲰⲞⲨ ⲚⲞⲨⲂⲀⲔⲒ.
17 ১৭ অব্ৰাহাম পৰীক্ষিত হোৱাত, বিশ্বাসৰ দ্বাৰাই ইচহাকক উৎসৰ্গ কৰিলে৷ হয়, তেওঁ আনন্দেৰে সেই প্ৰতিজ্ঞা গ্ৰহন কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে,
ⲓ̅ⲍ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲀⲂⲢⲀⲀⲘ ⲀϤⲒⲚⲒ ⲚⲒⲤⲀⲀⲔ ⲈϨⲢⲎⲒ ⲈⲨⲈⲢⲠⲒⲢⲀⲌⲒⲚ ⲘⲘⲞϤ ⲀϤⲒⲚⲒ ⲘⲠⲈϤϢⲎ ⲢⲒ ⲘⲘⲀⲨⲀⲦϤ ⲈϨⲢⲎⲒ ⲚϪⲈⲪⲎ ⲈⲦⲀϤϢⲈⲠ ⲚⲒⲰϢ ⲈⲢⲞϤ
18 ১৮ যি জনৰ বিষয়ে কৈছিল, “ইচহাকৰ জৰিয়তে তোমাৰ বংশধৰ সকলক দেখা পাবা৷”
ⲓ̅ⲏ̅ⲪⲎ ⲈⲦⲀⲨⲤⲀϪⲒ ⲚⲈⲘⲀϤ ϪⲈ ϦⲈⲚⲒⲤⲀⲀⲔ ⲈⲨⲈⲐⲀϨⲈⲘ ⲞⲨϪⲢⲞϪ ⲚⲀⲔ.
19 ১৯ কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে, ইয়াকে অব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্ত স্বৰূপে তেওঁক পুনৰায় পালেও।
ⲓ̅ⲑ̅ⲞⲨⲞϨ ⲀϤⲘⲞⲔⲘⲈⲔ ϪⲈ ⲞⲨⲞⲚ ϢϪⲞⲘ ⲘⲪⲚⲞⲨϮ ⲈⲦⲞⲨⲚⲞⲤϤ ⲈⲂⲞⲖ ϦⲈⲚⲚⲎ ⲈⲐⲘⲰⲞⲨⲦ ⲈⲐⲂⲈⲪⲀⲒ ⲀϤϬⲒⲦϤ ϦⲈⲚⲞⲨⲠⲀⲢⲀⲂⲞⲖⲎ.
20 ২০ বিশ্বাসৰ দ্বাৰাই ইচহাকে ভবিষ্যত বিষয়ৰ কথাত যাকোব আৰু এচৌক আশীৰ্বাদ কৰিলে।
ⲕ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲈⲐⲂⲈ ⲚⲎ ⲈⲐⲚⲀϢⲰⲠⲒ ⲀϤⲤⲘⲞⲨ ⲚϪⲈⲒⲤⲀⲀⲔ ⲈⲒⲀⲔⲰⲂ ⲚⲈⲘ ⲎⲤⲀⲨ.
21 ২১ বিশ্বাসৰ দ্বাৰাই যাকোবে, মৰণ-কালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে; আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি, ভজনাও কৰিলে।
ⲕ̅ⲁ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲒⲀⲔⲰⲂ ⲈϤⲚⲀⲘⲞⲨ ⲀϤⲤⲘⲞⲨ ⲈⲪⲞⲨⲀⲒ ⲪⲞⲨⲀⲒ ⲚⲚⲈⲚϢⲎⲢⲒ ⲚⲒⲰⲤⲎⲪ ⲞⲨⲞϨ ⲀϤⲞⲨⲰϢⲦ ⲈϪⲈⲚ ϨⲐⲎϤ ⲘⲠⲈϤϢⲪⲰⲦ.
22 ২২ বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে।
ⲕ̅ⲃ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲒⲰⲤⲎⲪ ⲈϤⲚⲀⲘⲞⲨ ⲀϤⲈⲢⲪⲘⲈⲨⲒ ⲘⲠϪⲒⲚⲒ ⲈⲂⲞⲖ ⲚⲚⲈⲚϢⲎⲢⲒ ⲘⲠⲒⲤⲖ ⲞⲨⲞϨ ⲀϤϨⲞⲚϨⲈⲚ ⲈⲐⲂⲈ ⲚⲈϤⲔⲀⲤ.
23 ২৩ মোচিৰ জন্ম হোৱাত মাক-বাপেকে তিনি মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল; বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল৷ কিয়নো তেওঁলোকে দেখিলে যে, লৰা জন অতি সুন্দৰ; আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে।
ⲕ̅ⲅ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲘⲰⲨⲤⲎⲤ ⲈⲦⲀⲨⲘⲀⲤϤ ⲀⲨⲬⲞⲠϤ ⲚⲄ ⲚⲀⲂⲞⲦ ⲚϪⲈⲚⲈϤⲒⲞϮ ϪⲈ ⲀⲨⲚⲀⲨ ⲈⲠⲒⲀⲖⲞⲨ ϪⲈ ⲞⲨⲀⲤⲦⲒⲞⲤ ⲠⲈ ⲞⲨⲞϨ ⲘⲠⲞⲨⲈⲢϨⲞϮ ϦⲀⲦϨⲎ ⲘⲠⲒϨⲰⲠ ⲚⲦⲈⲠⲞⲨⲢⲞ.
24 ২৪ বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে;
ⲕ̅ⲇ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲘⲰⲨⲤⲎⲤ ⲈⲦⲀϤⲈⲢⲚⲒϢϮ ⲀϤϪⲰⲖ ⲈⲂⲞⲖ ⲈϢⲦⲈⲘⲈⲐⲢⲞⲨⲘⲞⲨϮ ⲈⲢⲞϤ ϪⲈ ⲠϢⲎⲢⲒ ⲚⲦϢⲈⲢⲒ ⲘⲪⲀⲢⲀⲰ.
25 ২৫ কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে,
ⲕ̅ⲉ̅ⲘⲀⲖⲖⲞⲚ ⲈⲀϤⲞⲨⲰϢ ⲈϢⲈⲠⲘⲔⲀϨ ⲚⲈⲘ ⲠⲒⲖⲀⲞⲤ ⲚⲦⲈⲪⲚⲞⲨϮ ⲈϨⲞⲦⲈ ⲚⲦⲈϤϬⲒⲘⲎ ϦⲈⲚⲪⲚⲞⲂⲒ ⲠⲢⲞⲤ ⲞⲨⲤⲎⲞⲨ.
26 ২৬ আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।
ⲕ̅ⲋ̅ⲈⲀϤⲬⲀ ⲠϢⲰϢ ⲘⲠⲬⲢⲒⲤⲦⲞⲤ ⲚⲦⲞⲦϤ ϪⲈ ⲞⲨⲘⲈⲦⲢⲀⲘⲀⲞ ⲈⲚⲀⲀⲤ ⲦⲈ ⲈϨⲞⲦⲈ ⲚⲒⲀϨⲰⲢ ⲚⲦⲈⲬⲎⲘⲒ ⲈⲚⲀϤϪⲞⲨϢⲦ ⲄⲀⲢ ⲈⲂⲞⲖ ϦⲀⲦϨⲎ ⲘⲠⲒϢⲈⲂⲒⲈ ⲂⲈⲬⲈ.
27 ২৭ বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
ⲕ̅ⲍ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲀϤⲬⲀ ⲬⲎⲘⲒ ⲚⲤⲰϤ ⲘⲠⲈϤⲈⲢϨⲞϮ ϦⲀⲦϨⲎ ⲘⲠⲒⲘⲂⲞⲚ ⲚⲦⲈⲠⲞⲨⲢⲞ ⲠⲒⲀⲐⲚⲀⲨ ⲄⲀⲢ ⲈⲢⲞϤ ⲚⲀϤⲘⲞⲨⲚ ⲈⲢⲞϤ ⲘⲪⲢⲎϮ ⲚⲞⲨⲀⲒ ⲈϤⲚⲀⲨ ⲈⲢⲞϤ.
28 ২৮ আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে।
ⲕ̅ⲏ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲀϤⲒⲢⲒ ⲘⲠⲒⲠⲀⲤⲬⲀ ⲚⲈⲘ ⲠⲒⲪⲰⲚ ⲈⲂⲞⲖ ⲚⲦⲈⲠⲒⲤⲚⲞϤ ϨⲒⲚⲀ ⲚⲦⲈϢⲦⲈⲘ ⲠⲒⲢⲈϤⲦⲀⲔⲞ ϬⲒ ⲚⲈⲘ ⲚⲞⲨϢⲞⲢⲠ ⲘⲘⲒⲤⲒ.
29 ২৯ বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল।
ⲕ̅ⲑ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲀⲨⲤⲒⲚⲒ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲪⲒⲞⲘ ⲚϢⲀⲢⲒ ⲘⲪⲢⲎϮ ⲚⲈⲂⲞⲖ ϦⲈⲚⲞⲨⲔⲀϨⲒ ⲈϤϢⲞⲨⲰⲞⲨ ⲪⲎ ⲈⲦⲀⲨϬⲒⲠⲒⲢⲀ ⲚϦⲎⲦϤ ⲚϪⲈⲚⲒⲢⲈⲘⲚⲬⲎ ⲘⲒ ⲀⲨⲰⲘⲤ ⲈϦⲢⲎⲒ.
30 ৩০ বিশ্বাসৰ দ্বাৰাই সাত দিন যিৰীহোৰ গড় প্ৰদক্ষিণ কৰোঁতে সেই গড় খহি পৰিল।
ⲗ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲚⲒⲤⲞⲂⲦ ⲚⲦⲈⲒⲈⲢⲒⲬⲰ ⲀⲨϨⲈⲒ ⲈⲦⲀⲨⲔⲰϮ ⲈⲢⲰⲞⲨ ⲚⲌ ⲚⲈϨⲞⲞⲨ.
31 ৩১ বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চোৰাংচোৱা সকলক শান্তিৰে আলহীৰূপে গ্ৰহন কৰোঁতে, অবাধ্য সকলৰ লগত তেওঁ বিনষ্ট নহ’ল।
ⲗ̅ⲁ̅ϦⲈⲚ ⲞⲨⲚⲀϨϮ ⲢⲀⲀⲂ ϮⲠⲞⲢⲚⲎ ⲘⲠⲈⲤⲦⲀⲔⲞ ⲚⲈⲘ ⲚⲎ ⲈⲦⲀⲨⲈⲢⲀⲦⲤⲰⲦⲈⲘ ⲈⲦⲀⲤϢⲎ ⲠⲚⲒϪⲎⲢ ⲈⲢⲞⲤ ϦⲈⲚⲞⲨϨⲒⲢⲎⲚⲎ.
32 ৩২ আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে;
ⲗ̅ⲃ̅ⲞⲨⲞϨ ⲚⲦⲀϪⲞⲤ ⲞⲚ ϪⲈ ⲞⲨ ⲈϤⲈⲘⲞⲨⲚⲔ ⲄⲀⲢ ⲈⲢⲞⲒ ⲚϪⲈⲠⲒⲤⲎⲞⲨ ⲈⲒⲪⲒⲢⲒ ⲈⲐⲂⲈ ⲄⲈⲆⲈⲰⲚ ⲂⲀⲢⲀⲔ ⲤⲀⲘⲮⲰⲘ ⲒⲈⲪⲐⲀⲒⲈ ⲆⲀⲨⲒⲆ ⲚⲈⲘ ⲤⲀⲘⲞⲨⲎⲖ ⲚⲈⲘ ⲚⲒⲔⲈⲠⲢⲞⲪⲎⲦⲎⲤ.
33 ৩৩ তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে,
ⲗ̅ⲅ̅ⲚⲎ ⲈⲦⲈ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲞⲨⲚⲀϨϮ ⲀⲨϬⲢⲞ ⲈϨⲀⲚⲘⲈⲦⲞⲨⲢⲰⲞⲨ ⲀⲨⲈⲢϨⲰⲂ ⲈϮⲘⲈⲐⲘⲎ ⲒⲀ ⲦⲞⲦⲞⲨ ϬⲒ ⲚⲚⲒⲰϢ ⲀⲨⲐⲰⲘ ⲚⲢⲰⲞⲨ ⲚϨⲀⲚⲘⲞⲨⲒ.
34 ৩৪ তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে।
ⲗ̅ⲇ̅ⲀⲨⲰϢⲈⲘ ⲈⲦϪⲞⲘ ⲚⲦⲈⲞⲨⲬⲢⲰⲘ ⲀⲨⲪⲰⲦ ⲈⲂⲞⲖ ϦⲈⲚⲢⲰⲞⲨ ⲚϨⲀⲚⲤⲎϤⲒ ⲀⲨϪⲈⲘϪⲞⲘ ϦⲈⲚⲠϢⲰⲚⲒ ⲀⲨϢⲰⲠⲒ ⲈⲨϪⲞⲢ ϦⲈⲚⲠⲒⲠⲞⲖⲈⲘⲞⲤ ⲀⲨⲢⲒⲔⲒ ⲚϨⲀⲚⲠⲀⲢⲈⲘⲂⲞⲖⲎ ⲚⲦⲈϨⲀⲚϢⲈⲘⲘⲰⲞⲨ.
35 ৩৫ তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল।
ⲗ̅ⲉ̅ⲀⲨϬⲒ ⲚϪⲈϨⲀⲚϨⲒⲞⲘⲒ ⲚⲚⲞⲨⲢⲈϤⲘⲰⲞⲨⲦ ⲈⲂⲞⲖ ϦⲈⲚⲞⲨⲀⲚⲀⲤⲦⲀⲤⲒⲤ ϨⲀⲚⲔⲈⲬ ⲰⲞⲨⲚⲒ ⲀⲨⲞⲨⲈϢⲞⲨⲰϢⲞⲨ ⲘⲪⲢⲎϮ ⲚϨⲀⲚⲔⲈⲘⲔⲈⲘ ⲘⲠⲞⲨϢⲈⲠ ⲠⲒⲤⲰϮ ⲈⲢⲰⲞⲨ ϨⲒⲚⲀ ⲚⲦⲈⲦⲞⲦⲞⲨ ϬⲒ ⲚϮⲀⲚⲀⲤⲦⲀⲤⲒⲤ ⲈⲦⲤⲞⲦⲠ.
36 ৩৬ আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে;
ⲗ̅ⲋ̅ϨⲀⲚⲔⲈⲬⲰⲞⲨⲚⲒ ⲆⲈ ϦⲈⲚϨⲀⲚⲤⲰⲂⲒ ⲚⲈⲘ ϨⲀⲚⲘⲈⲤⲦⲒⲄⲄⲞⲤ ⲀⲨϬⲒⲠⲒⲢⲀ ⲈⲦⲒ ⲆⲈ ⲚⲈⲘ ϨⲀⲚⲔⲈⲤⲚⲀⲨϨ ⲚⲈⲘ ϨⲀⲚϢⲦⲈⲔⲰⲞⲨ.
37 ৩৭ তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল;
ⲗ̅ⲍ̅ⲀⲨϨⲒⲰⲚⲒ ⲈϪⲰⲞⲨ ⲀⲨⲂⲀⲤⲞⲨ ⲚⲐⲂⲀϢⲞⲨⲢ ⲀⲨⲈⲢⲠⲒⲢⲀⲌⲒⲚ ⲘⲘⲰⲞⲨ ⲀⲨⲘⲞⲨ ϦⲈⲚⲠϦⲰⲦⲈⲂ ⲚⲦⲤⲎϤⲒ ⲀⲨⲘⲞϢⲒ ϦⲈⲚϨⲀⲚⲘⲈⲖⲰⲦⲎ ϦⲈⲚϨⲀⲚϢⲀⲢ ⲘⲂⲀⲈⲘⲠⲒ ⲈⲨⲈⲢϦⲀⲈ ⲈⲨϨⲈϪϨⲰϪ ⲈⲨϬⲒⲘⲔⲀϨ.
38 ৩৮ (এই জগত তেওঁলোকৰ যোগ্য নাছিল; ) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;
ⲗ̅ⲏ̅ⲚⲀⲒ ⲈⲦⲈ ⲚⲀⲢⲈ ⲠⲒⲔⲞⲤⲘⲞⲤ ⲘⲠϢⲀ ⲘⲘⲰⲞⲨ ⲀⲚ ⲠⲈ ⲈⲨⲤⲰⲢⲈⲘ ϨⲒ ⲚⲒϢⲀϤⲈⲨ ⲚⲈⲘ ⲚⲒⲦⲰⲞⲨ ⲚⲈⲘ ⲚⲒⲂⲎⲂ ⲚⲈⲘ ⲚⲒⲬⲞⲖ ⲚⲦⲈⲠⲔⲀϨⲒ.
39 ৩৯ এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে;
ⲗ̅ⲑ̅ⲞⲨⲞϨ ⲚⲀⲒ ⲦⲎⲢⲞⲨ ⲈⲦⲀⲨⲈⲢⲘⲈⲐⲢⲈ ϦⲀⲢⲰⲞⲨ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲠⲒⲚⲀϨϮ ⲘⲠⲞⲨϬⲒ ⲘⲠⲒⲰϢ.
40 ৪০ কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ’বলৈ নিদিলে।
ⲙ̅ⲈⲀϤϪⲞⲨϢⲦ ⲒⲤϪⲈⲚ ϢⲞⲢⲠ ⲚϪⲈⲪⲚⲞⲨϮ ϦⲀⲦϨⲎ ⲚⲞⲨϨⲰⲂ ⲈϤⲤⲞⲦⲠ ⲈⲐⲂⲎⲦⲈⲚ ϨⲒⲚⲀ ⲚⲤⲈϢⲦⲈⲘϪⲰⲔ ⲈⲂⲞⲖ ⲀⲦϬⲚⲞⲨⲚ.