< ইব্ৰী 10 >
1 ১ কিয়নো বিধান ভাবি মঙ্গলৰ ছায়া বিশিষ্ট হৈ, বিধান সেইবোৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়৷ সেয়েহে যি সকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে, তেওঁলোকে বছৰ বছৰ একে ৰূপে বাৰে বাৰে বলিদান কৰে; কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱা সকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে।
bla tre hi wyu mu nitu dindi kpi biwandi basiyea ana hi buburi nikpa kpi bina biwandi ba chi bi ye hwehwe nirji bana iyati wyere wyere ni tunyu iwandi bitudu trarji batanji ye ise niseana
2 ২ পৰা হ’লে, উৎসৰ্গ কৰা স্থগিত হ’লহেতেন নহয় নে? কিয়নো আৰাধনাকাৰী সকল এবাৰ শুচিকৃত হোৱা হ’লে, তেওঁলোকৰ কোনো পাপ বিবেক পুনৰ নাথাকিলেহেতেন।
in ana he tokima na base kika kasruyi chuwo ba? nitu irli bikima da bani na ti tsratsran nkpu rime megye da bitretrerji bani na to ahingye hilatre na
3 ৩ কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে সোঁৱৰণ কৰা হৈছে।
ama sriyi yi ba shle latre ise ni se
4 ৪ কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই৷
tuuda a he tokima ana bi nindu iyi kikle tando imba intbaa ndu ba wru latre hlega na
5 ৫ এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোৰ বাবে শৰীৰ যুগুত কৰিলা;
ni yanda kpewandi aye ni n gblungbu atrendi ana hi ni kpi megye mba bi tintama na in ani he toki ma mla kpa tini mu mi sru yia
6 ৬ হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহ’লা;
una ngyri nitu nu megye ni sruyi ugotua nitu latrenbu
7 ৭ তেতিয়া মই কলোঁ, চোৱা মই আহিলোঁ, পুস্তকত মোৰ বিষয়ে যেনেদৰে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ।
umilatre ndi yamba lugye miye tikpe iwandi isro me soa yauda kpe wandi batre nitu mua
8 ৮ তেওঁ পূৰ্বৰ বিৱৰণ অনুসৰি কয়, “বলিদান, নৈবেদ্য, হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা, আৰু সেইবোৰত সন্তুষ্টও নহ’লা,” যদিও এইবোৰ বলিদান বিধান অনুসৰি উৎসৰ্গ কৰা হয়৷
ni mumla atrendi sruyi na hana ni nu megye ni sruyi iwandi ba gonlua nitu latre mba ukpanyeme na una siji kinkla sro mba na bii abayi bahu sruyi iwandi banuni blatre
9 ৯ তাৰ পাছত ক’লে, “চোৱা মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ।” তেওঁ দ্বিতীয়টো স্থাপিত কৰিবৰ কাৰণে, প্ৰথমটো আতৰাই পেলালে।
intoh kima a latrendi ingye miyeni bubu tikpewa ndi usoah aka tin ka umumla kasranason tin kah uharha
10 ১০ সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হলোঁ।
ni tinkah uharli ba kbata zi nirji nitu nkoh ma ninkoh usniyi ukpa yesu Almasihu iwruri ni mbruma
11 ১১ প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱা কাৰ্য কৰি, যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে;
tokima firistoci ba mpempebawu bakutakrli kowanivi dona tinkahn nirji kowani ani nu sruyi irli ri ko da ahetokima bana taba wru latre hlega na
12 ১২ কিন্তু খ্ৰীষ্টে হ’লে, একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহিল৷
ni nko ringarli Almasihu a sru yi inkpu riri megye nitu latre ukase akusohn ni wo korli urji
13 ১৩ তেতিয়াৰে পৰা তেওঁ শত্ৰু সকলক তেওঁৰ ভৰি-পীৰা নকৰা পৰ্য্যন্ত অপেক্ষা কৰি আছে।
asigbeh nindu buwandi bayo ni ko shishi nduba ka ti mirlin ze iwandi ba he ni sawayema
14 ১৪ কাৰণ তেওঁ পবিত্ৰ কৰা সকলক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে পবিত্ৰীকৃত কৰিলে।
ni bubu u sruyi iri akpanyu har kase ni biwadi ba kma tunba nurji
15 ১৫ ইয়াৰ উপৰি পবিত্ৰ আত্মায়ো আমাক সাক্ষ্য দিছে; সেয়েহে প্ৰথমে তেওঁ কৈছে,
ngarli ibzi tsratra trota ikpe u mumlua na trendi
16 ১৬ সেই দিনৰ পাছত প্ৰভুৱে কৈছে, তেওঁলোকে সৈতে মই এই নিয়ম কৰিম৷ মই তেওঁলোকৰ হৃদয়ত মোৰ বিধান গাঠি দিম, আৰু তেওঁলোকৰ মনত সেইবোৰ লিখি দিম;
iwayi hi youyu iwandi mi tinibawu ni vibii inji bachinbu misru tre bisekpama ni myi sronba mungyabanimyi imrenba
17 ১৭ এই কথা কোৱাৰ পাছত তেওঁ পুনৰ কয়: মই তেওঁলোকৰ পাপ আৰু অধৰ্মবোৰ পুনৰ সোঁৱৰণ নকৰিম।
minala rli mre latrenba ni jokwumbana
18 ১৮ সেয়েহে এবাৰ যেতিয়া সেই সকলো পাপ-মোচন কৰা হ’ল, এনে স্থলত পাপৰ বাবে পুনৰ বলিদান কৰাৰ কোনো প্ৰয়োজন নাই।
zizaa iwirji iwandi ba fe wruhlega nitu ikpi bii suryi kperi nitu latre nala hen gana
19 ১৯ এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷
mikima imrli vayi isronbu na jokwun niwandi ki hi ri ni bubu tsratsra dindima nitu iyi vrerjiana
20 ২০ তেওঁ আমাৰ কাৰণে সেই আঁৰ-কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথে মুকলি কৰি দিলে, সেই পথ নতুন আৰু জীৱনময়৷
i waii hinkohn saamah dindima iwandi abwu nitarou ni wrji labule iwandi ahini bubu kpama
21 ২১ আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত,
do kihem kikle idji utindu ntrarji ahe ni trarji
22 ২২ সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,
ki chbiye ni sronbu dindi ni bagadi dindima ni myin njanji ni sronbu iwandi ahi tsratsram nimyi meme mre nikuma ki glakpanbu ni ma dindima
23 ২৩ এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশা দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী।
kinji ngbanagba nitu njaji tre uyo sroubu nindu nglen bu na kwuna nitu kima irji wandi ayonyu ahirji ukpan yeme
24 ২৪ সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক;
ki ma ya zrii me ni nyeme nikpanbu nitu tikpe dindima
25 ২৫ কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।
kina ka chbi te hwyere ni kpambu chuwona yaudakpe wandi yauda kpewa ndi bari bati nitu kima ki nwron kpanbu kwani vi yauda kpewandi bisi to chibiye irji hwehwre
26 ২৬ যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;
tunda ahetokima kita ti klatre un nanyea idan ki rliga ka to njaji tre sru yi bikima latre na hena
27 ২৭ কেৱল সোধ-বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা, আৰু ঈশ্বৰৰ বিপক্ষ সকলক গ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিব।
idan ani tokima kikle jokwu usron unu sisri hukuuchi ni wlu u hwu iwandi ana rli klenaa biwandi ba kamba nirjia
28 ২৮ যি কোনোৱে মোচিৰ বিধান অৱহেলা কৰে, তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে, নিৰ্দয়ভাবে মৰিব লগা হয়।
indji iwandi akani wo tre musa ani kwu ba tausaye nitu higon ikpe harli kokwa itra
29 ২৯ তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে, আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যি জনে অশুচি কৰে, আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেই জন আপোনালোকৰ বিবেচনা অনুসৰি, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য-পাত্ৰ বুলি গণিত হ’ব!
ahi iribi hukunchi rimemba ibi ni biwandi ba kpa irji tsri a ahi biwandi ba kba iyi uyonyu nanda auahi tsratsra na iwandi ninkoh yii ba hrau zi urji biwandi ti ibirzi dindia dia
30 ৩০ কিয়নো আমি জানো, তেওঁ কৈছে, “প্ৰতিশোধ লোৱা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম;” আৰু কৈছে, “প্ৰভুৱে নিজৰ লোক সকলৰ সোধ-বিচাৰ কৰিব৷”
kito indji iwandi atrendi nudih hi uma rjuhla nitu kima ngurli ubangiji ni blatre ni ndji ma
31 ৩১ জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা।
ahi kpe usisriu udu kijokwo niwo irji iwandi aheni sisrea
32 ৩২ সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷
ama rlimre ni vi biwandi hini kogoa ni wandi ikpah niwandi bi gbre ni ya rligrama
33 ৩৩ কেতিয়াবা লোক সকলে আপোনালোকক প্ৰকাশ্যে নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোক নিৰ্যাতিত হৈছিল৷ কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি, আপোনালোকেও সেই লোক সকলক সহানুভুতি দেখুৱাইছিল৷
banu yi sha ni myindjimu ni myi nza ni mrliye bila si brewo irli bi iya iwandi bari bahemi myi ma
34 ৩৪ যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোকে তেওঁলোকক সাহায্য কৰিছিল আৰু তেওঁলোকৰ দুখত সহানুভুতিশীল হৈছিল৷ আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে, কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷
do biwandi bahi ni kurkuku ba loyi srohu ni kinklan srohn bi nyeben ni sra kpa dukiya mbi iwandi batiu bi hrah nimyi kpi bin ndindi biwandi ba bi zah don mi loyi sro niwandi mina hem kurkuku
35 ৩৫ এতেকে আপোনালোকে সাহস নেহেৰুৱাব, সেই সাহসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব৷
tundi ahe tokima na ndu joku sron bi iwandi ahe ni dia
36 ৩৬ কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে।
don bi son lohsron don ni fe ikpe iwandi idji yonyu nita wu tunda biti ike iwandi anduyi tia
37 ৩৭ কিয়নো অলপতে আহিব লগা জন আহিব ধৰিছে, পলম নকৰিব।
nitu vi fifi ntohu iwandi ani ye aua ti sisri na
38 ৩৮ কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; কিন্তু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব।
tin dindi mu ni sa idrji ri ni he ni njanji idan arju nugohu mina he ni kin klau sr ni wu na
39 ৩৯ কিন্তু যিবোৰে সৰ্ব্বনাশলৈ হুঁহকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ; আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰা সকলৰ মাজৰহে হৈছোঁ।
kita kina he biwandi rju nigohn u hmanyu tunde ahetokima kihe ni myi biwandi ba he ni bau gaskiya nitu mla ya zren bu