< ইব্ৰী 1 >
1 ১ পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।
purA ya Izvaro bhaviSyadvAdibhiH pitRlokebhyo nAnAsamaye nAnAprakAraM kathitavAn
2 ২ কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে। (aiōn )
sa etasmin zeSakAle nijaputreNAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tenaiva ca sarvvajaganti sRSTavAn| (aiōn )
3 ৩ সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyena sarvvaM dhatte ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAne mahAmahimno dakSiNapArzve samupaviSTavAn|
4 ৪ ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল।
divyadUtagaNAd yathA sa viziSTanAmno 'dhikArI jAtastathA tebhyo'pi zreSTho jAtaH|
5 ৫ কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে, “তুমি মোৰ পুত্ৰ; আজি মই তোমাৰ পিতৃ হ’লো?” আকৌ, তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে, “মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ’ব?”
yato dUtAnAM madhye kadAcidIzvareNedaM ka uktaH? yathA, "madIyatanayo 'si tvam adyaiva janito mayA|" punazca "ahaM tasya pitA bhaviSyAmi sa ca mama putro bhaviSyati|"
6 ৬ পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে, “ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক।”
aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAle tenoktaM, yathA, "Izvarasya sakalai rdUtaireSa eva praNamyatAM|"
7 ৭ স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে, “তেওঁ নিজৰ দুত সকলক বায়ুৰূপে আৰু নিজৰ সেৱক সকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে।”
dUtAn adhi tenedam uktaM, yathA, "sa karoti nijAn dUtAn gandhavAhasvarUpakAn| vahnizikhAsvarUpAMzca karoti nijasevakAn||"
8 ৮ কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন। (aiōn )
kintu putramuddizya tenoktaM, yathA, "he Izvara sadA sthAyi tava siMhAsanaM bhavet| yAthArthyasya bhaveddaNDo rAjadaNDastvadIyakaH| (aiōn )
9 ৯ তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে।”
puNye prema karoSi tvaM kiJcAdharmmam RtIyase| tasmAd ya Iza Izaste sa te mitragaNAdapi| adhikAhlAdatailena secanaM kRtavAn tava||"
10 ১০ “হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷
punazca, yathA, "he prabho pRthivImUlam Adau saMsthApitaM tvayA| tathA tvadIyahastena kRtaM gaganamaNDalaM|
11 ১১ সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব।
ime vinaMkSyatastvantu nityamevAvatiSThase| idantu sakalaM vizvaM saMjariSyati vastravat|
12 ১২ তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”
saGkocitaM tvayA tattu vastravat parivartsyate| tvantu nityaM sa evAsI rnirantAstava vatsarAH||"
13 ১৩ কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, “মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?”
aparaM dUtAnAM madhye kaH kadAcidIzvareNedamuktaH? yathA, "tavArIn pAdapIThaM te yAvannahi karomyahaM| mama dakSiNadigbhAge tAvat tvaM samupAviza||"
14 ১৪ সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?
ye paritrANasyAdhikAriNo bhaviSyanti teSAM paricaryyArthaM preSyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?