< ইব্ৰী 1 >

1 পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।
Bůh mluvil odedávna k otcům mnoha různými způsoby prostřednictvím proroků a odhaloval jim postupně své plány.
2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে। (aiōn g165)
V tomto posledním čase k nám promluvil ve svém Synu. Boží Syn je podivuhodná bytost. Bůh mu vše dal a skrze něho stvořil svět a vše, co je v něm. (aiōn g165)
3 সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
On vyzařuje Boží lásku. Každý jeho čin a každé jeho slovo dosvědčuje, že je Bůh. Řídí vesmír podmanivou silou svého rozkazu. Zemřel, aby očistil naše svědomí od všech hříchů, vstal z mrtvých a pak se posadil na čestné místo u Boha.
4 ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল।
Boží Syn převyšuje i Boží posly – anděly. Jeho jméno to dokazuje.
5 কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে, “তুমি মোৰ পুত্ৰ; আজি মই তোমাৰ পিতৃ হ’লো?” আকৌ, তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে, “মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ’ব?”
Vždyť Bůh nikdy neřekl andělu: „Ty jsi můj Syn, kterého jsem dnes zplodil.“Ani: „Budu mu otcem a on mi bude synem.“
6 পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে, “ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক।”
Ale když uvádí svého prvorozeného Syna na zem, říká: „Ať se mu klanějí všichni Boží andělé.“
7 স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে, “তেওঁ নিজৰ দুত সকলক বায়ুৰূপে আৰু নিজৰ সেৱক সকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে।”
Bůh mluví o svých andělích jako o vanutí větru a plamenech ohně,
8 কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন। (aiōn g165)
ale o svém Synu říká: „Ty budeš, Bože, vládnout navzdory všem změnám a tvoje vláda bude spravedlivá. (aiōn g165)
9 তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে।”
Miluješ spravedlnost a nenávidíš svévoli. Proto ti Bůh učinil radost a vyvýšil tě nad tvé druhy.“
10 ১০ “হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷
„Ty jsi, Pane, na počátku učinil zemi a nebesa jsou dílo tvých rukou.
11 ১১ সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব।
Nebesa se rozplynou, ale ty zůstaneš.
12 ১২ তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”
Obnosí se jako plášť a jednou je odložíš a vyměníš. Ty však nezestárneš a nezahyneš.“
13 ১৩ কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, “মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?”
Bůh nikdy nevyzval žádného anděla, aby se posadil na čestné místo nedaleko něho, dokud mu nepodrobí všechny nepřátele.
14 ১৪ সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?
Andělé jsou jen duchovní poslové, kteří jsou vysíláni, aby pečovali o ty, kterým se má dostat spásy jako dědictví.

< ইব্ৰী 1 >