< হগয় 1 >

1 ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ, ষষ্ঠ মাহৰ প্ৰথম দিনা, যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিললৈ, আৰু যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱালৈ ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু তেওঁ ক’লে,
दारा राजाको दोस्रो बर्षको छैटौँ महिनाको पहिलो दिनमा, शालतिएलका छोरा यहूदाका राज्यपाल यरुबाबेल, र यहोसादाकका छोरा प्रधान पूजाहारी यहोशूकहाँ अगमवक्ता हाग्गैद्धारा परमप्रभुको यस्तो वचन आयो,
2 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘এই লোকসকলে কয়, “যিহোৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ, এতিয়াই আমাৰ অহাৰ সময় নহয়”।”
“सेनाहरूका परमप्रभु यस्तो भन्‍नुहुन्छ: यी मानिसहरू भन्छन्, ‘हामी आएर परमप्रभुको भवन निर्माण गर्ने समय अझै आएको छैन’ ।”
3 সেয়ে ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু ক’লে,
त्यसपछि अगमवक्ता हाग्गैद्धारा परमप्रभुको यस्तो वचन आयो,
4 “তোমাৰ বাবে এইটোৱেই সময় যে, তুমি তোমাৰ সম্পূৰ্ণ হোৱা ঘৰত বাস কৰা। যিহেতু এই ঘৰ ধ্বংস হৈছিল।”
“यो मन्दिर ध्वस्त हुँदा के यो तिमीहरू आफ्ना सुन्दर घरहरूमा बस्‍ने समय हो?
5 সেয়ে এতিয়া বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকৰ পথ বিবেচনা কৰা!
यसैकारण सेनाहरूका परमप्रभु यस्तो भन्‍नुहुन्छ: आफ्ना मार्गहरूमाथि ध्यान देओ!
6 তোমালোকে অধিক গুটি সিঁচিছিলা, কিন্তু অলপহে চপালা; তোমালোকে খোৱা, কিন্তু তোমালোকৰ যথেষ্ট পৰিমাণে নাথাকে; তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা; তোমালোকে বস্ত্র পিন্ধা, কিন্তু তোমালোকে উম নোপোৱা; উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থ’বলৈ উপাৰ্জন কৰে!’
तिमीहरूले प्रशस्त बीऊ छरेका छौ, तर फसल भने थोरै मात्र ल्याउँछौ, तिमीहरू खान्छौ तर तिमीहरूसँग पर्याप्‍त छैन । तिमीहरू पिउँछौ, तर प्रशस्त मद्य तिमीहरूसँग छैन । तिमीहरू लुगा लगाउँछौ तर आफैँलाई तातो राख्‍न सक्दैनौ, र ज्यालादारीमा काम गर्नेहरूले पैसा कमाउँछन् तर तिनीहरूले ती प्वालहरू भएका झोलामा राख्दछन् ।”
7 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোকৰ পথ বিবেচনা কৰা!
सेनाहरूका परमप्रभु यस्तो भन्‍नुहुन्छ: “आफ्ना मार्गहरूमाथि ध्यान देओ ।
8 পৰ্ব্বতলৈ উঠি গৈ কাঠ আনা; আৰু মোৰ গৃহ নিৰ্মাণ কৰা। যিহোৱাই কৈছে, “তেতিয়াহে মই সন্তুষ্ট হ’ম, আৰু মই গৌৰৱান্বিত হ’ম!’
माथि पर्वतमा जाओ, काठहरू ल्याओ, र मेरो भवन बनाओ, अनि म त्यसमा आनन्द मनाउनेछु, र म महिमित हुनेछु - परमप्रभु भन्‍नुहुन्छ ।”
9 ‘তোমালোকে অধিকৰ বাবে প্রত্যাশা কৰা, কিন্তু চোৱা! মই ফু মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয়? এই বুলি বাহিনীসকলৰ যিহোৱাই ঘোষণা কৰিছে! কাৰণ, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰত সন্তুষ্ট হৈ আছা।
“तिमीहरूले धेरै कुराको खोजी गर्‍यौ, तर हेर! तिमीहरूले घरमा थोरै कुरा ल्यायौ, कनभने मैले ती उडाइदिएँ । किन?” सेनाहरूका परमप्रभु घोषणा गर्नुहुन्छ । “किनभने मेरो भवन भग्‍नावशेषको बिचमा छ, तर तिमीहरू हरेक भने आफ्नै घर बनाउन लागिपरेका छौ ।
10 ১০ এই কাৰণে আকাশে তোমালৈ নিয়ৰ বৰষাবলৈ প্রতিৰোধ কৰি ৰাখিছে, আৰু পৃথিৱীয়ে উৎপাদন আটক কৰি ৰাখিছে।
यसैकारण आकाशले आफ्नो शीत रोकिदिनेछ, र पृथ्वीले आफ्नो उब्जनी दिनेछैन ।
11 ১১ মই দেশ, পৰ্ব্বত, আৰু শস্যৰ ওপৰত, নতুন দ্ৰাক্ষাৰস, তেল, আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত, আৰু মানুহ, পশু, আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলো’।”
मैले भूमि, पर्वतहरू, अन्‍न, नयाँ मद्य, तेल, पृथ्वीका उब्जनीहरू, मानिसहरू, पशुहरू, र तिमीहरूका हातका परिश्रममाथि अनिकाल बोलाएको छु ।”
12 ১২ তেতিয়া চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্রধান পুৰোহিত যিহোচূৱা, আৰু লোকসকলৰ সকলো ইস্ৰায়েলৰ অৱশিষ্ট লোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য, আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাই পঠোৱা ভাববাদী হগ্গয়ৰ কথা শুনিলে, আৰু লোকসকলে যিহোৱালৈ ভয় কৰিলে।
अनि शालतिएलका छोरा यरुबाबेल, र येहोसादाकका छोरा प्रधान पूजाहारी यहोशूले, बाँकी रहेका सबै मानिसका साथमा तिनीहरूका परमेश्‍वर परमप्रभुको आवाज र अगमवक्ता हाग्‍गैका वचनलाई पालन गरे, किनभने तिनीहरूका परमेश्‍वर परमप्रभुले तिनलाई पठाउनुभएको थियो र मानिसहरूले परमप्रभुको भय मान्थे ।
13 ১৩ তেতিয়া যিহোৱাৰ বাৰ্ত্তাবাহক হগ্গয়ে যিহোৱাৰ বাৰ্ত্তা লোকসকলক ক’লে, “‘মই তোমালোকৰ লগত আছোঁ!’ এয়ে যিহোৱাৰ ঘোষণা!”
त्यसपछि परमप्रभुका समाचारवाहक, हाग्‍गैले मानिसहरूलाई यसो भनी परमप्रभुको सन्देश सुनाए, “म तिमीहरूसँग छु - परमप्रभु घोषणा गर्नुहुन्छ ।”
14 ১৪ সেয়ে যিহোৱাই যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱা, আৰু জনসাধাৰণৰ অৱশিষ্ট লোকসকলৰ আত্মা উত্তেজ্জিত কৰিলে; সেই বাবে তেওঁলোকে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ কাম কৰিবলৈ গ’ল,
यसकारण परमप्रभुले यहूदाका राज्यपाल, शालतिएलका छोरा यरुबाबेल, येहोसादाकका छोरा प्रधान पुजारी यहोशू, र सबै बाँकी रहेका मानिसहरूका आत्मालाई उत्तेजित गरिदिनुभयो, अनि तिनीहरू गए र तिनीहरूका परमेश्‍वर सेनाहरूका परमप्रभुको भवनमा काम गरे ।
15 ১৫ তেতিয়া ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ ষষ্ঠ মাহৰ চৌবিশ দিন আছিল।
दारा राजाको दोस्रो वर्षको छैटौँ महिनाको चौबीसौँ दिनमा यो भयो ।

< হগয় 1 >