< হগয় 1 >
1 ১ ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ, ষষ্ঠ মাহৰ প্ৰথম দিনা, যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিললৈ, আৰু যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱালৈ ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু তেওঁ ক’লে,
Im zweiten Jahr des Königs Darius, im sechsten Monat, am ersten Tage des Monats, geschah des HERRN Wort durch den Propheten Haggai zu Serubabel, dem Sohn Sealthiels, dem Fürsten Juda's, und zu Josua, dem Sohn Jozadaks, dem Hohenpriester, und sprach:
2 ২ “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘এই লোকসকলে কয়, “যিহোৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ, এতিয়াই আমাৰ অহাৰ সময় নহয়”।”
So spricht der HERR Zebaoth: Dies Volk spricht: Die Zeit ist noch nicht da, daß man des HERRN Haus baue.
3 ৩ সেয়ে ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু ক’লে,
Und des HERRN Wort geschah durch den Propheten Haggai:
4 ৪ “তোমাৰ বাবে এইটোৱেই সময় যে, তুমি তোমাৰ সম্পূৰ্ণ হোৱা ঘৰত বাস কৰা। যিহেতু এই ঘৰ ধ্বংস হৈছিল।”
Aber eure Zeit ist da, daß ihr in getäfelten Häusern wohnt, und dies Haus muß wüst stehen?
5 ৫ সেয়ে এতিয়া বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকৰ পথ বিবেচনা কৰা!
Nun, so spricht der HERR Zebaoth: Schauet, wie es euch geht!
6 ৬ তোমালোকে অধিক গুটি সিঁচিছিলা, কিন্তু অলপহে চপালা; তোমালোকে খোৱা, কিন্তু তোমালোকৰ যথেষ্ট পৰিমাণে নাথাকে; তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা; তোমালোকে বস্ত্র পিন্ধা, কিন্তু তোমালোকে উম নোপোৱা; উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থ’বলৈ উপাৰ্জন কৰে!’
Ihr säet viel, und bringet wenig ein; ihr esset, und werdet doch nicht satt; ihr trinket, und werdet doch nicht trunken; ihr kleidet euch, und könnt euch doch nicht erwärmen; und wer Geld verdient, der legt's in einen löchrigen Beutel.
7 ৭ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোকৰ পথ বিবেচনা কৰা!
So spricht der HERR Zebaoth: Schauet, wie es euch geht!
8 ৮ পৰ্ব্বতলৈ উঠি গৈ কাঠ আনা; আৰু মোৰ গৃহ নিৰ্মাণ কৰা। যিহোৱাই কৈছে, “তেতিয়াহে মই সন্তুষ্ট হ’ম, আৰু মই গৌৰৱান্বিত হ’ম!’
Gehet hin auf das Gebirge und holet Holz und bauet das Haus; das soll mir angenehm sein, und ich will meine Ehre erzeigen, spricht der HERR.
9 ৯ ‘তোমালোকে অধিকৰ বাবে প্রত্যাশা কৰা, কিন্তু চোৱা! মই ফু মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয়? এই বুলি বাহিনীসকলৰ যিহোৱাই ঘোষণা কৰিছে! কাৰণ, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰত সন্তুষ্ট হৈ আছা।
Denn ihr wartet wohl auf viel, und siehe, es wird wenig; und ob ihr's schon heimbringt, so zerstäube ich's doch. Warum das? spricht der HERR Zebaoth. Darum daß mein Haus so wüst steht und ein jeglicher eilt auf sein Haus.
10 ১০ এই কাৰণে আকাশে তোমালৈ নিয়ৰ বৰষাবলৈ প্রতিৰোধ কৰি ৰাখিছে, আৰু পৃথিৱীয়ে উৎপাদন আটক কৰি ৰাখিছে।
Darum hat der Himmel über euch den Tau verhalten und das Erdreich sein Gewächs.
11 ১১ মই দেশ, পৰ্ব্বত, আৰু শস্যৰ ওপৰত, নতুন দ্ৰাক্ষাৰস, তেল, আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত, আৰু মানুহ, পশু, আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলো’।”
Und ich habe die Dürre gerufen über Land und Berge, über Korn, Most, Öl und über alles, was aus der Erde kommt, auch über Leute und Vieh und über alle Arbeit der Hände.
12 ১২ তেতিয়া চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্রধান পুৰোহিত যিহোচূৱা, আৰু লোকসকলৰ সকলো ইস্ৰায়েলৰ অৱশিষ্ট লোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য, আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাই পঠোৱা ভাববাদী হগ্গয়ৰ কথা শুনিলে, আৰু লোকসকলে যিহোৱালৈ ভয় কৰিলে।
Da gehorchte Serubabel, der Sohn Sealthiels, und Josua, der Sohn Jozadaks, der Hohepriester, und alle übrigen des Volkes solcher Stimme des HERRN, ihres Gottes, und den Worten des Propheten Haggai, wie ihn der HERR, ihr Gott, gesandt hatte; und das Volk fürchtete sich vor dem HERRN.
13 ১৩ তেতিয়া যিহোৱাৰ বাৰ্ত্তাবাহক হগ্গয়ে যিহোৱাৰ বাৰ্ত্তা লোকসকলক ক’লে, “‘মই তোমালোকৰ লগত আছোঁ!’ এয়ে যিহোৱাৰ ঘোষণা!”
Da sprach Haggai, der Engel des HERRN, der die Botschaft des HERRN hatte an das Volk: Ich bin mit euch, spricht der HERR.
14 ১৪ সেয়ে যিহোৱাই যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱা, আৰু জনসাধাৰণৰ অৱশিষ্ট লোকসকলৰ আত্মা উত্তেজ্জিত কৰিলে; সেই বাবে তেওঁলোকে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ কাম কৰিবলৈ গ’ল,
Und der HERR erweckte den Geist Serubabels, des Sohnes Sealthiels, des Fürsten Juda's, und den Geist Josuas, des Sohnes Jozadaks, des Hohenpriesters, und den Geist des ganzen übrigen Volkes, daß sie kamen und arbeiteten am Hause des HERRN Zebaoth, ihres Gottes,
15 ১৫ তেতিয়া ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ ষষ্ঠ মাহৰ চৌবিশ দিন আছিল।
am vierundzwanzigsten Tage des sechsten Monats, im zweiten Jahr des Königs Darius.