< হাবাকুক 1 >
1 ১ ভাববাদী হবক্কুকে ঘোষণা কৰা বাৰ্ত্তা গৃহীত কৰিলে।
Ucapan ilahi dalam penglihatan nabi Habakuk.
2 ২ “হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম, আৰু আপুনি নুশুনাকৈ থাকিব? মই আপোনাৰ আগত অত্যাচাৰৰ ভয়ত কাতৰোক্তি কৰিছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে।
Berapa lama lagi, TUHAN, aku berteriak, tetapi tidak Kaudengar, aku berseru kepada-Mu: "Penindasan!" tetapi tidak Kautolong?
3 ৩ আপুনি মোক কিয় অপৰাধ, আৰু অন্যায় কার্য চাব দিছে? মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈ আছে, ইয়াত বিৰোধ, আৰু বিবাদ বৃদ্ধি পাইছে।
Mengapa Engkau memperlihatkan kepadaku kejahatan, sehingga aku memandang kelaliman? Ya, aniaya dan kekerasan ada di depan mataku; perbantahan dan pertikaian terjadi.
4 ৪ সেই কাৰণে বিধান দুৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।”
Itulah sebabnya hukum kehilangan kekuatannya dan tidak pernah muncul keadilan, sebab orang fasik mengepung orang benar; itulah sebabnya keadilan muncul terbalik.
5 ৫ “দেশীয় লোকসকলক চোৱা, আৰু পৰীক্ষা কৰা, আচৰিত আৰু বিস্মিত হোৱা! কাৰণ মই তোমালোকৰ দিনত নিশ্চয় এনে কাৰ্য কৰিম; যি কাৰ্য তোমালোকৰ আগত প্রকাশ হলেওঁ তোমালোকে বিশ্বাস নকৰিবা।
Lihatlah di antara bangsa-bangsa dan perhatikanlah, jadilah heran dan tercengang-cengang, sebab Aku melakukan suatu pekerjaan dalam zamanmu yang tidak akan kamu percayai, jika diceriterakan.
6 ৬ কাৰণ চোৱা! দেশৰ হিংস্র আৰু অবিবেচক কলদীয়া সকলক মই তুলি ধৰিবলৈ উদ্যত। তেওঁলোকে পৃথিবীৰ প্রস্থয়েদি যাত্রা কৰি, যিবোৰ তেওঁলোকৰ নহয়, সেইবোৰ ঘৰ অধিকাৰ কৰিব।
Sebab, sesungguhnya, Akulah yang membangkitkan orang Kasdim, bangsa yang garang dan tangkas itu, yang melintasi lintang bujur bumi untuk menduduki tempat kediaman, yang bukan kepunyaan mereka.
7 ৭ তেওঁলোক ত্ৰাসজনক আৰু ভয়ানক; তেওঁলোকৰ বিচাৰ আৰু ঐশ্বৰ্য তেওঁলোকৰ নিজৰ পৰাই আৰম্ভ হয়।
Bangsa itu dahsyat dan menakutkan; keadilannya dan keluhurannya berasal dari padanya sendiri.
8 ৮ তেওঁলোকৰ ঘোঁৰাবোৰ নাহৰফুটুকী বাঘতকৈয়ো দ্রুতবেগী, আৰু গধূলি পৰৰ ৰাংকুকুৰতকৈয়ো বেগী! সেয়ে তেওঁলোকৰ ঘোঁৰাবোৰ ছাব মৰা, আৰু তেওঁলোকৰ অশ্বাৰোহীসকল ঈগলে খাবলৈ বেগেৰে উৰি অহাৰ দৰে, বহু দূৰৰ পৰা বেগেৰে আহে।
Kudanya lebih cepat dari pada macan tutul, dan lebih ganas dari pada serigala pada waktu malam; pasukan berkudanya datang menderap, dari jauh mereka datang, terbang seperti rajawali yang menyambar mangsa.
9 ৯ তেওঁলোক সকলোৱে অত্যাচাৰ কৰিবলৈ আহে; তেওঁলোক দলে দলে মৰুভূমিৰ বতাহৰ দৰে যায়, আৰু তেওঁলোকে বালিৰ দৰে বন্দীসকলক গোট খোৱাই।
Seluruh bangsa itu datang untuk melakukan kekerasan, serbuan pasukan depannya seperti angin timur, dan mereka mengumpulkan tawanan seperti banyaknya pasir.
10 ১০ সেয়ে তেওঁলোকে ৰজাক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়। তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়।
Raja-raja dicemoohkannya dan penguasa-penguasa menjadi tertawaannya. Ditertawakannya tiap tempat berkubu, ditimbunkannya tanah dan direbutnya tempat itu.
11 ১১ তাৰ পাছত তেওঁলোকে বতাহৰ দৰে ক্ষিপ্রগতিৰে আগবাঢ়িব; আৰু যিসকলৰ শক্তিয়েই নিজৰ দেৱতা, সেই দোষী লোকসকলৰ ওপৰেৰে পাৰ হ’ব।”
Maka berlarilah mereka, seperti angin dan bergerak terus; demikianlah mereka bersalah dengan mendewakan kekuatannya.
12 ১২ “হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো? আমাৰ মৃত্যু নহ’ব। যিহোৱাই বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে, আৰু আপুনি শিল, তেওঁলোকক সংশোধন কৰিবলৈ আপুনি প্রতিষ্ঠিত হ’ল।
Bukankah Engkau, ya TUHAN, dari dahulu Allahku, Yang Mahakudus? Tidak akan mati kami. Ya TUHAN, telah Kautetapkan dia untuk menghukumkan; ya Gunung Batu, telah Kautentukan dia untuk menyiksa.
13 ১৩ পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ দৃষ্টি অতি পবিত্ৰ, আৰু আপুনি অনুগ্রহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে। তেনেহ’লে আপুনি বিশ্বাসঘাত কৰা সকললৈ কিয় অনুগ্রহেৰে দৃষ্টি কৰিছে? দুষ্টলোকে নিজতকৈ অধিক ধাৰ্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নিৰৱে থাকে?
Mata-Mu terlalu suci untuk melihat kejahatan dan Engkau tidak dapat memandang kelaliman. Mengapa Engkau memandangi orang-orang yang berbuat khianat itu dan Engkau berdiam diri, apabila orang fasik menelan orang yang lebih benar dari dia?
14 ১৪ আপুনি সাগৰৰ মাছৰ দৰে, আৰু শাসনকৰ্ত্তা নোহোৱা বগাই যোৱা লতাৰ দৰে মানুহক সৃষ্টি কৰিলে?
Engkau menjadikan manusia itu seperti ikan di laut, seperti binatang-binatang melata yang tidak ada pemerintahnya?
15 ১৫ তেওঁলোকে সকলোকে তেওঁলোকৰ বৰশীৰে তোলে, তেওঁলোকে মাছ ধৰা জালেৰে মানুহক ধৰে, আৰু তেওঁলোকক তেওঁলোকৰ জালেৰে গোটায়; এই কাৰণে তেওঁলোকে উৎসাহিত হৈ চিঞৰে আৰু আনন্দ কৰে।
Semuanya mereka ditariknya ke atas dengan kail, ditangkap dengan pukatnya dan dikumpulkan dengan payangnya; itulah sebabnya ia bersukaria dan bersorak-sorai.
16 ১৬ সেই কাৰণে তেওঁলোকে নিজৰ মাছ ধৰা জালৰ উদ্দেশ্যে উৎসৰ্গ কৰে, আৰু তেওঁলোকৰ জালৰ উদ্দেশ্যে ধূপ জ্বলায়; কাৰণ হৃষ্টপুষ্ট পশুবোৰ তেওঁলোকৰ অংশ আৰু চৰ্ব্বিযুক্ত মাংস তেওঁলোকৰ আহাৰ হয়।
Itulah sebabnya dipersembahkannya korban untuk pukatnya dan dibakarnya korban untuk payangnya; sebab oleh karena alat-alat itu pendapatannya mewah dan rezekinya berlimpah-limpah.
17 ১৭ সেয়ে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালি কৰি, অবিৰাম দেশীয় লোকসকলক বধ কৰিব নে?
Sebab itukah ia selalu menghunus pedangnya dan membunuh bangsa-bangsa dengan tidak kenal belas kasihan?