< হাবাকুক 1 >

1 ভাববাদী হবক্কুকে ঘোষণা কৰা বাৰ্ত্তা গৃহীত কৰিলে।
Profetaĵo, kiun laŭvizie eldiris la profeto Ĥabakuk.
2 “হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম, আৰু আপুনি নুশুনাকৈ থাকিব? মই আপোনাৰ আগত অত্যাচাৰৰ ভয়ত কাতৰোক্তি কৰিছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে।
Ĝis kiam, ho Eternulo, mi krios, kaj Vi ne aŭskultos, mi krios al Vi pri perfortaĵo, kaj Vi ne helpos?
3 আপুনি মোক কিয় অপৰাধ, আৰু অন্যায় কার্য চাব দিছে? মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈ আছে, ইয়াত বিৰোধ, আৰু বিবাদ বৃদ্ধি পাইছে।
Kial Vi devigas min vidi maljustaĵon, rigardi mizeraĵon? Rabado kaj perfortado estas antaŭ mi, leviĝas disputoj kaj malpaco.
4 সেই কাৰণে বিধান দুৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।”
Tial la instruo perdis sian forton, la justeco neniam venkas; ĉar la malvirtulo superfortas la virtulon, tial la rezultoj de juĝo estas malĝustaj.
5 “দেশীয় লোকসকলক চোৱা, আৰু পৰীক্ষা কৰা, আচৰিত আৰু বিস্মিত হোৱা! কাৰণ মই তোমালোকৰ দিনত নিশ্চয় এনে কাৰ্য কৰিম; যি কাৰ্য তোমালোকৰ আগত প্রকাশ হলেওঁ তোমালোকে বিশ্বাস নকৰিবা।
Rigardu la naciojn, rigardu, kaj vi forte miros; ĉar en via tempo Mi faros ion, kion vi ne kredus, se oni rakontus al vi.
6 কাৰণ চোৱা! দেশৰ হিংস্র আৰু অবিবেচক কলদীয়া সকলক মই তুলি ধৰিবলৈ উদ্যত। তেওঁলোকে পৃথিবীৰ প্রস্থয়েদি যাত্রা কৰি, যিবোৰ তেওঁলোকৰ নহয়, সেইবোৰ ঘৰ অধিকাৰ কৰিব।
Ĉar jen Mi levos la Ĥaldeojn, nacion kruelan kaj lertan, kiu trairos la tutan larĝon de la tero, por ekposedi loĝejojn, kiuj ne apartenas al ĝi.
7 তেওঁলোক ত্ৰাসজনক আৰু ভয়ানক; তেওঁলোকৰ বিচাৰ আৰু ঐশ্বৰ্য তেওঁলোকৰ নিজৰ পৰাই আৰম্ভ হয়।
Terura kaj timinda ĝi estas; ĝia juĝado kaj regado dependas de ĝi mem.
8 তেওঁলোকৰ ঘোঁৰাবোৰ নাহৰফুটুকী বাঘতকৈয়ো দ্রুতবেগী, আৰু গধূলি পৰৰ ৰাংকুকুৰতকৈয়ো বেগী! সেয়ে তেওঁলোকৰ ঘোঁৰাবোৰ ছাব মৰা, আৰু তেওঁলোকৰ অশ্বাৰোহীসকল ঈগলে খাবলৈ বেগেৰে উৰি অহাৰ দৰে, বহু দূৰৰ পৰা বেগেৰে আহে।
Pli rapidaj ol leopardoj estas ĝiaj ĉevaloj, kaj pli lertaj ol lupoj vespere; en grandaj amasoj venas ĝiaj rajdantoj de malproksime, flugas kiel aglo, kiu rapidas al manĝaĵo.
9 তেওঁলোক সকলোৱে অত্যাচাৰ কৰিবলৈ আহে; তেওঁলোক দলে দলে মৰুভূমিৰ বতাহৰ দৰে যায়, আৰু তেওঁলোকে বালিৰ দৰে বন্দীসকলক গোট খোৱাই।
Ĉiuj ili venas por rabi; kiel vento orienta ili direktas sin, kien ili volas; kaj ili kolektas kaptitojn kiel sablon.
10 ১০ সেয়ে তেওঁলোকে ৰজাক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়। তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়।
Reĝojn ili mokas, regantoj estas ridataĵo por ili; ĉiun fortikaĵon ili mokas; ili ŝutas teron, kaj venkoprenas.
11 ১১ তাৰ পাছত তেওঁলোকে বতাহৰ দৰে ক্ষিপ্রগতিৰে আগবাঢ়িব; আৰু যিসকলৰ শক্তিয়েই নিজৰ দেৱতা, সেই দোষী লোকসকলৰ ওপৰেৰে পাৰ হ’ব।”
Tiam ŝanĝiĝas ilia spirito, transiras kaj fariĝas peka, kaj ilia forto fariĝas ilia dio.
12 ১২ “হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো? আমাৰ মৃত্যু নহ’ব। যিহোৱাই বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে, আৰু আপুনি শিল, তেওঁলোকক সংশোধন কৰিবলৈ আপুনি প্রতিষ্ঠিত হ’ল।
Sed Vi estas ja de ĉiam, ho Eternulo, mia sankta Dio! ne lasu nin morti. Vi, ho Eternulo, aperigis ilin por juĝo; Vi, ho nia Roko, destinis ilin por puni.
13 ১৩ পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ দৃষ্টি অতি পবিত্ৰ, আৰু আপুনি অনুগ্রহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে। তেনেহ’লে আপুনি বিশ্বাসঘাত কৰা সকললৈ কিয় অনুগ্রহেৰে দৃষ্টি কৰিছে? দুষ্টলোকে নিজতকৈ অধিক ধাৰ্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নিৰৱে থাকে?
Viaj okuloj estas tro puraj, por vidi malbonon, kaj rigardi maljustaĵon Vi ne povas; kiel do Vi rigardas malhonestulojn, kaj silentas, kiam malpiulo englutas tiun, kiu estas pli virta ol li?
14 ১৪ আপুনি সাগৰৰ মাছৰ দৰে, আৰু শাসনকৰ্ত্তা নোহোৱা বগাই যোৱা লতাৰ দৰে মানুহক সৃষ্টি কৰিলে?
Kial Vi faras la homojn kiel fiŝoj en la maro, kiel rampaĵoj, kiuj ne havas reganton?
15 ১৫ তেওঁলোকে সকলোকে তেওঁলোকৰ বৰশীৰে তোলে, তেওঁলোকে মাছ ধৰা জালেৰে মানুহক ধৰে, আৰু তেওঁলোকক তেওঁলোকৰ জালেৰে গোটায়; এই কাৰণে তেওঁলোকে উৎসাহিত হৈ চিঞৰে আৰু আনন্দ কৰে।
Ĉiujn ili tiras per fiŝhoko, kaptas per sia reto, amasigas per sia fiŝreto; kaj tial ili ĝojas kaj triumfas.
16 ১৬ সেই কাৰণে তেওঁলোকে নিজৰ মাছ ধৰা জালৰ উদ্দেশ্যে উৎসৰ্গ কৰে, আৰু তেওঁলোকৰ জালৰ উদ্দেশ্যে ধূপ জ্বলায়; কাৰণ হৃষ্টপুষ্ট পশুবোৰ তেওঁলোকৰ অংশ আৰু চৰ্ব্বিযুক্ত মাংস তেওঁলোকৰ আহাৰ হয়।
Tial ili alportas oferojn al sia reto, incensas al sia fiŝreto; ĉar per ĉi tiuj grasiĝis ilia parto kaj boniĝis ilia manĝaĵo.
17 ১৭ সেয়ে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালি কৰি, অবিৰাম দেশীয় লোকসকলক বধ কৰিব নে?
Ĉu por tio ili devas ĵetadi sian reton kaj senĉese mortigadi naciojn senindulge?

< হাবাকুক 1 >