< হাবাকুক 3 >
1 ১ ভাববাদী হবক্কুকৰ প্ৰাৰ্থনা:
Dies ist das Gebet des Propheten Habakuk für die Unschuldigen:
2 ২ হে যিহোৱা, মই আপোনাৰ বাৰ্ত্তা শুনিলোঁ, আৰু মোৰ ভয় লাগিছে! হে যিহোৱা, এই সময়ৰ ভিতৰত আপোনাৰ কাৰ্য পুনৰ আৰম্ভ কৰক, আৰু এই সময়ৰ ভিতৰতে আমাক জনাওঁক; ক্ৰোধৰ সময়ত আপুনি দয়া সোঁৱৰণ কৰক।
HERR, ich habe dein Gerücht gehört, daß ich mich entsetze. HERR, mache dein Werk lebendig mitten in den Jahren und laß es kund werden mitten in den Jahren. Wenn Trübsal da ist, so denke der Barmherzigkeit.
3 ৩ ঈশ্বৰ তৈমনৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; (চেলা) তেওঁৰ গৌৰৱে আকাশ-মণ্ডল আৱৰি ধৰিছিল, আৰু পৃথিৱী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল।
Gott kam vom Mittag und der Heilige vom Gebirge Pharan. (Sela) Seines Lobes war der Himmel voll, und seiner Ehre war die Erde voll.
4 ৪ তেওঁৰ হাতৰ ৰশ্মি জ্বলি থকা পোহৰৰ দৰে, আৰু তাতেই তেওঁ তেওঁৰ পৰাক্রম ধৰি ৰাখে।
Sein Glanz war wie ein Licht; Strahlen gingen von seinen Händen; darin war verborgen seine Macht.
5 ৫ তেওঁৰ আগে আগে মহামাৰী যায়, আৰু তেওঁৰ খোজৰ পাছত ৰোগ যায়।
Vor ihm her ging Pestilenz, und Plage ging aus, wo er hin trat.
6 ৬ তেওঁ থিয় হয় আৰু পৃথিৱী জোখে; তেওঁ চাই আৰু দেশবিলাক কম্পমান কৰে! এনে কি চিৰস্থায়ী পৰ্ব্বতবোৰ ছিন্ন-ভিন্ন হৈছে, আৰু চিৰস্থায়ী পাহাৰবোৰ পৰি গৈছে; তেওঁৰ পথ অনন্তকলীয়া।
Er stand und maß die Erde, er schaute und machte beben die Heiden, daß zerschmettert wurden die Berge, die von alters her sind, und sich bücken mußten die ewigen Hügel, da er wie vor alters einherzog.
7 ৭ মই দেখিলোঁ, কূচনৰ তম্বুবোৰ দুখত আছে; আৰু মিদিয়ন দেশৰ তম্বুৰ কাপোৰবোৰ কঁপিছে।
Ich sah der Mohren Hütten in Not und der Midianiter Gezelte betrübt.
8 ৮ নদীবোৰৰ সৈতে যিহোৱাৰ ক্রোধ হৈছে নে? আপোনাৰ ক্রোধ নদীবোৰৰ বা আপোনাৰ উত্তেজনা সাগৰৰ বিৰুদ্ধে নে? যেতিয়া আপুনি আপোনাৰ ঘোঁৰাবোৰৰ ওপৰত উঠে, তেতিয়া আপোনাৰ ৰথে ৰক্ষা পাই নে?
Warst du nicht zornig, HERR, in der Flut und dein Grimm in den Wassern und dein Zorn im Meer, da du auf deinen Rossen rittest und deine Wagen den Sieg behielten?
9 ৯ আপুনি আপোনাৰ ধনু আবৃত নকৰাকৈ লৈ আহিছে; আপুনি আপোনাৰ ধনুত কাঁড় লগাইছে! (চেলা) আপুনি পৃথিবীখন নদীবোৰেৰে ভাগ কৰিছা।
Du zogst den Bogen hervor, wie du geschworen hattest den Stämmen (sela) und verteiltest die Ströme ins Land.
10 ১০ পৰ্ব্বতবোৰে আপোনাক দেখিছে আৰু ক্লেশত মোচোৰা খাইছে; অগাধ জল সেইবোৰৰ ওপৰেৰে গৈছে; গভীৰ সাগৰে গৰ্জন কৰিছে! ই ওপৰলৈ ঢৌবোৰ উঠায়।
Die Berge sahen dich, und ihnen ward bange; der Wasserstrom fuhr dahin, die Tiefe ließ sich hören, die Höhe hob die Hände auf.
11 ১১ আপোনাৰ উৰি যোৱা কাঁড়ৰ পোহৰ আৰু আপোনাৰ চকমকায় থকা যাঠিৰ উজ্বলতাত, সূৰ্য আৰু চন্দ্ৰ নিজৰ নিজৰ উচ্চ স্থানত স্থিৰ হৈ আছে।
Sonne und Mond standen still. Deine Pfeile fuhren mit Glänzen dahin und dein Speere mit Leuchten des Blitzes.
12 ১২ আপুনি ধিক্কাৰেৰে পৃথিবীৰ মাজেদি যাত্ৰা কৰিছে। আপুনি ক্রোধত দেশবোৰক মৰণা মাৰাদি মাৰিছে।
Du zertratest das Land im Zorn und zerdroschest die Heiden im Grimm.
13 ১৩ আপুনি আপোনাৰ লোকসকলৰ পৰিত্ৰাণৰ আৰু আপোনাৰ অভিষিক্ত জনৰ পৰিত্ৰাণৰ বাবে ওলাই গৈছে। আপুনি দুষ্টলোকৰ ঘৰৰ মূৰব্বীক গুড়ি কৰি ডিঙিৰ পৰা ভিত্তিমূললৈকে অনাবৃত কৰিলে। (চেলা)
Du zogst aus, deinem Volk zu helfen, zu helfen deinem Gesalbten; du zerschmettertest das Haupt im Hause des Gottlosen und entblößtest die Grundfeste bis an den Hals. (Sela)
14 ১৪ আপুনি যুদ্ধাৰুসকলৰ সেনাপতিসকলক তেওঁলোকৰ নিজৰ কাঁড়েৰে মুৰবোৰ খুচিলে; তেওঁলোকে ধুমুহাৰ দৰে আমাক ছিন্ন-ভিন্ন কৰিবলৈ আহিছিল, তেওঁলোকে দুখীয়াক গুপুত স্থানত ৰখাৰ দৰে গ্ৰাস কৰিছিল।
Du durchbohrtest mit seinen Speeren das Haupt seiner Scharen, die wie ein Wetter kamen, mich zu zerstreuen, und freuten sich, als fräßen sie die Elenden im Verborgenen.
15 ১৫ আপুনি ঘোঁৰাবোৰে সৈতে সাগৰৰ ওপৰেৰে যাত্রা কৰিলে, আৰু মহাজলৰাশিক স্তূপকৃত কৰিলে।
Deine Rosse gingen im Meer, im Schlamm großer Wasser.
16 ১৬ মই শুনিলোঁ আৰু মোৰ ভিতৰ অংশ কঁপি উঠিল! শব্দত মোৰ ওঁঠ কঁপি উঠিছে! মোৰ হাড়বোৰ ক্ষয় হ’ব ধৰিছে, আৰু মোৰ ভিতৰ অংশ কঁপি উঠিছে তথাপি যি সকলে আমাক আক্রমণ কৰিলে, তেওঁলোকৰ ওপৰলৈ সঙ্কটৰ দিন অহাৰ বাবে মই নিৰৱে অপেক্ষা কৰি আছোঁ।
Weil ich solches hörte, bebt mein Leib, meine Lippen zittern von dem Geschrei; Eiter geht in meine Gebeine, und meine Kniee beben, dieweil ich ruhig harren muß bis auf die Zeit der Trübsal, da wir hinaufziehen zum Volk, das uns bestreitet.
17 ১৭ যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই,
Denn der Feigenbaum wird nicht grünen, und wird kein Gewächs sein an den Weinstöcken; die Arbeit am Ölbaum ist vergeblich, und die Äcker bringen keine Nahrung; und Schafe werden aus den Hürden gerissen, und werden keine Rinder in den Ställen sein.
18 ১৮ তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।
Aber ich will mich freuen des HERRN und fröhlich sein in Gott, meinem Heil.
19 ১৯ প্ৰভু যিহোৱা মোৰ বল; আৰু তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ দৰে কৰিছে, আৰু মোৰ ওখ ঠাইবোৰত মোক চলাই লৈ যাব। সংগীত পৰিচালকলৈ; মোৰ তাৰযুক্ত বাদ্যেৰে।
Denn der HERR ist meine Kraft und wird meine Füße machen wie Hirschfüße und wird mich auf meine Höhen führen. Vorzusingen auf meinem Saitenspiel.