+ আদিপুস্তক 1 >

1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
I Begyndelsen skabte Gud Himmelen og Jorden.
2 পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল।
Og Jorden var øde og tom, og der var Mørke over Verdensdybet. Men Guds Ånd svævede over Vandene.
3 ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।
Og Gud sagde: "Der blive Lys!" Og der blev Lys.
4 ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে।
Og Gud så, at Lyset var godt, og Gud satte Skel mellem Lyset og Mørket,
5 পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।
og Gud kaldte Lyset Dag, og Mørket kaldte han Nat. Og det blev Aften, og det blev Morgen, første Dag.
6 তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।”
Derpå sagde Gud: "Der blive en Hvælving midt i Vandene til at skille Vandene ad!"
7 এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
Og således skete det: Gud gjorde Hvælvingen og skilte Vandet under Hvælvingen fra Vandet over Hvælvingen;
8 ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
og Gud kaldte Hvælvingen Himmel. Og det blev Aften, og det blev Morgen, anden Dag.
9 তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
Derpå sagde Gud: "Vandet under Himmelen samle sig på eet Sted, så det faste Land kommer til Syne!" Og således skete det;
10 ১০ ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ” হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
og Gud kaldte det faste Land Jord, og Stedet, hvor Vandet samlede sig, kaldte han Hav. Og Gud så, at det var godt.
11 ১১ ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
Derpå sagde Gud: "Jorden lade fremspire grønne Urter, der bærer Frø, og Frugttræer, der bærer Frugt med Kærne, på Jorden!" Og således skete det:
12 ১২ ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
Jorden frembragte grønne Urter, der bar Frø, efter deres Arter, og Træer, der bar Frugt med Kærne, efter deres Arter. Og Gud så, at det var godt.
13 ১৩ গধূলি আৰু পুৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল।
Og det blev Aften, og det blev Morgen, tredje Dag.
14 ১৪ তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
Derpå sagde Gud: "Der komme Lys på Himmelhvælvingen til at skille Dag fra Nat, og de skal være til Tegn og til Fastsættelse af Højtider, Dage og År
15 ১৫ সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
og tjene som Lys på Himmelhvælvingen til at lyse på Jorden! Og således sket det:
16 ১৬ ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো নিৰ্ম্মাণ কৰিলে।
Gud gjorde de to store Lys, det største til at herske om Dagen, det mindste til at herske om Natten, og Stjernerne;
17 ১৭ ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে;
og Gud satte dem på Himmelhvælvingen til at lyse på Jorden
18 ১৮ দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
og til at herske over Dagen og Natten og til at skille Lyset fra Mørket. Og Gud så, at det var godt.
19 ১৯ গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল।
Og det blev Aften, og det blev Morgen, fjerde Dag.
20 ২০ তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
Derpå sagde Gud: "Vandet vrimle med en Vrimmel af levende Væsener, og Fugle flyve over Jorden oppe under Himmelhvælvingen!" Og således skete det:
21 ২১ এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
Gud skabte de store Havdyr og den hele Vrimmel af levende Væsener, som Vandet vrimler med, efter deres Arter, og alle vingede Væsener efter deres Arter. Og Gud så, at det var godt.
22 ২২ ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”
Og Gud velsignede dem og sagde: "Bliv frugtbare og mangfoldige og opfyld Vandet i Havene, og Fuglene blive mangfoldige på Jorden!"
23 ২৩ গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল।
Og det blev Aften, og det blev Morgen, femte Dag.
24 ২৪ তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।
Derpå sagde Gud: "Jorden frembringe levende Væsener efter deres Arter: Kvæg, Kryb og vildtlevende Dyr efter deres Arter! Og således skete det:
25 ২৫ ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
Gud gjorde de vildtlevende Dyr efter deres Arter, Kvæget efter dets Arter og alt Jordens Kryb efter dets Arter. Og Gud så, at det var godt.
26 ২৬ তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
Derpå sagde Gud: "Lad os gøre Mennesker i vort Billede, så de ligner os, til at herske over Havets Fisk og Himmelens Fugle, Kvæget og alle vildtlevende Dyr på Jorden og alt Kryb, der kryber på Jorden!"
27 ২৭ তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
Og Gud skabte Mennesket i sit Billede; i Guds Billede skabte han det, som Mand og Kvinde skabte han dem;
28 ২৮ পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
og Gud velsignede dem, og Gud sagde til dem: "Bliv frugtbare og mangfoldige og opfyld Jorden, gør eder til Herre over den og hersk over Havets Fisk og Himmelens Fugle, Kvæget og alle vildtlevende Dyr, der rører sig på Jorden!"
29 ২৯ ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব।
Gud sagde fremdeles: "Jeg giver eder alle Urter på hele Jorden, som bærer Frø, og alle Træer, som bærer Frugt med Kærne; de skal være eder til Føde;
30 ৩০ সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল।
men alle Jordens dyr og alle Himmelens Fugle og alt, hvad der kryber på Jorden, og som har Livsånde, giver jeg alle grønne Urter til Føde." Og således skete det.
31 ৩১ পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।
Og Gud så alt, hvad han havde gjort, og se, det var såre godt. Og det blev Aften, og det blev Morgen, sjette Dag.

+ আদিপুস্তক 1 >