< আদিপুস্তক 8 >
1 ১ পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে।
Dieu se souvint de Noé, de toutes les bêtes et de tous les animaux domestiques qui étaient avec lui dans l’arche, et Dieu fit passer un vent sur la terre, et les eaux baissèrent;
2 ২ ভূগর্ভস্থৰ জলৰ ভুমুকবোৰ আৰু আকাশৰ খিড়িকিবোৰ বন্ধ হৈ গ’ল; আকাশৰ পৰা বৰষুণ পৰিবলৈ এৰিলে।
les sources de l’abîme et les écluses du ciel se fermèrent, et la pluie cessa de tomber du ciel.
3 ৩ পৃথিবীৰ ওপৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু এশ পঞ্চাশ দিনৰ মূৰত পানী অনেক কমিল।
Les eaux se retirèrent de dessus la terre, allant et revenant, et elles s’abaissèrent au bout de cent cinquante jours.
4 ৪ সেই বছৰৰ সপ্তম মাহৰ সোঁতৰ দিনৰ দিনা জাহাজখন অৰাৰট পৰ্ব্বতশ্রেণীৰ ওপৰত গৈ লাগি ৰ’ল।
Au septième mois, le dix-septième jour du mois, l’arche s’arrêta sur les montagnes d’Ararat.
5 ৫ তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতশ্রেণীৰ টিংবোৰ দেখা গ’ল।
Les eaux allèrent se retirant jusqu’au dixième mois; et, au dixième mois, le premier jour du mois, apparurent les sommets des montagnes.
6 ৬ তাৰ পাছত চল্লিশ দিন পাৰ হোৱাত নোহে নিজে সজা জাহাজৰ খিড়িকিখন মেলিলে।
Au bout de quarante jours, Noé ouvrit la fenêtre qu’il avait faite à l’arche,
7 ৭ তেওঁ এটি ঢোৰা কাউৰী বাহিৰলৈ উড়ুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকুৱা পর্যন্ত কাউৰীজনীয়ে অহা-যোৱা কৰি উড়ি ফুৰিছিল।
et lâcha le corbeau, qui sortit, allant et revenant, jusqu’à ce que les eaux fussent séchées au-dessus de la terre.
8 ৮ তাৰ পাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে।
Il lâcha ensuite la colombe d’auprès de lui, pour voir si les eaux avaient diminué de la surface de la terre.
9 ৯ কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে।
Mais la colombe, n’ayant pas trouvé où poser la plante de son pied, revint vers lui dans l’arche; parce qu’il y avait encore des eaux à la surface de toute la terre. Il étendit la main et, l’ayant prise, il la fit rentrer auprès de lui dans l’arche.
10 ১০ তাৰ পাছত তেওঁ আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক জাহাজৰ পৰা উড়ুৱাই পঠালে।
Il attendit encore sept autres jours, et il lâcha de nouveau la colombe hors de l’arche,
11 ১১ সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জিতগছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে।
et la colombe revint vers lui sur le soir, et voici, une feuille d’olivier toute fraîche était dans son bec; et Noé reconnut que les eaux ne couvraient plus la terre.
12 ১২ নোহে আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক উড়ুৱাই পঠালে; কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুনৰ উভটি নাহিল।
Il attendit encore sept autres jours, et il lâcha la colombe; et elle ne revint plus vers lui.
13 ১৩ নোহৰ বয়স তেতিয়া ছশ এক বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা পৃথিবীৰ পানী শুকাবলৈ ধৰিলে; তেতিয়া নোহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে, ভূমিৰ ওপৰৰ পানী শুকাই গৈছে।
L’an six cent un, au premier mois, le premier jour du mois, les eaux avaient séché sur la terre. Noé ôta la couverture de l’arche et regarda, et voici, la surface du sol avait séché.
14 ১৪ দ্বিতীয় মাহৰ সাতাইশ দিনৰ ভিতৰত পৃথিৱী একেবাৰে শুকাই গ’ল।
Au second mois, le vingt-septième jour du mois, la terre fut sèche.
15 ১৫ তেতিয়া ঈশ্বৰে নোহক ক’লে,
Alors Dieu parla à Noé, en disant:
16 ১৬ “তুমি তোমাৰ ভাৰ্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা।
« Sors de l’arche, toi et ta femme, tes fils et les femmes de tes fils avec toi.
17 ১৭ তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।”
Toutes les bêtes de toute chair, qui sont avec toi, oiseaux, animaux domestiques, et tous les reptiles qui rampent sur la terre, fais-les sortir avec toi; qu’ils se répandent sur la terre, qu’ils soient féconds et multiplient sur la terre. »
18 ১৮ তেতিয়া নোহে তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল।
Noé sortit, lui et ses fils, sa femme et les femmes de ses fils.
19 ১৯ পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল।
Toutes les bêtes, tous les reptiles et tous les oiseaux, tous les êtres qui se meuvent sur la terre, selon leurs espèces, sortirent de l’arche.
20 ২০ তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।
Noé construisit un autel à Yahweh et, ayant pris de tous les animaux purs et de tous les oiseaux purs, il offrit des holocaustes sur l’autel.
21 ২১ যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
Yahweh sentit une odeur agréable, et Yahweh dit en son cœur: « Je ne maudirai plus désormais la terre à cause de l’homme, parce que les pensées du cœur de l’homme sont mauvaises dès sa jeunesse, et je ne frapperai plus tout être vivant, comme je l’ai fait.
22 ২২ যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।”
Désormais, tant que la terre durera, les semailles et la moisson, le froid et le chaud, l’été et l’hiver, le jour et la nuit ne cesseront point. »