< আদিপুস্তক 8 >
1 ১ পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে।
Tsono Mulungu anakumbukira Nowa ndi nyama zonse zakuthengo ndi ziweto zimene anali nazo mu chombo. Yehova anatumiza mphepo pa dziko lapansi ndipo madzi anaphwera.
2 ২ ভূগর্ভস্থৰ জলৰ ভুমুকবোৰ আৰু আকাশৰ খিড়িকিবোৰ বন্ধ হৈ গ’ল; আকাশৰ পৰা বৰষুণ পৰিবলৈ এৰিলে।
Tsono akasupe a madzi ambiri a pansi pa dziko ndi zitseko za madzi a kumwamba zinatsekedwa, ndipo mvula inaleka kugwa.
3 ৩ পৃথিবীৰ ওপৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু এশ পঞ্চাশ দিনৰ মূৰত পানী অনেক কমিল।
Madzi amaphwabe pa dziko lapansi. Pakutha pa masiku 150, madzi anatsika,
4 ৪ সেই বছৰৰ সপ্তম মাহৰ সোঁতৰ দিনৰ দিনা জাহাজখন অৰাৰট পৰ্ব্বতশ্রেণীৰ ওপৰত গৈ লাগি ৰ’ল।
ndipo pa tsiku la 17 la mwezi wachisanu ndi chiwiri, chombo chija chinakakhazikika pa mapiri a Ararati.
5 ৫ তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতশ্রেণীৰ টিংবোৰ দেখা গ’ল।
Madzi anapitirira kuphwa mpaka mwezi wa khumi, ndipo pa tsiku loyamba la mwezi wa khumiwo msonga za mapiri zinayamba kuonekera.
6 ৬ তাৰ পাছত চল্লিশ দিন পাৰ হোৱাত নোহে নিজে সজা জাহাজৰ খিড়িকিখন মেলিলে।
Patapita masiku makumi anayi, Nowa anatsekula zenera limene anapanga mʼchombomo
7 ৭ তেওঁ এটি ঢোৰা কাউৰী বাহিৰলৈ উড়ুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকুৱা পর্যন্ত কাউৰীজনীয়ে অহা-যোৱা কৰি উড়ি ফুৰিছিল।
natulutsa khwangwala, koma khwangwalayo ankangowuluka uku ndi uku mpaka madzi anawuma pa dziko lapansi.
8 ৮ তাৰ পাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে।
Kenaka anatulutsa nkhunda kuti aone ngati madzi aphwa pa dziko.
9 ৯ কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে।
Koma nkhunda sinapeze poti nʼkutera chifukwa panali madzi ponseponse pa dziko lapansi. Choncho inabwerera kwa Nowa mʼchombo. Nowa anatulutsa dzanja lake kunja ndi kutenga nkhundayo kuyibwezera mʼchombo mmene iye anali.
10 ১০ তাৰ পাছত তেওঁ আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক জাহাজৰ পৰা উড়ুৱাই পঠালে।
Choncho anadikirabe masiku ena asanu ndi awiri ndipo anatulutsanso nkhundayo mʼchombo muja.
11 ১১ সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জিতগছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে।
Pamene nkhunda inabwerera madzulo ake, inali itanyamula tsamba laliwisi la mtengo wa olivi. Motero Nowa anadziwa kuti madzi aphwadi pa dziko lapansi.
12 ১২ নোহে আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক উড়ুৱাই পঠালে; কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুনৰ উভটি নাহিল।
Iye anadikira masiku ena asanu ndi awiri ndipo anatumizanso nkhunda ija, koma nthawi imeneyi sinabwererenso kwa iye.
13 ১৩ নোহৰ বয়স তেতিয়া ছশ এক বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা পৃথিবীৰ পানী শুকাবলৈ ধৰিলে; তেতিয়া নোহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে, ভূমিৰ ওপৰৰ পানী শুকাই গৈছে।
Pofika tsiku loyamba la mwezi woyamba wa chaka chimene Nowa anakwanitsa zaka 601, madzi anawuma pa dziko lapansi. Ndipo Nowa anachotsa denga la chombo ndipo anaona kuti kunja kwawuma.
14 ১৪ দ্বিতীয় মাহৰ সাতাইশ দিনৰ ভিতৰত পৃথিৱী একেবাৰে শুকাই গ’ল।
Pokwana tsiku la 27 la mwezi wachiwiri dziko lapansi linawumiratu.
15 ১৫ তেতিয়া ঈশ্বৰে নোহক ক’লে,
Tsono Mulungu anawuza Nowa kuti,
16 ১৬ “তুমি তোমাৰ ভাৰ্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা।
“Iwe, mkazi wako, ana ako pamodzi ndi akazi awo tulukani mʼchombomo.
17 ১৭ তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।”
Tulutsa zamoyo zonse zili ndi iwe, mbalame, nyama ndi zokwawa zonse kuti ziswane ndi kuchulukana pa dziko lapansi.”
18 ১৮ তেতিয়া নোহে তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল।
Nowa anatuluka pamodzi ndi ana ake aamuna, mkazi wake ndi akazi a ana ake.
19 ১৯ পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল।
Nyama zonse, zokwawa zonse, mbalame zonse, chilichonse choyenda pa dziko lapansi, zinatuluka mʼchombo motsogozana monga mwa mitundu yawo.
20 ২০ তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।
Pamenepo Nowa anamanga guwa lansembe la Yehova ndipo anatengako mtundu uliwonse wa nyama zoti nʼkudya ndi mbalame zoti nʼkudya naperekapo nsembe yopsereza.
21 ২১ যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
Yehova atamva fungo labwino anati mu mtima mwake: “Sindidzatembereranso nthaka chifukwa cha munthu, ngakhale kuti maganizo a mu mtima mwake ndi oyipa kuyambira ubwana wake. Ndipo sindidzawononganso zolengedwa zonse zamoyo monga ndachitiramu.
22 ২২ যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।”
“Nthawi zonse mmene dziko lapansi lidzakhalire, nthawi yodzala ndi nthawi yokolola yozizira ndi yotentha, dzinja ndi chilimwe, usana ndi usiku, sizidzatha.”