< আদিপুস্তক 7 >

1 তাৰ পাছত যিহোৱাই নোহক ক’লে, “তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে জাহাজত উঠাগৈ; কিয়নো মোৰ দৃষ্টিত এই কালৰ লোকসকলৰ মাজত কেৱল তুমিয়েই ধাৰ্মিক হৈ আছা।
Then the LORD said to Noah, “Go into the ark, you and all your family, because I have found you righteous in this generation.
2 তুমি তোমাৰ লগত প্রতিবিধ শুচি পশুৰ মতা মাইকী সাতোটা সাতোটা আৰু অশুচি পশুৰ মতা মাইকী এযোৰ এযোৰ কৈ আনিবা।
You are to take with you seven pairs of every kind of clean animal, a male and its mate; a pair of every kind of unclean animal, a male and its mate;
3 আকাশত উৰিফুৰা চৰাইবোৰৰো মতা মাইকী সাতোটা সাতোটা তোমাৰ লগত ল’বা; পৃথিৱীৰ ওপৰত সেইবোৰৰ বংশ জীয়াই ৰাখিবলৈ তুমি ইয়াকে কৰিবা।
and seven pairs of every kind of bird of the air, male and female, to preserve their offspring on the face of all the earth.
4 সাত দিনৰ পাছত মই দিনে-ৰাতিয়ে চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত বৰষুণ বৰষাম আৰু মই সৃষ্টি কৰা সকলোবোৰ জীৱকুলকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম।”
For seven days from now I will send rain on the earth for forty days and forty nights, and I will wipe from the face of the earth every living thing I have made.”
5 যিহোৱাৰ আজ্ঞা অনুসাৰে নোহে সকলোকে কৰিলে।
And Noah did all that the LORD had commanded him.
6 পৃথিৱীত জলপ্লাৱন হোৱাৰ সময়ত নোহৰ বয়স আছিল ছশ বছৰ।
Now Noah was 600 years old when the floodwaters came upon the earth.
7 জলপ্লাৱনৰ পৰা ৰক্ষা পাবৰ কাৰণে নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰসকল আৰু তেওঁলোকৰ ভার্য্যাসকল জাহাজত উঠিল।
And Noah and his wife, with his sons and their wives, entered the ark to escape the waters of the flood.
8 শুচি আৰু অশুচি পশু, চৰাই আৰু মাটিত বগাই ফুৰা সকলোবিধ জন্তুৰ
The clean and unclean animals, the birds, and everything that crawls along the ground
9 মতা মাইকী যোৰ যোৰকৈ নোহৰ ওচৰলৈ আহিল আৰু ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সেইবোৰ জাহাজত উঠিল।
came to Noah to enter the ark, two by two, male and female, as God had commanded Noah.
10 ১০ সাত দিনৰ পাছত পৃথিৱীত জল-প্লাৱন হ’বলৈ ধৰিলে।
And after seven days the floodwaters came upon the earth.
11 ১১ নোহৰ বয়স যেতিয়া ছশ বছৰ হৈছিল, সেই বছৰৰ দ্বিতীয় মাহৰ সোঁতৰ দিনৰ দিনা ভূগর্ভস্থৰ সকলো ভুমুক ফুটি পানী ওলাবলৈ ধৰিলে আৰু আকাশৰ খিড়িকিবোৰ মুকলি হ’ল।
In the six hundredth year of Noah’s life, on the seventeenth day of the second month, all the fountains of the great deep burst forth, and the floodgates of the heavens were opened.
12 ১২ চল্লিশ দিন আৰু চল্লিশ ৰাতি পৃথিৱীত বৰষুণ হ’ল।
And the rain fell upon the earth for forty days and forty nights.
13 ১৩ যি দিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেই দিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ তিনিজন পুত্র চেম, হাম, যেফৎ আৰু তিনিগৰাকী পুত্র-বোৱাৰী জাহাজত গৈ উঠিল।
On that very day Noah entered the ark, along with his sons Shem, Ham, and Japheth, and his wife, and the three wives of his sons—
14 ১৪ তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলো বিধ চৰাই চিৰিকটিও উঠিল।
they and every kind of wild animal, livestock, crawling creature, bird, and winged creature.
15 ১৫ শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰ ওচৰলৈ আহি জাহাজত সোমাল।
They came to Noah to enter the ark, two by two of every creature with the breath of life.
16 ১৬ ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে।
And they entered, the male and female of every living thing, as God had commanded Noah. Then the LORD shut him in.
17 ১৭ তাৰ পাছত চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত জলপ্লাৱনৰ পানী বাঢ়ি যাবলৈ ধৰিলে; পানী বাঢ়ি যোৱাত জাহাজখন মাটিৰ পৰা দাং খাই পানীত ওপঙি উঠিল।
For forty days the flood kept coming on the earth, and the waters rose and lifted the ark high above the earth.
18 ১৮ পৃথিৱীৰ ওপৰত পানী বাঢ়ি বাঢ়ি গৈ থাকিল আৰু সোঁত প্রৱলৰূপে প্লাৱিত হোৱাত জাহাজখন পানীত ওপঙিবলৈ ধৰিলে।
So the waters continued to surge and rise greatly on the earth, and the ark floated on the surface of the waters.
19 ১৯ পৃথিবীৰ ওপৰত পানী কেৱল বাঢ়িয়েই থাকিল; সমুদায় আকাশৰ তলত থকা সকলো ওখ ওখ পৰ্ব্বত ডুব গ’ল।
Finally, the waters completely inundated the earth, so that all the high mountains under all the heavens were covered.
20 ২০ পাহাৰ-পর্ব্বতবোৰ ডুব গৈ পোন্ধৰ হাত ওপৰলৈকে পানী উঠিল।
The waters rose and covered the mountaintops to a depth of fifteen cubits.
21 ২১ পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল।
And every living thing that moved upon the earth perished—birds, livestock, animals, every creature that swarms upon the earth, and all mankind.
22 ২২ শুকান মাটিৰ ওপৰত থকা সকলো প্রাণীৰে অর্থাৎ শ্বাস-প্রশ্বাস লৈ জীয়াই থকা আটাই প্ৰাণীৰে মৃত্যু হ’ল।
Of all that was on dry land, everything that had the breath of life in its nostrils died.
23 ২৩ এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল।
And every living thing on the face of the earth was destroyed—man and livestock, crawling creatures and birds of the air; they were blotted out from the earth, and only Noah and those with him in the ark remained.
24 ২৪ এইদৰে পৃথিবীৰ ওপৰত এশ পঞ্চাশ দিনলৈকে জলপ্লাৱন হৈ আছিল।
And the waters prevailed upon the earth for 150 days.

< আদিপুস্তক 7 >

The Great Flood
The Great Flood