< আদিপুস্তক 6 >
1 ১ এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল।
Ɛberɛ a nnipa dɔɔso wɔ asase so no, wɔwoo mmammaa.
2 ২ ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
Onyankopɔn mmammarima no hunuu sɛ nnipa mmammaa no ho yɛ fɛ enti, deɛ obiara pɛ no no, ɔfaa no wareeɛ.
3 ৩ এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”
Afei, Awurade kaa sɛ, “Me honhom rentena nnipa mu nkɔsi daa, ɛfiri sɛ, wɔyɛ ɔhonam; na wɔn nkwa nna bɛyɛ mfeɛ ɔha aduonu.”
4 ৪ সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল।
Saa ɛberɛ no, na nnipa akwabrane wɔ asase no so. Ɛberɛ a Onyankopɔn mmammarima yi kɔɔ nnipa mmammaa yi ho no, wɔne wɔn wowoeɛ. Saa nnipa yi ne kane tete nnipa atitire a na wɔyɛ akofoɔ a wɔgyee edin no.
5 ৫ যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
Awurade Onyankopɔn hunuu sɛ adasamma amumuyɛ adɔɔso wɔ asase so, na nnipa nsusuiɛ nyinaa yɛ bɔne nko ara.
6 ৬ পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।
Ɛyɛɛ Awurade Onyankopɔn awerɛhoɔ sɛ ɔbɔɔ wɔn bɛtenaa asase so. Saa bɔne no yɛɛ Awurade Onyankopɔn awerɛhoɔ.
7 ৭ সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”
Awurade kaa sɛ, “Mɛpepa nnipa a mabɔ wɔn no afiri asase so; mmoa ne mmoa a wɔwea asase so ne ewiem nnomaa, ɛfiri sɛ, ɛyɛ me ya sɛ mebɔɔ wɔn.”
8 ৮ কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।
Nanso, Noa deɛ, ɔnyaa adom Awurade anim.
9 ৯ এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল।
Noa awoɔ ntoatoasoɔ nie. Na Noa yɛ onipa teneneeni a ne ho nni asɛm wɔ ne berɛsofoɔ mu. Ɔyɛɛ Onyankopɔn apɛdeɛ.
10 ১০ চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল।
Noa woo mmammarima baasa na wɔn din de Sem, Ham ne Yafet.
11 ১১ সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
Na bɔne ahyɛ asase so ma a amumuyɛsɛm adɔɔso.
12 ১২ ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে।
Onyankopɔn hunuu saa bɔne yi nyinaa wɔ asase so, hunuu awurukasɛm ne amumuyɛsɛm, afanan nyinaa nso.
13 ১৩ ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।
Enti, Onyankopɔn ka kyerɛɛ Noa sɛ, “Esiane sɛ nnipa ama basabasa aba asase so enti, mɛsɛe nnipa ne asase a wɔte so no nyinaa.
14 ১৪ তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে লিপি দিবা।
Fa ɔwawa dua yɛ adaka. Yɛ adan wɔ Adaka no mu, na fa ama ka emu ne akyire nyinaa.
15 ১৫ জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত।
Sei na ɛsɛ sɛ woyɛ no: ma ne tenten nyɛ anammɔn ahanan aduonum, ne trɛ anammɔn aduɔson enum, na ne ɔsorokɔ nso nyɛ anammɔn aduanan enum.
16 ১৬ জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা;
Bɔ adaka no so. Ma ne ɔsorokɔ nyɛ bɛyɛ sɛ nsateakwaa dunwɔtwe. Fa ɛpono to adaka no nkyɛn, na yɛ nsamsoɔ mmiɛnsa; deɛ ɛdi ɛkan, deɛ ɛda ntam ne deɛ ɛwɔ soro.
17 ১৭ আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব।
Tie! Mede nsuyire bɛkata asase so nyinaa, na mede asɛe abɔdeɛ a nkwa wɔ mu; biribiara a nkwa wɔ mu no, ne nyinaa bɛwuwu.
18 ১৮ কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব।
Na wo deɛ, me ne wo bɛyɛ apam; na wo, wo mmammarima, wo yere ne wo mmammarima yerenom nyinaa ne wo bɛba Adaka no mu.
19 ১৯ তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেকবিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা।
Ɛsɛ sɛ wode abɔdeɛ a nkwa wɔ mu nyinaa, mmienu mmienu a, ɛyɛ onini ne ɔbereɛ a, wo ne wɔn bɛtena adaka no mu nsuyire berɛ no a, wɔnwuwuo.
20 ২০ বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা।
Nnomaa ahodoɔ biara mmienu, mmoa biara mmienu, ne abɔdeɛ biara a ɛwea asase so mmienu bɛba wo nkyɛn, na woahwɛ wɔn, na wɔanwuwu.
21 ২১ তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।”
Afei, fa nnuane ahodoɔ a, wɔdie na kora. Ɛno na ɛbɛyɛ wo ne wɔn nnuane a mobɛdi.”
22 ২২ তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।
Noa yɛɛ biribiara pɛpɛɛpɛ, sɛdeɛ Onyankopɔn ka kyerɛɛ no sɛ ɔnyɛ no.