< আদিপুস্তক 6 >

1 এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল।
Anthu atayamba kuchuluka pa dziko lapansi ndi kubereka ana aakazi,
2 ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
ana aamuna a Mulungu anaona kuti ana aakazi a anthuwo anali okongola. Ndipo anakwatira aliyense amene anamusankha.
3 এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”
Tsono Yehova anati, “Sindilola kuti chipwirikiti chikuchitikachi chipitirire mpaka muyaya, pakuti iye ndi munthu; masiku a moyo wake adzakhala zaka 120.”
4 সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল।
Masiku amenewo komanso pambuyo pake, pa dziko lapansi panali Anefili, anthu amphamvu ndiponso otchuka. Anthuwa ndi amene ankabadwa ana a Mulungu aja atakwatira ana aakazi a anthu.
5 যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
Pamene Yehova anaona kuti kuyipa kwa munthu pa dziko lapansi kunali kwakukulu ndi kuti nthawi zonse amalingalira ndi kukhumbira kuchita zoyipa zokhazokha,
6 পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।
Yehova anamva chisoni kuti analenga munthu ndi kumuyika pa dziko lapansi, ndipo anawawidwa mtima.
7 সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”
Choncho Yehova anati, “Ndidzafafaniza munthu, nyama, zonse zokwawa, ndi mbalame za mu mlengalenga pa dziko lapansi, pakuti ndikumva chisoni kuti ndinazilenga zimenezi.”
8 কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।
Koma Yehova anamukomera mtima Nowa.
9 এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল।
Mbiri ya Nowa inali yotere: Nowa anali munthu wolungama ndi wopanda tchimo pakati pa anthu a mʼbado wake. Ndipo anayenda ndi Mulungu.
10 ১০ চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল।
Nowa anabereka ana aamuna atatu: Semu, Hamu ndi Yafeti.
11 ১১ সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
Chiwawa chinadzaza pa dziko lapansi kotero kuti dziko linakhala lowonongeka pamaso pa Mulungu.
12 ১২ ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে।
Mulungu atayangʼana, anaona kuti dziko layipadi chifukwa cha makhalidwe oyipa a anthu onse pa dziko lapansi.
13 ১৩ ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।
Ndipo Mulungu anati kwa Nowa, “Ndatsimikiza mtima kuti ndiwononge anthu onse, pakuti dziko lapansi ladzaza ndi ntchito zawo zoyipa. Ndithudi ndiwawononga pamodzi ndi zonse za pa dziko.
14 ১৪ তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে লিপি দিবা।
Tsono udzipangire chombo cha matabwa a mtengo wanjale; mʼkati mwake upange zipinda ndipo upake phula mʼkati ndi kunja.
15 ১৫ জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত।
Uchipange motere: Chombo chikhale mamita 140 mulitali, mamita 23 mulifupi ndi mamita 13 mu msinkhu wake.
16 ১৬ জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা;
Uchipangire denga ndi kuchimaliza ndi zenera la masentimita makumi asanu. Uyike khomo mʼmbali mwa chombocho ndi kupanga zipinda zosanjikana; chapansi, chapakati ndi chapamwamba.
17 ১৭ আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব।
Ndidzagwetsa mvula ya chigumula pa dziko lapansi kuti ndiwononge zamoyo zonse za pansi pa thambo ndipo chilichonse cha pa dziko lapansi chidzafa.
18 ১৮ কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব।
Koma ndidzachita pangano langa ndi iwe. Iwe, ana ako aamuna, mkazi wako ndi akazi a ana ako nonse mudzalowa mʼchombocho.
19 ১৯ তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেকবিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা।
Iwe udzalowa mʼchombocho ndi zolengedwa zamoyo zonse ziwiriziwiri, chachimuna ndi chachikazi, kuti zisungike ndi moyo pamodzi ndi iwe.
20 ২০ বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা।
Udzatenga ziwiriziwiri za mitundu yonse ya mbalame, mitundu yonse ya nyama, ndi mitundu yonse ya zokwawa kuti zikhale ndi moyo.
21 ২১ তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।”
Udzatengenso chakudya cha mtundu uliwonse ndi kuchisunga kuti inu ndi nyamazo muzidzadya.”
22 ২২ তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।
Nowa anachita zonse monga Mulungu anamulamulira.

< আদিপুস্তক 6 >

The World is Destroyed by Water
The World is Destroyed by Water