< আদিপুস্তক 49 >
1 ১ পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
१फिर याकूब ने अपने पुत्रों को यह कहकर बुलाया, इकट्ठे हो जाओ, मैं तुम को बताऊँगा, कि अन्त के दिनों में तुम पर क्या-क्या बीतेगा।
2 ২ হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।
२हे याकूब के पुत्रों, इकट्ठे होकर सुनो, अपने पिता इस्राएल की ओर कान लगाओ।
3 ৩ হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
३“हे रूबेन, तू मेरा जेठा, मेरा बल, और मेरे पौरूष का पहला फल है; प्रतिष्ठा का उत्तम भाग, और शक्ति का भी उत्तम भाग तू ही है।
4 ৪ তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।
४तू जो जल के समान उबलनेवाला है, इसलिए दूसरों से श्रेष्ठ न ठहरेगा; क्योंकि तू अपने पिता की खाट पर चढ़ा, तब तूने उसको अशुद्ध किया; वह मेरे बिछौने पर चढ़ गया।
5 ৫ চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।
५शिमोन और लेवी तो भाई-भाई हैं, उनकी तलवारें उपद्रव के हथियार हैं।
6 ৬ মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।
६हे मेरे जीव, उनके मर्म में न पड़, हे मेरी महिमा, उनकी सभा में मत मिल; क्योंकि उन्होंने कोप से मनुष्यों को घात किया, और अपनी ही इच्छा पर चलकर बैलों को पंगु बनाया।
7 ৭ সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।
७धिक्कार उनके कोप को, जो प्रचण्ड था; और उनके रोष को, जो निर्दय था; मैं उन्हें याकूब में अलग-अलग और इस्राएल में तितर-बितर कर दूँगा।
8 ৮ হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তান সকলে তোমাৰ আগত প্ৰণিপাত কৰিব।
८हे यहूदा, तेरे भाई तेरा धन्यवाद करेंगे, तेरा हाथ तेरे शत्रुओं की गर्दन पर पड़ेगा; तेरे पिता के पुत्र तुझे दण्डवत् करेंगे।
9 ৯ যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, শক্তিশালী সিংহৰ দৰে শুইছে; কোনে তাক জগাব?
९यहूदा सिंह का बच्चा है। हे मेरे पुत्र, तू अहेर करके गुफा में गया है वह सिंह अथवा सिंहनी के समान दबकर बैठ गया; फिर कौन उसको छेड़ेगा।
10 ১০ চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
१०जब तक शीलो न आए तब तक न तो यहूदा से राजदण्ड छूटेगा, न उसके वंश से व्यवस्था देनेवाला अलग होगा; और राज्य-राज्य के लोग उसके अधीन हो जाएँगे।
11 ১১ সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।
११वह अपने जवान गदहे को दाखलता में, और अपनी गदही के बच्चे को उत्तम जाति की दाखलता में बाँधा करेगा; उसने अपने वस्त्र दाखमधु में, और अपना पहरावा दाखों के रस में धोया है।
12 ১২ তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।
१२उसकी आँखें दाखमधु से चमकीली और उसके दाँत दूध से श्वेत होंगे।
13 ১৩ জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।
१३जबूलून समुद्र तट पर निवास करेगा, वह जहाजों के लिये बन्दरगाह का काम देगा, और उसका परला भाग सीदोन के निकट पहुँचेगा
14 ১৪ ইচাখৰ বলৱান গাধ; সি দুটা গঁৰালৰ মাজত শোৱে।
१४इस्साकार एक बड़ा और बलवन्त गदहा है, जो पशुओं के बाड़ों के बीच में दबका रहता है।
15 ১৫ সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
१५उसने एक विश्रामस्थान देखकर, कि अच्छा है, और एक देश, कि मनोहर है, अपने कंधे को बोझ उठाने के लिये झुकाया, और बेगारी में दास का सा काम करने लगा।
16 ১৬ দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
१६दान इस्राएल का एक गोत्र होकर अपने जातिभाइयों का न्याय करेगा।
17 ১৭ দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
१७दान मार्ग में का एक साँप, और रास्ते में का एक नाग होगा, जो घोड़े की नली को डसता है, जिससे उसका सवार पछाड़ खाकर गिर पड़ता है।
18 ১৮ হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।
१८हे यहोवा, मैं तुझी से उद्धार पाने की बाट जोहता आया हूँ।
19 ১৯ গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
१९गाद पर एक दल चढ़ाई तो करेगा; पर वह उसी दल के पिछले भाग पर छापा मारेगा।
20 ২০ আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।
२०आशेर से जो अन्न उत्पन्न होगा वह उत्तम होगा, और वह राजा के योग्य स्वादिष्ट भोजन दिया करेगा।
21 ২১ নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়।
२१नप्ताली एक छूटी हुई हिरनी है; वह सुन्दर बातें बोलता है।
22 ২২ যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
२२यूसुफ बलवन्त लता की एक शाखा है, वह सोते के पास लगी हुई फलवन्त लता की एक शाखा है; उसकी डालियाँ दीवार पर से चढ़कर फैल जाती हैं।
23 ২৩ ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;
२३धनुर्धारियों ने उसको खेदित किया, और उस पर तीर मारे, और उसके पीछे पड़े हैं।
24 ২৪ কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা।
२४पर उसका धनुष दृढ़ रहा, और उसकी बाँह और हाथ याकूब के उसी शक्तिमान परमेश्वर के हाथों के द्वारा फुर्तीले हुए, जिसके पास से वह चरवाहा आएगा, जो इस्राएल की चट्टान भी ठहरेगा।
25 ২৫ কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব।
२५यह तेरे पिता के उस परमेश्वर का काम है, जो तेरी सहायता करेगा, उस सर्वशक्तिमान का जो तुझे ऊपर से आकाश में की आशीषें, और नीचे से गहरे जल में की आशीषें, और स्तनों, और गर्भ की आशीषें देगा।
26 ২৬ মোৰ পূর্বপুৰুষসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।
२६तेरे पिता के आशीर्वाद मेरे पितरों के आशीर्वादों से अधिक बढ़ गए हैं और सनातन पहाड़ियों की मनचाही वस्तुओं के समान बने रहेंगे वे यूसुफ के सिर पर, जो अपने भाइयों से अलग किया गया था, उसी के सिर के मुकुट पर फूले फलेंगे।
27 ২৭ বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”
२७बिन्यामीन फाड़नेवाला भेड़िया है, सवेरे तो वह अहेर भक्षण करेगा, और साँझ को लूट बाँट लेगा।”
28 ২৮ এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।
२८इस्राएल के बारहों गोत्र ये ही हैं और उनके पिता ने जिस-जिस वचन से उनको आशीर्वाद दिया, वे ये ही हैं; एक-एक को उसके आशीर्वाद के अनुसार उसने आशीर्वाद दिया।
29 ২৯ পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।
२९तब उसने यह कहकर उनको आज्ञा दी, “मैं अपने लोगों के साथ मिलने पर हूँ: इसलिए मुझे हित्ती एप्रोन की भूमिवाली गुफा में मेरे बापदादों के साथ मिट्टी देना,
30 ৩০ সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।
३०अर्थात् उसी गुफा में जो कनान देश में मम्रे के सामने वाली मकपेला की भूमि में है; उस भूमि को अब्राहम ने हित्ती एप्रोन के हाथ से इसलिए मोल लिया था, कि वह कब्रिस्तान के लिये उसकी निज भूमि हो।
31 ৩১ সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।
३१वहाँ अब्राहम और उसकी पत्नी सारा को मिट्टी दी गई थी; और वहीं इसहाक और उसकी पत्नी रिबका को भी मिट्टी दी गई; और वहीं मैंने लिआ को भी मिट्टी दी।
32 ৩২ সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”
३२वह भूमि और उसमें की गुफा हित्तियों के हाथ से मोल ली गई।”
33 ৩৩ এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
३३याकूब जब अपने पुत्रों को यह आज्ञा दे चुका, तब अपने पाँव खाट पर समेट प्राण छोड़े, और अपने लोगों में जा मिला।