< আদিপুস্তক 48 >
1 ১ এইবোৰ ঘটনা ঘটি যোৱাৰ পাছত কোনো এজনে আহি যোচেফক ক’লে, “চোৱা, তোমাৰ পিতৃ নৰিয়াত পৰিছে।” সেয়ে তেওঁ তেওঁৰ দুজন পুত্ৰ, মনচি আৰু ইফ্ৰয়িমক লগত লৈ পিতৃৰ ওচৰলৈ গ’ল।
После јавише Јосифу: Ено, отац ти је болестан. А он поведе са собом два сина своја, Манасију и Јефрема.
2 ২ যেতিয়া যোচেফ গৈ পালে, তেতিয়া কোনো এজনে আহি যাকোবক ক’লে, “চাওক, আপোনাৰ পুত্ৰ যোচেফে আপোনাক চাবলৈ ওচৰলৈ আহিছে।” তেতিয়া ইস্ৰায়েলে বল পালে আৰু শয্যাত উঠি বহিল।
И јавише Јакову и рекоше: Ево син твој Јосиф иде к теби. А Израиљ се окрепи, те седе на постељи својој.
3 ৩ তেতিয়া যাকোবে যোচেফক ক’লে, “সৰ্ব্বশক্তিমান ঈশ্বৰে কনান দেশৰ লুজত মোক দৰ্শন দিলে,
И рече Јаков Јосифу: Бог Свемогући јави се мени у Лузу у земљи хананској, и благослови ме;
4 ৪ আৰু তেওঁ মোক আশীৰ্ব্বাদ কৰি ক’লে, ‘চোৱা মই তোমাক বহুবংশ কৰিম আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম। মই তোমাৰ পৰাই জাতি সমূহ উৎপন্ন কৰিম আৰু চিৰকাল অধিকাৰ কৰিবৰ অৰ্থে মই তোমাৰ ভাবী-বংশক এই দেশ দিম।
И рече ми: Учинићу те да нарастеш и намножиш се; и учинићу од тебе мноштво народа, и даћу земљу ову семену твом након тебе да је њихова до века.
5 ৫ মই মিচৰত তোমাৰ ওচৰলৈ অহাৰ আগতে তোমাৰ যি দুজন পুত্ৰ মিচৰ দেশত জন্মিছে, তেওঁলোকো মোৰেই। ৰূবেণ আৰু চিমিয়োনৰ দৰে ইফ্ৰয়িম আৰু মনচি মোৰেই হ’ব।
Сада дакле два сина твоја, што ти се родише у земљи мисирској пре него дођох к теби у Мисир, моји су, Јефрем и Манасија као Рувим и Симеун нека буду моји.
6 ৬ তেওঁলোকৰ পাছত তোমাৰ যি সন্তান জন্ম হ’ব, সেই সন্তান সকল হ’লে তোমাৰ হ’ব। সেই দুজন ভায়েক-ককায়েকৰ নাম অনুসাৰেই তেওঁলোকৰ অধিকাৰত তেওঁলোক প্ৰখ্যাত হ’ব।
А деца коју родиш после њих, нека буду твоја и нека се по имену браће своје зову у наследству свом.
7 ৭ কিন্তু মোৰ হ’লে, যেতিয়া মই পদ্দনৰ পৰা আহি আছিলোঁ, তেতিয়া ইফ্ৰাথ পাবলৈ কিছু সময় থাকোতেই কনান দেশৰ বাটত ৰাহেল মৰিল। মই বাটত আহি থাকোতেই ইফ্ৰাথ তেওঁক মৈদাম দিলোঁ।”
Јер кад се вратих из Падана, умре ми Рахиља у земљи хананској на путу, кад беше још мало до Ефрате; и погребох је на путу у Ефрату, а то је Витлејем.
8 ৮ পাছত ইস্ৰায়েলে যেতিয়া যোচেফৰ পুত্ৰ দুজনক দেখিলে, তেতিয়া তেওঁ সুধিলে, “এওঁলোক কোন?”
А виде Израиљ синове Јосифове, рече: Ко су ови?
9 ৯ তাতে যোচেফে তেওঁৰ পিতৃক ক’লে, “ঈশ্বৰে এই ঠাইত মোক দিয়া, এওঁলোক মোৰ পুত্ৰ।” তেতিয়া ইস্ৰায়েলে তেওঁক ক’লে, “তেওঁলোকক মোৰ ওচৰলৈ লৈ আহা, মই তেওঁলোকক আশীৰ্ব্বাদ দিওঁ।”
А Јосиф рече оцу свом: Моји синови, које ми Бог даде овде. А он рече: Доведи их к мени, да их благословим.
10 ১০ বৃদ্ধ হৈ অহাৰ কাৰণে ইস্ৰায়েলৰ চকু দুৰ্ব্বল হৈ পৰিছিল, সেয়ে তেওঁ ভালদৰে দেখা পোৱা নাছিল। পাছত যোচেফে তেওঁলোকক তেওঁৰ ওচৰলৈ লৈ আহিল, তেতিয়া তেওঁ তেওঁলোকক চুমা খালে, আৰু সাবট মাৰি ধৰিলে।
А очи беху Израиљу отежале од старости, те не могаше добро видети. А кад му их приведе, целива их и загрли.
11 ১১ ইস্ৰায়েলে যোচেফক ক’লে, “মই ভাবিছিলোঁ তোমাৰ মুখকেই দেখিবলৈ নাপাম; কিন্তু চোৱা, ঈশ্বৰে মোক তোমাৰ সন্তানকো দেখুৱালে।”
И рече Израиљ Јосифу: Нисам мислио да ћу видети лице твоје; а гле, Бог ми даде да видим и пород твој.
12 ১২ তেতিয়া যোচেফে ইস্ৰায়েলৰ আঠু দুটাৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিলে, আৰু মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
А Јосиф одмаче их од колена његових и поклони се лицем до земље.
13 ১৩ যোচেফে তেওঁলোক দুয়োকো ইস্ৰায়েলৰ ওচৰলৈ আনিলে। ইফ্ৰয়িমক তেওঁৰ সোঁ হাতেৰে ধৰি ইস্ৰায়েলৰ বাওঁহাতলৈ, আৰু মনচিক তেওঁৰ বাওঁ হাতেৰে ধৰি ইস্ৰায়েলৰ সোঁহাতলৈ লৈ আহিল।
Па их узе Јосиф обојицу, Јефрема себи с десне стране а Израиљу с леве, Манасију пак себи с леве стране а Израиљу с десне; и тако их примаче к њему.
14 ১৪ কিন্তু ইস্ৰায়েলে তেওঁৰ সোঁ হাত মেলি ইফ্ৰয়িম সৰুটোৰ মুৰত, আৰু বাওঁ হাত মনচিৰ মুৰত দিলে; তেওঁ বুজিবাজি হাত দিলে; কিয়নো মনচি জেষ্ঠ পুত্ৰ।
А Израиљ пруживши десну руку своју метну је на главу Јефрему млађем, а леву на главу Манасији, тако наместивши руке навлаш, ако и јесте Манасија био првенац.
15 ১৫ পাছত তেওঁ যোচেফক আশীৰ্ব্বাদ কৰি ক’লে, “যি ঈশ্বৰৰ সাক্ষাতে মোৰ ওপৰপিতৃ অব্ৰাহাম আৰু ইচহাক চলিছিল, যি ঈশ্বৰে পূৰ্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে,
И благослови Јосифа говорећи: Бог, коме су свагда угађали оци моји Аврам и Исак, Бог, који ме је хранио од како сам постао до данашњег дана,
16 ১৬ যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।”
Анђео, који ме је избављао од сваког зла, да благослови децу ову, и да се по мом имену и по имену отаца мојих Аврама и Исака прозову, и да се као рибе намноже на земљи!
17 ১৭ পাছত যোচেফে তেওঁৰ বাপেকৰ সোঁ হাত ইফ্ৰয়িমৰ মূৰত দেখি অসন্তোষ পালে; তাতে তেওঁ ইফ্ৰয়িমৰ মূৰৰ পৰা মনচি মূৰত দিবলৈ, বাপেকৰ হাত দাঙি বাপেকক ক’লে,
А Јосиф кад виде где отац метну десну руку своју на главу Јефрему, не би му мило, па ухвати за руку оца свог да је премести с главе Јефремове на главу Манасијину.
18 ১৮ “এনে নহয় পিতৃ; কিয়নো এওঁহে জ্যেষ্ঠ; এওঁৰেই মূৰত আপোনাৰ সোঁ হাত দিয়ক।”
И рече Јосиф оцу свом: Не тако, оче; ово је првенац, метни десницу њему на главу.
19 ১৯ কিন্তু এই কথাত তেওঁৰ পিতৃ অমান্তি হ’ল আৰু ক’লে, “মোৰ পুত্ৰ মই জানো; মই জানিছোঁ। তেৱোঁ এক জাতি হ’ব আৰু এৱোঁ মহান হ’ব, তথাপিও ইয়াৰ সৰু ভায়েক হ’লে, ইয়াতকৈয়ো মহান হ’ব, আৰু তেওঁৰ বংশই জাতি সমূহৰ মাজত বৃদ্ধি হৈ যাব।”
Али отац његов не хте, него рече: Знам, сине, знам; и од њега ће постати народ, и он ће бити велик; али ће млађи брат његов бити већи од њега, и семе ће његово бити велико мноштво народа.
20 ২০ তেওঁলোকক সেইদিনাই তেওঁ আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “ইস্ৰায়েলৰ লোকসকলে আশীৰ্ব্বাদ কৰাৰ সময়ত তোমালোকৰ নাম ধৰি ক’ব, ‘ঈশ্বৰে তোমাক ইফ্ৰয়িম আৰু মনচিৰ নিচিনা কৰক’।” এইদৰে তেওঁ মনচিতকৈ ইফ্ৰয়িমক অগ্ৰগণ্য কৰিলে।
И благослови их у онај дан и рече: Тобом ће Израиљ благосиљати говорећи: Бог да те учини као Јефрема и као Манасију. Тако постави Јефрема пред Манасију.
21 ২১ পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব।
После рече Израиљ Јосифу: Ево ја ћу скоро умрети; али ће Бог бити с вама и одвешће вас опет у земљу отаца ваших.
22 ২২ তোমাক মই তোমাৰ ভাই-ককাইসকলতকৈ অধিক দিলোঁ, মোৰ নিজ তৰোৱাল আৰু ধনুৰে ইমোৰীয়াসকলৰ পৰা যি পাহাৰ লৈছিলোঁ, সেয়া মই তোমাক বেচিকৈ দিছোঁ।”
И ја ти дајем један део више него браћи твојој, који узех из руку аморејских мачем својим и луком својим.