< আদিপুস্তক 47 >

1 যোচেফে ফৰৌণৰ ওচৰলৈ গৈ ক’লে, “মোৰ পিতৃ আৰু ভাই-ককাইসকলে তেওঁলোকৰ মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আদি যি যি আছিল সকলোকে লৈ কনান দেশৰ পৰা আহি পালে। তেওঁলোক এতিয়া গোচনত আছে।”
Da kam Joseph und sagte es Pharao an und sprach: Mein Vater und meine Brüder, ihr kleines und großes Vieh und alles, was sie haben, sind gekommen aus dem Lande Kanaan; und siehe sie sind im Lande Gosen.
2 ভাই-ককাইসকলৰ মাজৰ পাচঁজনক বাচি লৈ তেওঁ ফৰৌণৰ সৈতে পৰিচয় কৰাই দিলে।
Und er nahm aus allen seinen Brüdern fünf und stellte sie vor Pharao.
3 ফৰৌণে তেওঁলোকক সুধিলে, “আপোনালোকৰ জীৱিকা কি?” তেওঁলোকে ক’লে, “আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আপোনাৰ এই দাসবোৰ পশুপালক।”
Da sprach Pharao zu seinen Brüdern: Was ist eure Nahrung? Sie antworteten: Deine Knechte sind Viehhirten, wir und unsere Väter;
4 তেওঁলোকে পুনৰ ক’লে, “আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাসবোৰৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই; সেয়ে দয়া কৰি আপোনাৰ এই দাসবোৰক গোচনত থাকিবলৈ অনুমতি দিয়ক।”
und sagten weiter zu Pharao: Wir sind gekommen, bei euch zu wohnen im Lande; denn deine Knechte haben nicht Weide für ihr Vieh, so hart drückt die Teuerung das Land Kanaan; so laß doch nun deine Knechte im Lande Gosen wohnen.
5 ফৰৌণে যোচেফক ক’লে, “তোমাৰ পিতৃ আৰু তোমাৰ ভাই-ককাইসকল তোমাৰ ওচৰলৈ আহিল।
Pharao sprach zu Joseph: Es ist dein Vater und sind deine Brüder, die sind zu dir gekommen;
6 মিচৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই-ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া।”
das Land Ägypten steht dir offen, laß sie am besten Ort des Landes wohnen, laß sie im Lande Gosen wohnen; und so du weißt, daß Leute unter ihnen sind, die tüchtig sind, so setze sie über mein Vieh.
7 তাৰ পাছত যোচেফে তেওঁৰ পিতৃ যাকোবক আনি ফৰৌণৰ সন্মুখত উপস্থিত কৰিলে। তাতে যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰিলে।
Joseph brachte auch seinen Vater Jakob hinein und stellte ihn vor Pharao. Und Jakob segnete den Pharao.
8 ফৰৌণে যাকোবক সুধিলে, “আপোনাৰ বয়স কিমান হ’ল?”
Pharao aber fragte Jakob: Wie alt bist du?
9 যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।”
Jakob sprach: Die Zeit meiner Wallfahrt ist hundertdreißig Jahre; wenig und böse ist die Zeit meines Lebens und langt nicht an die Zeit meiner Väter in ihrer Wallfahrt.
10 ১০ তাৰ পাছত যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰি তাৰ পৰা ওলাই গ’ল।
Und Jakob segnete den Pharao und ging heraus von ihm.
11 ১১ যোচেফে তেওঁৰ পিতৃ আৰু ভাই-ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰৌণৰ আজ্ঞা অনুসাৰে, মিচৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিচেচৰ অঞ্চলত যোচেফে অধিকাৰ হিচাবে তেওঁলোকক বসতি কৰিবলৈ দিলে।
Aber Joseph schaffte seinem Vater und seinen Brüdern Wohnung und gab ihnen Besitz in Ägyptenland, am besten Ort des Landes, im Lande Raemses, wie Pharao geboten hatte.
12 ১২ যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।
Und er versorgte seinen Vater und seine Brüder und das ganze Haus seines Vaters mit Brot, einen jeglichen, nachdem er Kinder hatte.
13 ১৩ পাছত আকাল ইমান ভীষণ হ’ল যে, গোটেই দেশৰ কোনো ঠাইতে আহাৰ পাবলৈ নাইকিয়া হ’ল। আকালৰ কাৰণে মিচৰ আৰু কনান দেশ বিধ্বস্ত হৈ পৰিল।
Es war aber kein Brot in allen Landen; denn die Teuerung war sehr schwer, daß das Land Ägypten und Kanaan verschmachteten vor der Teuerung.
14 ১৪ মিচৰ আৰু কনান দেশৰ বাসিন্দাসকলৰ শস্য বিক্রী কৰি পোৱা যি ধন সেই দুই দেশত আছিল, যোচেফে তাক গোটাই ফৰৌণৰ ৰাজকাৰেঙলৈ আনিলে।
Und Joseph brachte alles Geld zusammen, das in Ägypten und Kanaan gefunden ward, um das Getreide, das sie kauften; und Joseph tat alles Geld in das Haus Pharaos.
15 ১৫ যেতিয়া মিচৰ আৰু কনান দেশৰ সকলো ধন শেষ হ’ল, তেতিয়া মিচৰীয়সকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “আমাক শস্য দিয়ক! আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি? কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ’ল?”
Da nun Geld gebrach im Lande Ägypten und Kanaan, kamen alle Ägypter zu Joseph und sprachen: Schaffe uns Brot! Warum läßt du uns vor dir sterben, darum daß wir ohne Geld sind?
16 ১৬ যোচেফে ক’লে, “তেনেহ’লে তোমালোকৰ পশুধনবোৰ মোক দিয়া; তোমালোকৰ ধন যদি শেষ হ’ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম।”
Joseph sprach: Schafft euer Vieh her, so will ich euch um das Vieh geben, weil ihr ohne Geld seid.
17 ১৭ তেতিয়া লোকসকলে তেওঁলোকৰ সকলো পশুধন যোচেফৰ ওচৰলৈ আনিবলৈ ধৰিলে। ঘোঁৰা, মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আৰু গাধবোৰৰ সলনি তেওঁ তেওঁলোকক শস্য দিলে; এইদৰে পশুবোৰ লৈ যোচেফে সেই বছৰ তেওঁলোকলৈ আহাৰ যোগালে।
Da brachten sie Joseph ihr Vieh; und er gab ihnen Brot um ihre Pferde, Schafe, Rinder und Esel. Also ernährte er sie mit Brot das Jahr um all ihr Vieh.
18 ১৮ সেই বছৰ অন্ত হোৱাত, তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “প্রভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে, আমাৰ সকলো ধন শেষ হ’ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ’ল; এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই।
Da das Jahr um war, kamen sie zu ihm im zweiten Jahr und sprachen zu ihm: Wir wollen unserm Herrn nicht verbergen, daß nicht allein das Geld sondern auch alles Vieh dahin ist zu unserm Herrn; und ist nichts mehr übrig vor unserm Herrn denn unsre Leiber und unser Feld.
19 ১৯ মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ’ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰৌণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেই কাৰণে আমাক কিছুমান বীজো দিয়ক; তাতে আমাৰ মাটি ছন পৰি নাথাকিব।”
Warum läßt du uns vor dir sterben und unser Feld? Kaufe uns und unser Land ums Brot, daß wir und unser Land leibeigen seien dem Pharao; gib uns Samen, daß wir leben und nicht sterben und das Feld nicht wüst werde.
20 ২০ তেতিয়া যোচেফে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ বাবে কিনি ল’লে; আকাল ইমান বেছি হ’ল যে, মিচৰীয়সকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিব লগীয়া হ’ল। এইদৰে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ হ’ল।
Also kaufte Joseph dem Pharao das ganze Ägypten. Denn die Ägypter verkauften ein jeglicher seinen Acker, denn die Teuerung war zu stark über sie. Und ward also das Land Pharao eigen.
21 ২১ ফৰৌণৰ দাস হ’বৰ কাৰণে যোচেফে লোকসকলক মিচৰ দেশৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত তুলি আনিলে।
Und er teilte das Volk aus in die Städte, von einem Ende Ägyptens bis ans andere.
22 ২২ কেৱল পুৰোহিতসকলৰ মাটিহে যোচেফে নিকিনিলে; কিয়নো পুৰোহিতসকলে ফৰৌণৰ পৰা এক অংশ পায় আৰু তাৰেই তেওঁলোক চলে। সেয়ে তেওঁলোকে নিজৰ মাটি নেবেচিলে।
Ausgenommen der Priester Feld. Das kaufte er nicht; denn es war von Pharao für die Priester verordnet, daß sie sich nähren sollten von dem Verordneten, das er ihnen gegeben hatte; darum brauchten sie ihr Feld nicht zu verkaufen.
23 ২৩ তেতিয়া যোচেফে লোকসকলক ক’লে, “চোৱা, ফৰৌণৰ পক্ষে মই আজি তোমালোকক আৰু তোমালোকৰ মাটি কিনি ললোঁ। এতিয়া এয়া বীজ তোমালোকে লোৱা আৰু গৈ নিজৰ মাটিত খেতি কৰা।
Da sprach Joseph zu dem Volk: Siehe, ich habe heute gekauft euch und euer Feld dem Pharao; siehe, da habt ihr Samen und besäet das Feld.
24 ২৪ শস্য চপোৱাৰ পাছত শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণক অৱশ্যেই দিবা; বাকি চাৰিভাগ হ’লে, মাটিৰ বীজৰ কাৰণে আৰু তোমালোকৰ নিজৰ ও পৰিয়ালৰ সকলো ল’ৰা-ছোৱালীবোৰৰ আহাৰৰ কাৰণে ৰাখিবা।”
Und von dem Getreide sollt ihr den Fünften geben; vier Teile sollen euer sein, zu besäen das Feld und zu eurer Speise und für euer Haus und eure Kinder.
25 ২৫ তেওঁলোকে ক’লে, “আপুনি আমাৰ প্ৰাণ ৰক্ষা কৰিলে। আপোনাৰ দৃষ্টিত দয়া পালে আমি ফৰৌণৰ দাস হৈ থাকিম।”
Sie sprachen: Du hast uns am Leben erhalten; laß uns nur Gnade finden vor dir, unserm Herrn, so wollen wir gerne Pharao leibeigen sein.
26 ২৬ পাছত যোচেফে মিচৰৰ ভূমি সম্বন্ধে এই ব্যৱস্থা স্থাপন কৰিলে যে, সকলো শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণৰ হ’ব। এইটো ব্যৱস্থা মিচৰ দেশত আজিলৈকে চলি আছে; কেৱল পুৰোহিতসকলৰ মাটিহে ফৰৌণৰ নহ’ল।
Also machte Joseph ihnen ein Gesetz bis auf diesen Tag über der Ägypter Feld, den Fünften Pharao zu geben; ausgenommen der Priester Feld, das ward dem Pharao nicht eigen.
27 ২৭ ইস্ৰায়েলে মিচৰ দেশৰ গোচনত বাস কৰিবলৈ ধৰিলে। সেই ঠাই অধিকাৰ কৰি তেওঁলোক বহুবংশ হ’ল আৰু অতিশয়ৰূপে বৃদ্ধি পালে।
Also wohnte Israel in Ägypten im Lande Gosen, und hatten's inne und wuchsen und mehrten sich sehr.
28 ২৮ মিচৰ দেশত যাকোবে সোঁতৰ বছৰ জীয়াই থাকিল। সেয়ে, তেওঁ সৰ্ব্বমুঠ এশ সাতচল্লিশ বছৰ জীয়াই আছিল।
Und Jakob lebte siebzehn Jahre in Ägyptenland, daß sein ganzes Alter ward hundertsiebenundvierzig Jahre.
29 ২৯ ইস্ৰায়েলৰ মৃত্যুৰ সময় ওচৰ হোৱাত, তেওঁ নিজ পুত্ৰ যোচেফক মাতি আনি ক’লে, “তোমাৰ অনুগ্ৰহ যদি মোলৈ হয়, মোৰ কৰঙনৰ তলত তোমাৰ হাত ৰাখি মোক কথা দিয়া যে, তুমি মোৰ প্রতি বিশ্বাসী আৰু বিশ্বস্ত হৈ থাকিবা। অনুগ্রহ কৰি মোক মিচৰত মৈদাম নিদিবা।
Da nun die Zeit herbeikam, daß Israel sterben sollte, rief er seinen Sohn Joseph und sprach zu ihm: Habe ich Gnade vor dir gefunden, so lege deine Hand unter meine Hüfte, daß du mir die Liebe und Treue an mir tust und begrabest mich nicht in Ägypten;
30 ৩০ কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।” যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।”
sondern ich will liegen bei meinen Vätern, und du sollst mich aus Ägypten führen und in ihrem Begräbnis begraben. Er sprach: Ich will tun, wie du gesagt hast.
31 ৩১ ইস্রায়েলে পুনৰায় ক’লে, “মোৰ ওচৰত শপত খোৱা।” তেতিয়া যোচেফে যাকোবৰ ওচৰত শপত খালে। তাৰ পাছত ইস্ৰায়েল শয্যাৰ মূৰৰ শিতানত মূৰ দোঁৱাই পৰিল।
Er aber sprach: So schwöre mir. Und er schwur ihm. Da neigte sich Israel zu Häupten des Bettes.

< আদিপুস্তক 47 >