< আদিপুস্তক 47 >
1 ১ যোচেফে ফৰৌণৰ ওচৰলৈ গৈ ক’লে, “মোৰ পিতৃ আৰু ভাই-ককাইসকলে তেওঁলোকৰ মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আদি যি যি আছিল সকলোকে লৈ কনান দেশৰ পৰা আহি পালে। তেওঁলোক এতিয়া গোচনত আছে।”
A protož přišed Jozef, oznámil Faraonovi, a řekl: Otec můj a bratří moji, s drobným i větším dobytkem svým i se vším, což mají, přišli z země Kananejské, a aj, jsou v zemi Gesen.
2 ২ ভাই-ককাইসকলৰ মাজৰ পাচঁজনক বাচি লৈ তেওঁ ফৰৌণৰ সৈতে পৰিচয় কৰাই দিলে।
A vzav z počtu bratří svých pět mužů, postavil je před Faraonem.
3 ৩ ফৰৌণে তেওঁলোকক সুধিলে, “আপোনালোকৰ জীৱিকা কি?” তেওঁলোকে ক’লে, “আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আপোনাৰ এই দাসবোৰ পশুপালক।”
I řekl Farao bratřím jeho: Jaký jest obchod váš? Kteřížto odpověděli Faraonovi: Pastýři ovcí jsou služebníci tvoji, i my, i otcové naši.
4 ৪ তেওঁলোকে পুনৰ ক’লে, “আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাসবোৰৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই; সেয়ে দয়া কৰি আপোনাৰ এই দাসবোৰক গোচনত থাকিবলৈ অনুমতি দিয়ক।”
Řekli ještě Faraonovi: Abychom pohostinu byli v zemi této, přišli jsme; nebo není pastvy dobytku, kterýž mají služebníci tvoji, nebo hlad veliký jest v zemi Kananejské; protož nyní prosíme, nechať bydlí služebníci tvoji v zemi Gesen.
5 ৫ ফৰৌণে যোচেফক ক’লে, “তোমাৰ পিতৃ আৰু তোমাৰ ভাই-ককাইসকল তোমাৰ ওচৰলৈ আহিল।
I mluvil Farao Jozefovi, řka: Otec tvůj a bratří tvoji přišli k tobě.
6 ৬ মিচৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই-ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া।”
Země Egyptská před tebou jest; v nejlepším kraji země této osaď otce svého a bratří své, nechť bydlí v zemi Gesen. A srozumíš-li, že jsou mezi nimi muži rozšafní, ustanovíš je úředníky nad dobytkem, kterýž mám.
7 ৭ তাৰ পাছত যোচেফে তেওঁৰ পিতৃ যাকোবক আনি ফৰৌণৰ সন্মুখত উপস্থিত কৰিলে। তাতে যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰিলে।
Uvedl také Jozef Jákoba otce svého, a postavil ho před Faraonem; a pozdravil Jákob Faraona.
8 ৮ ফৰৌণে যাকোবক সুধিলে, “আপোনাৰ বয়স কিমান হ’ল?”
Tedy řekl Farao k Jákobovi: Kolik jest let života tvého?
9 ৯ যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।”
Odpověděl Jákob Faraonovi: Dnů let putování mého sto a třidceti let jest; nemnozí a zlí byli dnové let života mého, a nedošli dnů let života otců mých, v nichž živi byli.
10 ১০ তাৰ পাছত যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰি তাৰ পৰা ওলাই গ’ল।
A požehnav Jákob Faraona, vyšel od něho.
11 ১১ যোচেফে তেওঁৰ পিতৃ আৰু ভাই-ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰৌণৰ আজ্ঞা অনুসাৰে, মিচৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিচেচৰ অঞ্চলত যোচেফে অধিকাৰ হিচাবে তেওঁলোকক বসতি কৰিবলৈ দিলে।
I osadil Jozef otce svého a bratří své, a dal jim vládařství v zemi Egyptské v kraji výborném, v zemi Ramesses, jakž rozkázal Farao.
12 ১২ যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।
A opatroval Jozef otce svého, a bratří své, a všecken dům jeho chlebem, až do nejmenších.
13 ১৩ পাছত আকাল ইমান ভীষণ হ’ল যে, গোটেই দেশৰ কোনো ঠাইতে আহাৰ পাবলৈ নাইকিয়া হ’ল। আকালৰ কাৰণে মিচৰ আৰু কনান দেশ বিধ্বস্ত হৈ পৰিল।
A chleba nebylo ve vší zemi; nebo veliký hlad byl velmi, a trápení veliké bylo na zemi Egyptské a zemi Kananejské od hladu.
14 ১৪ মিচৰ আৰু কনান দেশৰ বাসিন্দাসকলৰ শস্য বিক্রী কৰি পোৱা যি ধন সেই দুই দেশত আছিল, যোচেফে তাক গোটাই ফৰৌণৰ ৰাজকাৰেঙলৈ আনিলে।
Shromáždil pak Jozef všecky peníze, což jich nalezeno v zemi Egyptské a v zemi Kananejské, za potravy, kteréž kupovali; a vnesl Jozef peníze do domu Faraonova.
15 ১৫ যেতিয়া মিচৰ আৰু কনান দেশৰ সকলো ধন শেষ হ’ল, তেতিয়া মিচৰীয়সকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “আমাক শস্য দিয়ক! আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি? কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ’ল?”
A když utratili peníze z země Egyptské a z země Kananejské, přicházeli všickni Egyptští k Jozefovi, řkouce: Dej nám chleba; nebo proč mříti máme před tebou pro nedostatek peněz?
16 ১৬ যোচেফে ক’লে, “তেনেহ’লে তোমালোকৰ পশুধনবোৰ মোক দিয়া; তোমালোকৰ ধন যদি শেষ হ’ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম।”
I řekl Jozef: Dejte dobytky své, a dám vám chleba za dobytky vaše, poněvadž se vám peněz nedostává.
17 ১৭ তেতিয়া লোকসকলে তেওঁলোকৰ সকলো পশুধন যোচেফৰ ওচৰলৈ আনিবলৈ ধৰিলে। ঘোঁৰা, মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আৰু গাধবোৰৰ সলনি তেওঁ তেওঁলোকক শস্য দিলে; এইদৰে পশুবোৰ লৈ যোচেফে সেই বছৰ তেওঁলোকলৈ আহাৰ যোগালে।
Tedy přivedli dobytky své k Jozefovi; i dal jim Jozef potrav za koně a za stáda ovcí, a za stáda volů i za osly; a přechoval je chlebem, za všecky dobytky jejich, toho roku.
18 ১৮ সেই বছৰ অন্ত হোৱাত, তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “প্রভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে, আমাৰ সকলো ধন শেষ হ’ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ’ল; এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই।
A po roce tom přišli k němu léta druhého, a řekli mu: Nebudeme tajiti před pánem svým, že jsme všecky peníze utratili, i stáda dobytků jsou u pána našeho; nezůstávají nám před pánem naším kromě těla naše a dědiny naše.
19 ১৯ মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ’ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰৌণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেই কাৰণে আমাক কিছুমান বীজো দিয়ক; তাতে আমাৰ মাটি ছন পৰি নাথাকিব।”
I proč máme mříti před očima tvýma? I my i rolí naše hyne. Kup nás i rolí naši za chléb, a budeme my i rolí naše ve službě Faraonovi; a dej nám semena, abychom živi byli a nezemřeli, a rolí aby nespustla.
20 ২০ তেতিয়া যোচেফে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ বাবে কিনি ল’লে; আকাল ইমান বেছি হ’ল যে, মিচৰীয়সকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিব লগীয়া হ’ল। এইদৰে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ হ’ল।
Tedy koupil Jozef všecku zemi Egyptskou Faraonovi; nebo prodali Egyptští jeden každý pole své, proto že se rozmohl mezi nimi hlad. I dostala se země Faraonovi.
21 ২১ ফৰৌণৰ দাস হ’বৰ কাৰণে যোচেফে লোকসকলক মিচৰ দেশৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত তুলি আনিলে।
Lid pak převedl do měst, od jednoho pomezí Egyptského až do druhého.
22 ২২ কেৱল পুৰোহিতসকলৰ মাটিহে যোচেফে নিকিনিলে; কিয়নো পুৰোহিতসকলে ফৰৌণৰ পৰা এক অংশ পায় আৰু তাৰেই তেওঁলোক চলে। সেয়ে তেওঁলোকে নিজৰ মাটি নেবেচিলে।
Rolí toliko kněžských nekoupil. Nebo kněží uloženou potravu měli od Faraona, a jedli z uložených pokrmů svých, kteréž dával jim Farao; protož neprodali rolí svých.
23 ২৩ তেতিয়া যোচেফে লোকসকলক ক’লে, “চোৱা, ফৰৌণৰ পক্ষে মই আজি তোমালোকক আৰু তোমালোকৰ মাটি কিনি ললোঁ। এতিয়া এয়া বীজ তোমালোকে লোৱা আৰু গৈ নিজৰ মাটিত খেতি কৰা।
I řekl Jozef lidu: Aj, koupil jsem vás dnes i rolí vaše Faraonovi; teď máte semeno, osívejtež tedy ji.
24 ২৪ শস্য চপোৱাৰ পাছত শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণক অৱশ্যেই দিবা; বাকি চাৰিভাগ হ’লে, মাটিৰ বীজৰ কাৰণে আৰু তোমালোকৰ নিজৰ ও পৰিয়ালৰ সকলো ল’ৰা-ছোৱালীবোৰৰ আহাৰৰ কাৰণে ৰাখিবা।”
A když se urodí, dáte pátý díl Faraonovi, a čtyři díly zůstavíte sobě k semenu a ku pokrmu svému a těm, kteříž jsou v domích vašich, i ku pokrmu dítkám svým.
25 ২৫ তেওঁলোকে ক’লে, “আপুনি আমাৰ প্ৰাণ ৰক্ষা কৰিলে। আপোনাৰ দৃষ্টিত দয়া পালে আমি ফৰৌণৰ দাস হৈ থাকিম।”
Tedy řekli: Zachoval jsi životy naše. Nechať nalezneme milost v očích pána svého, a budeme služebníci Faraonovi.
26 ২৬ পাছত যোচেফে মিচৰৰ ভূমি সম্বন্ধে এই ব্যৱস্থা স্থাপন কৰিলে যে, সকলো শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণৰ হ’ব। এইটো ব্যৱস্থা মিচৰ দেশত আজিলৈকে চলি আছে; কেৱল পুৰোহিতসকলৰ মাটিহে ফৰৌণৰ নহ’ল।
I ustanovil to Jozef za právo až do tohoto dne, po vší zemi Egyptské, aby dáván byl Faraonovi pátý díl; toliko samy rolí kněžské nebyly Faraonovy.
27 ২৭ ইস্ৰায়েলে মিচৰ দেশৰ গোচনত বাস কৰিবলৈ ধৰিলে। সেই ঠাই অধিকাৰ কৰি তেওঁলোক বহুবংশ হ’ল আৰু অতিশয়ৰূপে বৃদ্ধি পালে।
A tak bydlil Izrael v zemi Egyptské v krajině Gesen; a osadili se v ní, a rozplodili se, a rozmnoženi jsou velmi.
28 ২৮ মিচৰ দেশত যাকোবে সোঁতৰ বছৰ জীয়াই থাকিল। সেয়ে, তেওঁ সৰ্ব্বমুঠ এশ সাতচল্লিশ বছৰ জীয়াই আছিল।
Živ pak byl Jákob v zemi Egyptské sedmnácte let; a bylo dnů Jákobových, a let života jeho, sto čtyřidceti sedm let.
29 ২৯ ইস্ৰায়েলৰ মৃত্যুৰ সময় ওচৰ হোৱাত, তেওঁ নিজ পুত্ৰ যোচেফক মাতি আনি ক’লে, “তোমাৰ অনুগ্ৰহ যদি মোলৈ হয়, মোৰ কৰঙনৰ তলত তোমাৰ হাত ৰাখি মোক কথা দিয়া যে, তুমি মোৰ প্রতি বিশ্বাসী আৰু বিশ্বস্ত হৈ থাকিবা। অনুগ্রহ কৰি মোক মিচৰত মৈদাম নিদিবা।
I přiblížili se dnové Izraelovi, aby umřel. A povolav syna svého Jozefa, řekl jemu: Jestliže jsem nalezl milost v očích tvých, vlož, prosím, ruku svou pod bedro mé, a učiň se mnou milosrdenství a pravdu. Prosím, nepochovávej mne v Egyptě.
30 ৩০ কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।” যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।”
Když spáti budu s otci svými, vyneseš mne z Egypta, a pochováš mne v hrobě jejich. Tedy řekl jemu: Já učiním podlé slova tvého.
31 ৩১ ইস্রায়েলে পুনৰায় ক’লে, “মোৰ ওচৰত শপত খোৱা।” তেতিয়া যোচেফে যাকোবৰ ওচৰত শপত খালে। তাৰ পাছত ইস্ৰায়েল শয্যাৰ মূৰৰ শিতানত মূৰ দোঁৱাই পৰিল।
I řekl Jákob: Přisáhni mi. Tedy přisáhl jemu. I sklonil se Izrael k hlavám lůže.