< আদিপুস্তক 46 >
1 ১ ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে।
Un Israēls aizgāja ar visu, kas tam piederēja, un nāca uz Bēršebu un upurēja upurus sava tēva Īzaka Dievam.
2 ২ ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।”
Un Dievs runāja ar Israēli nakts parādīšanā un sacīja: Jēkab, Jēkab! Un tas sacīja: redzi, še es esmu.
3 ৩ ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম।
Tad viņš sacīja: Es esmu tas stiprais Dievs, tava tēva Dievs; nebīsties noiet uz Ēģipti, jo Es tevi tur celšu par lielu tautu.
4 ৪ মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুনৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।”
Es noiešu tev līdz uz Ēģiptes zemi un Es tevi vedin atkal atvedīšu, un Jāzepam būs ar savu roku tavas acis aizspiest.
5 ৫ তাৰ পাছত যাকোব বেৰ-চেবাৰ পৰা ৰাওনা হ’ল; ইস্ৰায়েলৰ পুত্রসকলে তেওঁলোকৰ পিতৃ যাকোবক আৰু তেওঁলোকৰ ভার্য্যাৰে সৈতে লৰা-ছোৱালীকবোৰক লৈ ফৰৌণে যাকোবক নিবৰ কাৰণে পঠোৱা বাহনবোৰত উঠি যাত্রা কৰিলে।
Tad Jēkabs cēlās no Bēršebas, un Israēla bērni veda Jēkabu, savu tēvu, un savus bērniņus un savas sievas uz ratiem, ko Faraons bija sūtījis, viņu vest.
6 ৬ যি সকলো পশুধন আৰু ধন-সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ যাকোব আৰু তেওঁৰ সকলো বংশধৰেই মিচৰ দেশ অভিমুখে যাত্ৰা কৰিলে।
Un tie ņēma savus lopus un savu mantu, ko tie bija sakrājuši Kanaāna zemē, un nāca uz Ēģipti, Jēkabs un viss viņa dzimums līdz ar viņu;
7 ৭ এইদৰে যাকোবে তেওঁৰ পুতেক-জীয়েক, নাতি-নাতিনী আৰু তেওঁৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিচৰ দেশলৈ গ’ল।
Viņa dēli un viņa dēlu dēli ar viņu, viņa meitas un viņa dēlu meitas un viss viņa dzimums, to viņš veda līdz uz Ēģiptes zemi.
8 ৮ ইস্ৰায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তান সকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ।
Un šie ir Israēla dēlu vārdi, kas nāca uz Ēģipti, Jēkabs un viņa dēli: Rūbens, Jēkaba pirmdzimtais.
9 ৯ ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
Un Rūbena dēli: Hanoks un Pallus un Hecrons un Karmus.
10 ১০ চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র।
Un Sīmeana dēli: Jemuels un Jamins un Oāds un Jaķins un Coārs un Sauls, vienas Kanaāniešu sievas dēls.
11 ১১ লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
Un Levja dēli: Geršons, Kehāts un Merarus.
12 ১২ যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল।
Un Jūda dēli: Ģers un Onans un Šelus, Perec un Zerus; un Ģers un Onans bija miruši Kanaāna zemē, - un Pereca dēli bija Hecrons un Hamuls.
13 ১৩ ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ।
Un Īsašara dēli: Tolus un Puūs un Jobs un Šimrons.
14 ১৪ জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল।
Un Zebulona dēli: Sereds un Elons un Jahleēls.
15 ১৫ জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল।
Šie ir Leas dēli, ko tā Jēkabam ir dzemdējusi Mezopotamijā, ar Dinu, viņa meitu; visas viņa dēlu un viņa meitu dvēseles bija trīsdesmit un trīs.
16 ১৬ গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী।
Un Gada dēli: Zifions un Hagaja, Šunus, Ecbons, Erus un Arodus un Arelus.
17 ১৭ আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল।
Un Ašera dēli: Jemnus un Ješvus, Jisvi un Berius un Zera, viņu māsa. Un Berius dēli: Hebers un Malķiēls.
18 ১৮ এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন।
Šie ir Zilfas bērni, ko Lābans Leai, savai meitai, bija devis; un tā dzemdēja Jēkabam šās sešpadsmit dvēseles.
19 ১৯ যাকোবৰ ভাৰ্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন।
Rahēles, Jēkaba sievas, dēli bija Jāzeps un Benjamins.
20 ২০ ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল।
Un Jāzepam dzima Ēģiptē Manasus un Efraīms, ko viņam dzemdēja Asnata, Potifera, Onna priestera, meita.
21 ২১ বিন্যামীনৰ পুত্র বেলা, বেখৰ, অচবেল, গেৰা, নামন, এহী, ৰোচ, মূপপীম, হুপপীম আৰু অৰ্দ।
Un Benjamina dēli: Belus un Beķers un Ašbels, Ģerus un Naāmans, Eķius un Ros, Mupims un Hupims un Ards.
22 ২২ এওঁলোক ৰাহেলে জন্ম দিয়া যাকোবৰ সন্তান; এওঁলোক আছিল সৰ্ব্বমুঠ চৌদ্ধ জন।
Šie ir Rahēles dēli, kas Jēkabam ir piedzimuši, - visi kopā četrpadsmit dvēseles.
24 ২৪ নপ্তালীৰ পুত্র যহচিয়েল, গূনী, যেচৰ, আৰু চিল্লেম।
Un Naftalus dēli: Jahceēls un Gunus un Jecers un Šillems.
25 ২৫ এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল।
Šie ir Bilhas dēli, ko Lābans savai meitai Rahēlei deva, un tā dzemdēja šos Jēkabam, - visi kopā bija septiņas dvēseles.
26 ২৬ পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন।
Visas dvēseles, kas ar Jēkabu uz Ēģipti nāca, kas no viņa gurniem cēlušās, bez Jēkaba dēlu sievām, visas dvēseles sešdesmit un sešas.
27 ২৭ মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল।
Un Jāzepa dēli, kas viņam Ēģiptes zemē dzimuši, bija divas dvēseles; visas dvēseles Jēkaba namā, kas uz Ēģipti nāca, bija septiņdesmit.
28 ২৮ যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে।
Un viņš sūtīja Jūdu savā priekšā pie Jāzepa, ka šis priekš viņa tam ierādītu Gošenes zemi; un tie nāca Gošenes zemē.
29 ২৯ যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে।
Tad Jāzeps iejūdza savus ratus un gāja savam tēvam Israēlim pretī uz Gošeni, un viņu ieraudzījis tas metās ap viņa kaklu un raudāja ilgi pie viņa kakla.
30 ৩০ ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।”
Un Israēls sacīja uz Jāzepu: nu es labprāt gribu mirt, kad tavu vaigu esmu redzējis, ka tu vēl esi dzīvs.
31 ৩১ তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে।
Un Jāzeps sacīja uz saviem brāļiem un uz sava tēva namu: es noiešu un to pasacīšu Faraonam un tam teikšu: mani brāļi un mana tēva nams, kas bija Kanaāna zemē, pie manis atnākuši.
32 ৩২ এই লোকসকল মেৰ-ছাগৰ ৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ-ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’।
Un tie vīri ir avju gani, jo tie ir lopu kopēji, un savus sīkos lopus un savus vēršus, un visu, kas tiem pieder, to tie atveduši.
33 ৩৩ তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’
Kad nu Faraons jūs aicinās un jautās, kas ir jūsu amats?
34 ৩৪ তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”
Tad sakāt: tavi kalpi ir lopu kopēji no mazām dienām līdz šim, tā pat mēs kā mūsu tēvi, lai jūs varat mist Gošenes zemē; jo ēģiptiešiem visi lopu gani bija negantība.